final episode

“ককটেইল The life” (ত্ৰিশ – অন্তিম খণ্ড) (ধাৰাবাহিক উপন্যাস)

ধাৰাবাহিক উপন্যাস “ ককটেইল (cocktail) The life ” (ত্ৰিশ)

Assamese Novel cocktail

………ড° নয়না পাঠক শইকীয়া……….

অন্তিম খণ্ড- Final Episode

Final Episode … আজিৰ দিনটোলৈ যে মৌমিতা বৰ আগ্ৰহেৰে বাট চাই আছিল। ৰাতিপূৱা বিচনাত থাকোতেই তাই মনতোত যঠেষ্ট ধনাত্মক শক্তি আহৰণ কৰি ল’বলৈ অদৃষ্ট জনলৈ মনৰ ভিতৰতে সেৱা জঁ‌নালে। শুই উঠিয়ে দৈনন্দিন কৰ্মৰ মাজতে দিনতো কেনেদৰে আগবঢ়াব চিন্তা কৰি গ’ল। সিদিনা পৰাগমণিও অইন দিনাতকৈ ১/২ ঘন্টা মান আগত ওলাব লাগিব বুলি জনোৱাত মৌমিতাই ভবাতকৈ ১/২ ঘন্টা মানৰ আগতেই আজৰি হৈ গ’ল। দিনটোৰ পৰিকল্পনা সমূহ কৰি লৈ মনৰ আনন্দতে বহু দিনৰ পাছত তাই কলমটো হাতত ল’লে আৰু চিন্তাৰ চাৰিদুৱাৰ খুলি লৈ শব্দৰ শিকলিৰে মনতো বান্ধিবলৈ প্ৰয়াস কৰি ডায়েৰিৰ পাতত কিছু আঁ‌কবাক আৰম্ভ কৰিলে।

মন মোৰ প্ৰশান্ত
ৰৌদ্ৰদিপ্ত, উৎচ্ছল
আৰু চচ্ছল।
আজি বহু প্ৰত্যাশিত মোৰ,
শব্দৰ সমল
অতি তৎপৰ।
যেন গতি পাব বিচাৰে
এটি একা বেকা কেঁ‌কুৰিত।
হৈ ৰ’ব বিচাৰে চিৰদিন
মোৰ মানত এটি
অসামান্য দিন।
বাচি লব কিছু প্ৰত্যুষৰ কিৰণ
আৰু আদৰি ল’ব কিছু
সতেজতাৰ অনুভৱ।
সতেজ সতেজ
আৰু অলপ সতেজ
বাঢ়ি যাব সতেজতাৰ
ৰমনীয় ৰূপ লৈ
এদল আশাৰ প্ৰত্যাশী।
বিচ্ছুৰিত হৈ ৰ’ব প্ৰভাতৰ
সোণালী অনুভৱৰ
সৰু সৰু কণিকাৰে
উৎফুল্লিত প্ৰত্যাশী মন বোৰ।

কবিতাতো লিখি নাম দিলে ‘অনুভবী মন মোৰ’। এই কবিতাটোৰেই তাই সিদিনাৰ কাৰ্য্যসূচী আৰম্ভ কৰাৰ সিদ্ধান্ত লৈ মনত অযুত সপোনৰ জিলমিল আদৰি ল’বলৈ সাজু হৈ ৰ’ল।

🙏 সমাপ্ত🙏

Follow us on Instagram  (ধাৰাবাহিক উপন্যাস)

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *