final episode

“ককটেইল The life” (উনত্ৰিশ) (ধাৰাবাহিক উপন্যাস)

ধাৰাবাহিক উপন্যাস “ ককটেইল (cocktail) The life ” (উনত্ৰিশ)

Assamese Novel cocktail

………ড° নয়না পাঠক শইকীয়া……….

ৰাতিপূৱাৰ পৰাই মৌমিতাৰ মনতো উগুল থুগুল হৈ থকাৰ কথাতো পৰাগমণিয়ে মন কৰি আছিল।
ঃ আজি কৰবালৈ যোৱাৰ plane নে, অইন কিবা? খুব উৎসাহিত হৈ থকা দেখিছো যে তোমাক।
ঃ জানো মোক দেখিলে তেনে যেন লাগিছে নে কি? হ’বও পাৰে মনতোত কিবা কিবি চলি থাকিলে বাহিৰতো ওলাই পৰে। অৱশ্যে ওলাই পৰিলে বুলিয়েই সকলোৱে ধৰিব নোৱাৰে। তুমি মানে মন কৰি আছা, মই বুজিছো।
ঃ বেয়া পাইছা নে কি?
ঃ সেইটো ভাল কথা। একেলগে দুজন মানুহ থাকিও যদি আনজনে ইজনৰ কথা একো উপলব্ধি কৰিব নোৱাৰে, তেন্তে তেনে সম্পৰ্কৰ সাৰ্থকতা নাথাকে। বাৰু বাদ দিয়া গভীৰ তত্ব গধুৰ কথা এইবোৰ। তোমাক আচলতে কোৱাৰ সুযোগে পোৱা নাই এইকেইদিন। যিটো গতিত তুমি ব্যস্ত হৈ আছা মই খালি ঠাই ভৰোৱাৰ প্ৰয়োজনে বোধ কৰা নাই। আমাৰ মানে মই ভাবি থকা মহিলা সমাজ খন সক্ৰিয় হ’বগৈ যেন পাইছো।
ঃ কেলেইনো এইবোৰত সোমাই পৰিলা। যেনেদৰে চলি আছে চলি থাকিব দিয়া। মিচাতে কিয়নো সাৰ্বজনীয় বিবাদৰ মাজত সোমাব লাগে!
ঃ বিবাদ হ’বই বুলিনো কেনেকৈ গ’ম পালা।

Follow us on Instagram  (ধাৰাবাহিক উপন্যাস)

ঃ ইমান দিনেনো কি দেখিছো, কি শুনিছো, তুমিয়ে কোৱাচোন।
ঃ দেখা শুনাবোৰ সলনি কৰিবলৈয়েতো এই প্ৰচেষ্ঠা। তুমি নিচিন্ত থাকা, বিশেষ একো বিবাদ হোৱাৰ সম্ভাৱনা নাই। সৰু সুৰা দুই এটা হ’লে চম্ভালি ল’ম।
ঃ তুমি অকলে অকলে ইমান বোৰ বোজা কিয় ল’ব লাগে।
ঃ মই আচলতে বোজা বুলি ভবা নাই। তদুপৰি মোৰ লগত মই আৰু দুগৰাকী মানক লৈ লৈছো। ৰোমা, উৰ্ব্বশী, ছায়াৰূপা ইত্যাদি ইত্যাদি। তোমাক পাছত ভালকৈ ক’ম।
ঃ মোক একো ক’ব নালাগে। মই মানুহবোৰ দেখিলেই অলপ হ’লেও অনুমান কৰিব পাৰো, তুমি জানাই চোন।
ঃ হ’ব হ’ব ইমান বুজাব নালাগে আৰু অকণো চিন্তাও কৰিব নালাগে। মাত্ৰ মই যিদিনা arrange কৰিম সেইদিনা তুমি অফিচৰ পৰা ঘূৰোতে বেছি লৰা লৰি কৰিব নালাগে। লাহে ধিৰে আহি থাকিবা।
ঃ মানে…………………? অফিচৰ পৰা দেৰীকৈ আহিব লাগে বুলি চিধাকৈ কোৱা আকৌ।
ঃ সেইটোৱই আৰু। কিন্ত দেৰীকৈনো কেনেকৈ আহিবা ছুটিৰ টাইমতে আহিবা মাত্ৰ shopping mall বা বজাৰ সমাৰ নাইবা কৰবালৈ যাবলৈ মন গ’লে এপাক মাৰিয়ে আহিবা আৰু।
ঃ বুজিলো, আয়োজন ডাঙৰেই মানে! Atleast তুমি office থকা দিনত যে arrange কৰিব পাৰিলা, নহ’লে মোৰ যে কি গতি হ’লহেঁতেন।
ঃ সেই সকলোবোৰ কথা সামৰিয়েইতো ঠিক কৰিলো গোটেইবোৰ।
ঃ ok, ঠিক আছে, তুমি পাৰিবা বুলি ভাবিছা যদি ঠিক আছে, কৰি যোৱা।

……(আগলৈ)…..

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *