ভীমকলৰ চৰ্বত

……পম্পী শৰ্মা খাউণ্ড……..

ভীমকলৰ টেঙা মিঠা চৰ্বত

 ভীমকলৰ চৰ্বতে আমাৰ পেট ঠান্ডা ৰাখে আৰু শক্তি বঢ়াই |ভীমকলৰ চৰ্বত শৰীৰ কাৰণে উপযোগী এবিধ পানীয়।

উপকৰণ —–

ভীমকল —-৩/৪টা
ক’লা নিমখ /নিমখ—-জোখ অনুপাতে ।
চেনী —জোখ অনুপাতে ।
নেমু ৰস —–৪/৫ চামুচ
পানী —জোখ অনুপাতে

প্ৰণালী ——

প্ৰথমে ভীমকল কেইটা বাকলি গুচাই চকল চকলকৈ কাটি এটা বাউলত দিব ।লগত পানী দি ৪/৫ ঘন্টা মান সময় পানীত টিয়াই থব। এতিয়া ভীমকল খিনি এখন এখন হেতাৰে/ হাতেৰে ভালদৰে মোহাৰি ল’ব।  এতিয়া এখন চাকনিৰে ভীমকল খিনি চাকি ল’ব। এতিয়া প্ৰয়োজন অনুসৰি লগত নিমখ,চেনী,নেমুৰ ৰস, এইসকলোবোৰ বস্ত মিলাই লৈ ভালদৰে দৰে ঘুটি ল’ব। এতিয়া আইনাৰ গ্লাচত ধালি লৈ ওপৰত নেমু ,ভীমকল এচকল আৰু পুদিনা পাত দি সজাই লৈ পৰিৱেশন কৰক । স্বাস্থ্য সন্মত শক্তি দায়ক ভীমকলৰ শীতল পানীয়।

পম্পী শৰ্মা খাউণ্ড

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *