final episode

“ককটেইল The life” (আঠাইশ) (ধাৰাবাহিক উপন্যাস)

ধাৰাবাহিক উপন্যাস “ ককটেইল (cocktail) The life ” (আঠাইশ)

Assamese Novel cocktail

………ড° নয়না পাঠক শইকীয়া……….

 

পৰাগ মণি কাম লৈ ওলাই যোৱাৰ পাছত মৌমিতা ঘৰৰ কাষৰ বজাৰ খনলৈ যাবলৈ সাজু হ’ল। কাকতলীয়া ভাবে বজাৰতে ছায়াৰূপাক লগ পোৱাত মৌমিতাই নিজেই কিবা সোধাৰ আগতেই ছয়াৰূপাই ক’লে, মই cake backing ৰ class লৈছিলো যে, দুদিন আগতেহে শেষ হ’ল। এদিন তোমালোকক মাতিম ৰ’বা। মৌমিতাই ভাবি থকাৰ ধৰণেই কিবা এটা কৰিব পৰাৰ আশা দেখিলে।
ঃ এটা কাম কৰিম ৰ’ব এদিন আপোনালোকক মোৰ ঘৰলৈ মাতিম। উৰ্ব্বশী বৌৱে নিজে earrings অলপ বনাইছে। তেওঁ দেখুৱাব, কোনোবাই ল’লে ল’বও পাৰিব। আপুনি আমাক সিদিনাই icing cake বনাই খোৱাব।
ঃ বাৰু ঠিক আছে। অ’ সিদিনা ন’হ’লে উপামণি বৌক নতুন চিলাই এবিধো শিকাই দিবলৈ ক’ম।
ঃ বঢ়িয়া, বঢ়িয়া হ’ব।
এইবাৰলৈ এইখিনি programme এই ৰাখো নহ’লে।
ঃ ঠিক আছে তুমি date fix কৰি জনাবা। মৌমিতা ঘৰলৈ ঘূৰি আহি মনতো অজানিতে কিবা পাতল পাতল লাগিল। অলপ fresh হৈ লৈ উৰ্ব্বশীক কথাবোৰ ক’বলৈ ফোণতো তুলি ল’লে।
ঃ ঠিক আছে, তুমি তাইক ক’লাই যেতিয়া এইবাৰলৈ সেইকইটা programme এই ৰাখা মই ঋতিকাক লগত লৈ যাম।
ঃ ঠিক আছে বাকীবোৰ মই সকলো ঠিক ঠাক কৰি আছো। আপুনি tention ন’লব।

Follow us on Instagram  (ধাৰাবাহিক উপন্যাস)

মৌমিতাই ফোণটো থৈ পাছৰ পৰ্য্যায়ত কিদৰে আগবাঢ়িব পাৰি চিন্তা কৰাত লাগিল। কিছু সময়ৰ পাছত ৰোমালৈ ফোণ কৰি তেওঁৰ ঘৰলৈ যাব বিচৰাৰ কথা ক’লে। ৰোমাই পাছবেলা তাইক মাতিলে যদিও পাৰিলে সন্ধিয়া হোৱাৰ আগতে আহিবলৈ দহাই দহাই ক’লে। নুসোধো বুলি ভাবিও মৌমিতাই জানিব বিচাৰিলে সন্ধিয়া ৰোমাৰ কৰবালৈ যাব নে অইন কিবা programme আছে। ৰোমাই ক’লে আচলতে মন্তিৰ তাত যোৱাৰ কথা আছে,লতিকাও আহিব হেনো। মৌমিতাই ভাবিলে কি কৰা যায়, ৰোমাৰ ঘৰলৈ যোৱাতো জানো ঠিক হ’ব! এক মূহুৰ্ততে কথাবোৰ চিন্তা কৰি তাই ৰোমাৰ তালৈ যোৱাত সময়তোও তাইক কৈ থ’লে। পাছবেলা ভাত পানী খাই আধা ঘন্টা মান আৰাম কৰি মৌমিতা ৰোমাৰ তালৈ যাবলৈ সাজু হ’ল……..।
ঃ আহা আহা, ঠিক সময়তে আহিলা,ময়ো ভাগৰ মাৰি উঠিলো।
ঃ ময়ো চিন্তা কৰি চালো, আপুনিও চাগে এই সময়খিনিত free থাকিব।
ঃ মই সোনকালেই free হৈ যাওঁ‌ জানা। ভাতো সোণকালে খাই আজৰি হৈ লওঁ‌, নহ’লে পাছবেলাতো ভাত খাই বাচন ধোৱালৈ বহুত দেৰী হৈ যায়। বাৰু কোৱাচোন কিবা বিশেষ কাম আছিল নে?
ঃ মইতো বিশেষ বুলি ভাবিয়ে আহিছো, পিছে আপুনি বা কিদৰে ভাবে ক’ব নোৱাৰো নহয় এতিয়া।
ঃ কোৱাচোন বাৰু।
ঃ অ’ আপুনি যে সিদিনা কৈছিল অলপ ব্যতিক্ৰম ধৰ্মী মানে গতানুগতিকৰ পৰা আঁ‌তৰি অলপ গঠনমুলক কাম কৰাৰ কথা, সেই প্ৰসংগতে অলপ কথা পাতিম।
ঃ বঢ়িয়া, কোৱা চোন কোৱা।
ঃ পিছে আপুনি চাগে গ’ম পাইছেই সকলোৰে মতামতৰ পাৰ্থক্য থাকিব পাৰে।
ঃ তুমি কেনেদৰে ভাবা কোৱা। বাকী খিনি মানে পৰা খিনি সাধ্যানুসাৰে কৰিম।
ঃ ঠিক আছে আপোনালোকৰ যদি পচন্দ হয় তেন্তে আপুনি আজি লগ পাবই নহয় দুগৰাকীমানক,তেওঁলোককো কথাতো জনাব।
ঃ তুমি কথাতো কোৱা। তেওঁলোকক মই handel কৰিম।
ঃ মই ভাবিছো আমাৰ প্ৰথমখন ব্যতিক্ৰমী চিন্তাৰ অনুস্থানত কেক বেকিং, ঘৰুৱা সামগ্ৰীৰে অলংকাৰ বনোৱাৰ দিহা লগতে থাকিব দুই এবিধ নতুন হাত চিলাইৰ শিক্ষা ইত্যাদি। পাছৰ খনৰ দায়িত্ব আপুনি ল’ব। তেনেদৰে এগৰাকী এগৰাকীকৈ দায়িত্ব লৈ আগবাঢ়িব পৰা যায়।
ঃ সঁ‌চাই নে! তেন্তে মই ১০০% agree. বাকী বোৰক মানে আজি মই যাক যাক লগ পাম তেওঁলোকক সৈমান কৰাম। তুমি আগবাঢ়া।
ঃ ঠিক আছে। মই দেৰী নকৰো। আপুনিও যাঁ‌ওকগৈ। ময়ো গৈ থাকো।

…….(আগলৈ)…..

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *