final episode

“ককটেইল The life” (সাতাইশ) (ধাৰাবাহিক উপন্যাস)

ধাৰাবাহিক উপন্যাস “ ককটেইল (cocktail) The life ” (সাতাইশ)

Assamese Novel cocktail

………ড° নয়না পাঠক শইকীয়া……….

 

মৌমিতাই পৰাগমণিৰ লগত উৰ্ব্বশীৰ কথাকে পাতি আছিল। পৰাগমণিয়ে ক’লে দেখিলা তোমাৰ ফৈদৰ গৰাকীও কেনেকৈ পিছ হোহোকা দিছে! তুমিহে বাৰে বাৰে তেওঁৰ কথাত excited হৈ যোৱা।
ঃ মইনো কেতিয়া excited হোৱা দেখিলা। তেওঁ মোৰ লগত পতা কথাখিনি কৈ থকা সময়ত পচন্দ হয় বাবে সঁ‌চাকৈ কৈ থকা বুলিয়ে ভাবো। ৰ’বা মই এদিন ফোণ কৰিম। তেওঁনো মোৰ লগত পাতি যোৱা কথাখিনিৰ উদ্দেশ্যে কিবা কামত আগবাঢ়িছে নে নাই সেইটো সুধিবলৈকেই ফোণ কৰিম।
ঃ কাম নাই তোমাৰ, অযথা কিয় তেওঁক সামৰি আগবাঢ়িছা, বাদ দিয়া। তেওঁ‌ক তেনেদৰে কামুৰি থকাৰ কিনো প্ৰয়োজন?
ঃ কিয়নো কামুৰি থাকিম, সুধিম হে তেওঁক।
ঃ সেইটোৱেইতো,আৰু বেলেগকৈ কি ক’ব লাগিছে।
ঃ মই এনেয়ে খবৰ কৰিম, তেওঁ নিজে clearification দিবইতো।
ঃ এহ থোৱা থোৱা, আমি এনেইও সদায় ইয়াত থকাৰ সম্ভাৱনা নাই, অইন এটা society লৈ গ’লে আৰু অইন মানুহো পাবা!
ঃ বুজিছো বাৰু কিন্ত আমিতো আজি কালিৰ ভিতৰতে থকা ঠাই নসলাও। গতিকে থকা সময় খিনিত কিবা কিবি ভাল কাম কৰি থাকিলে জানো বেয়া হ’ব।
ঃ হ’ব হ’ব যি কৰা কৰিবা, মাত্ৰ controversy ত সোমাই নপৰিবা।
পৰাগমণি office লৈ ওলাই যোৱাৰ পাছত মৌমিতাই উৰ্ব্বশী লৈ ফোণ কৰিবনে নকৰে চিন্তা কৰি চালে। অলপ সময় চিন্তা কৰি ফোণ কৰা টোকে ঠিক কৰি ফোণটো হাতত তুলি ল’লে।
ঃ বৌ, কি কৰিছে?

Follow us on Instagram  (ধাৰাবাহিক উপন্যাস)

ঃ মই কাম এটাত লাগি আছো যদিও তোমাক ফোণ কৰিম বুলি ভাবিয়ে আছিলো!
ঃ কিবা বিশেষ কথা আছিল নে কি?
ঃ নাই এনেয়ে আৰু!
ঃ বাৰু, মই আকৌ কিবা serious কথা আছে বুলি ভাবিলো।
ঃ নাই নাই বিশেষ একো নাই! সিদিনা ছায়াৰূপাক লগ পাইছিলো, মই কথাতো সুধিবহে পাহৰিলো।
ঃ হ’ব হ’ব একো নাই। আপুনি যদি দৰকাৰী বুলি ভাবে তেন্তে আগবাঢ়িব।
ঃ তাকেইতো চিন্তা কৰিছো। আচলতে আমি এগোট হ’ম বুলি ভবাৰ দিনা ঋতিকাক মই লগ ধৰি লৈ যাব পাৰিম। কিন্ত ৰোমাক মই লগ ধৰি লৈ গ’লে মন্তি হ’তে খুব বেয়া পাব জানা।
ঃ কেলেই আমিতো সকলোকে মাতিম। মাত্ৰ দুগৰাকী মানক অলপ আগতীয়া কৈ মাতিম মানে অলপ সময়ৰ ইফাল সিফাল।
ঃ ৰোমাই এনেয়ো মন্তিক সুধিবই। যিহেতু লতিকাই প্ৰথম মন্তিৰ লগতে তাইক চিনাকি কৰি দিছিল।
ঃ এহ আপুনিনো সেইখিনিও arrange কৰিব
নোৱাৰিব নে?
ঃ পৰাতো পাৰিম কিন্ত কথাতো অলপ বেয়া হয়।
ঃ ঠিক আছে আপুনি যদি পাৰে মোক ক’ব। নহ’লে মই নিজে পৰা খিনি কৰি চাম আৰু।
ঃ হ’ব দিয়া!
মৌমিতাই ফোণটো থৈ ভাবিলে এই মানুহগৰাকীৰ আচলতে নিজচ্চ কিবা আছে নে নাই! কাম কৰিব পৰা ক্ষমতা থাকিলেও আত্মবিশ্বাস একেবাৰে কম! আত্মবিশ্বাসৰ অভাৱত মানুহ গৰাকীয়ে নিজে বিচৰাৰ ধৰণে থাকিবলৈ সামান্যতমো চেষ্টা নকৰে। পৰাগমণিয়ে আচলতে মানুহগৰাকীৰ সেই দুৰ্বল দিশতো আগতেই ধৰা পেলাইছে। মৌমিতাই ভাবিলে ময়োতো জানো তেওঁৰ আত্মবিশ্বাসহীনতাৰ কথা, তথাপিও কোনোবাখিনিত ভাব হয় যে মানুহগৰাকীয়ে সহযোগ কৰিব। কিন্ত সেই ফোণকলতো কৰাৰ পাছত মৌমিতাই গ’ম পালে উৰ্ব্বশীৰ পৰা সেয়া আশা কৰাতো একেবাৰে ভুল হ’ব।

(আগলৈ)

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *