পকা অমিতাৰ বৰ্ফি

……পম্পী শৰ্মা খাউণ্ড……..

উপকৰণ —–

পকা অমিতা —১টা
নাৰিকল পাউদাৰ —১কাপ
কৰ্ণফ্ল’ৰ পাউদাৰ —আধা কাপ
চেনী — ডেৰ কাপ (পাউদাৰ চেনী)
কাজু —৩/৪টা (মিহিকৈ কাটি লোৱা)
আলমন্ড –৩/৪টা (মিহিকৈ কাটি লোৱা)
মগজ —২চামুচ 
ঘী —২/৩ চামুচ

প্ৰণালী —

প্ৰথমে পকা অমিতাটো বাকলি গুচাই টুকুৰা কৰি কাটি লৈ মিক্সিত মিহিকৈ পেষ্ট কৰি ল’ব।

এতিয়া এখন ননষ্টিক পেন গেছত পাতি মগজ ২ চামুচ অকণমান সময়  ফ্ৰাই কৰি নমাই থব।
(শুদাকৈ ফ্ৰাই কৰিব ঘী দিব নালাগে)
 
এতিয়া এটা ননষ্টিক কেৰাহী গেছত পাতি লৈ ঘী দিব। ঘী ত পেষ্ট কৰি  লোৱা অমিতাৰ পিউৰি  খিনি দি ভালদৰে লৰাই ভাজি থাকিব। এতিয়া ভাজ খোৱা অমিতা খিনিৰ লগত কৰ্ণফ্ল’ৰ পাউদাৰ,চেনী, নাৰিকল পাউদাৰ,কাজু,আলমন্ড দিব।  ভালদৰে লৰাই দিব। এইদৰে অমিতাৰ পেষ্ট খিনি অলপ সময় ভাজি থাকিব। যেতিয়া দেখিব অমিতাত থকা পানী খিনি শুকান পেষ্ট খিনি কেৰাহীত লাহে লাহে গোটা পাতি আহিছে তেতিয়া গেছ অফ কৰি দিব।

……পম্পী শৰ্মা খাউণ্ড……..

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *