হেল্ডি তৰমুজৰ চালাড

……পম্পী শৰ্মা খাউণ্ড……..

তৰমুজৰ চালাড

উপকৰণ —

তৰমুজ —-১টা
পুদিনা পাত –১মুঠি
ৰ’ক চল্ট/ ক’লা নিমখ —হিচাপ অনুসৰি
নেমু —আধা টুকুৰা
জালুক গুৰি —১ চামুচ
চিলি ফ্লেকচ্ –১চামুচ
বগা তিল —১চামুচ
অলিভ অইল –১ চামুচ
চিজ —১ চামুচ (মিহিকৈ ৰুকি লোৱা)
চাট মছলা —১চামুচ


প্ৰণালী

প্ৰথমে তৰমুজটো বাকলি গুচাই টুকুৰা কৰি কাটি ল’ব।পুদিনা পাত খিনি মিহিকৈ কাটি ল’ব।

এতিয়া এটা বাউলত অলিভ অইল, নিমখ আৰু নেমু ৰস দি ভালদৰে মিলাই ল’ব। এতিয়া ‌কাটি লোৱা তৰমুজৰ টুকুৰা খিনি,কাটি লোৱা পুদিনা পাত দিব লগত চাট মছলা, জালুক গুৰি,চিলি ফ্লেকচ্,চিজ,বগা তিল এই সকলোবোৰ বস্ত ভালদৰে মিলাই ল’ব। এতিয়া প্ৰস্তুত হৈ যোৱা হেল্ডি তৰমুজৰ চালাড জুতি লওক। এই তৰমুজৰ চালাড খাবলৈ বৰ জুতি লগা আৰু হেল্ডি হয়।

……পম্পী শৰ্মা খাউণ্ড……..

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *