……© ৰুণজুন বৰুৱা…… (৩৫) (অন্তিম খণ্ড) প্ৰগলভা সময়। নিষ্ঠুৰ নে খুব শক্তিশালী? কোৱা নাযায়। কিন্তু ধৈর্যৰ পৰিণতি খুব ধুনীয়া! প্ৰতিটো কথাৰ বাবে এটা উচিত সময় থাকে। তাৰ লগত ছন্দ মিলাই খোজ দিব জনা জনেই জীৱনৰ বাজী জিকি যায়। “দেখিলা সুন্দৰীজনীক নিজৰ কৰিলোঁ,কথা দিছিলোঁ যে মনত আছে, কৈ দিয়া আকৌ তাইক”Continue Reading

……© ৰুণজুন বৰুৱা…… (প্ৰতিজন প্রিয় পাঠক পাঠিকালৈ মোৰ আন্তৰিক কৃতজ্ঞতা জনালোঁ মোৰ লিখাটো আঁকোৱালি লোৱাৰ বাবে।মোক ইমান মৰম আৰু প্ৰেৰণাৰে কাহিনী ভাগ আগুৱাই নিবলৈ সাহস দি অহাৰ বাবে মই সকলোৰে ওচৰত আজীৱন ধন্য আৰু এটা খণ্ডত সামৰণি পৰিব এই কাহিনী ভাগ) (৩৪) নিজকে নিজৰ পৰাও মুক্ত কৰি থোৱা দৰকাৰ সময়Continue Reading

……© ৰুণজুন বৰুৱা…… (৩৩) ভবা মতে নহয় কিয় কথাবোৰ? সুখবোৰ সামৰি লবলৈ অৱকাশ বিহীন কৰি মনালিছাৰ জীৱনত কিয় সময়েই সদায় বিজয়ৰ হাঁহি মাৰে? এনে বিচ্ছেদ কাম্য নহয় মনালিছাৰ। শুধৰণিৰ পথত জীৱনৰ হেৰুৱা ৰং বুটলিবলৈ বুলি ভৰি ৰখাৰ মনালিছাৰ লক্ষ্য আছিল প্ৰীতমৰ সংগ। কিন্তু প্ৰীতম যদি নাথাকেই কাৰ বাবে কৰিব এইContinue Reading

……© ৰুণজুন বৰুৱা…… (৩২) সময়ৰ হেনো পাষাণ হৃদয়। হাজাৰ আকুটি উপেক্ষা কৰি সৃষ্টিৰ ধাৰা চলাই নিবলৈ সময় দৃঢ় প্ৰতিজ্ঞাবদ্ধ,সেইবাবেই হয়তো।হেৰফেৰ নকৰাকৈ প্ৰতিনিয়ত নিজৰ পথত চলা সময়কলৈ ক’ত যে অভিযোগ।কিন্তু খুব খেয়ালী সময়। কঠোৰ হৈয়ো দায়িত্বশীল অথবা দায়িত্বশীল হবৰ বাবেই যে কঠোৰ। তাত আবেগ এক আন্তঃসাৰশূন্য ধাৰণা কেৱল। “মোক দেখি প্ৰীতমেContinue Reading

……© ৰুণজুন বৰুৱা…… (৩১) সময় পাখি লগা কাঁড়ৰ পিঠিত বহি উৰন্ত গতিত ধাৱমান আৰু মনালিছালৈ এৰি দিছে মুঠি মুঠি তাচ্ছিল্য।কোৱাল সোঁতত ককবকাই ফুৰা মানুহজনী পাৰ পাবলৈ লওঁতেই গড়াখহনীয়াত যোৱা পাৰৰ মাটিবোৰে তাইক যেন হেঁচি ধৰিলে। পুনৰ তাই উটি গ’ল সোঁতৰ সৈতে, আৰু এইবাৰ ঘুলী এটাত আবদ্ধ তাই,এই যেন নিচিহ্ন কৰিContinue Reading

……© ৰুণজুন বৰুৱা…… (৩০) অনাকাংক্ষিত খবৰ এইয়া। মানি লব নিবিচৰা এটা সঁচা কথা। অবিশ্বাস্য অম্লানৰ বাবে। হেৰুৱাৰ আশংকাত থৰ থৰকৈ কঁপি উঠে, অম্লান। কেনেকৈ মানি লব পাৰে ডাঃ জনে এই মাত্ৰ কৈ যোৱা কথাটো। “দ্বিতীয়টো চাৰ্জাৰীৰ বাবে আমি ৰেডি হৈছোঁ, কাৰণ ৰক্তক্ষৰণ কমা নাই,বৰঞ্চ বাঢ়িছেহে।।কিন্তু তাৰ পিছতো ইম্প্ৰুভমেন্ত হোৱাৰ চান্সContinue Reading

……© ৰুণজুন বৰুৱা…… (২৯) নাৰী পুৰুষৰ মিলনৰ বিভৎস এক আদিম উত্তেজনা, সেই নিশা আপেক্ষিক আছিল । কিয়নো নৈশ আহাৰ মাথোঁ এক অজুহাত বুলি মোৰ জ্ঞাত। এটা পুৰুষক কামনাত উন্মাদ কৰিবৰ জোখাৰে মই কিমান দূৰ সক্ষম তাৰ পৰীক্ষা পাতিব বিচাৰিছিলোঁ মই আৰু প্ৰীতমৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবেই স্ব-ইচ্ছাই সন্মতি দিছিলোঁ সেইContinue Reading

……© ৰুণজুন বৰুৱা…… (২৮) “হাও দেয়াৰ ইউ এডভোকেট শইকীয়া ? মোৰ চৰিত্ৰৰ স্খলনৰ ওপৰত প্ৰশ্ন তুলিছে আপুনি……. উন্নতিৰ জখলা হিচাপে মই মোৰ শৰীৰটোক ব্যৱহাৰ কৰা বুলি কবলৈ আপুনি কোন, কি জানে আপুনি মোৰ বিষয়ে……?” উষ্মাৰে কথা কেইষাৰ কৈ মনালিছা ফোঁপাই উঠে। “চাওঁক মিছেছ বৰুৱা আপোনাৰ চৰিত্ৰৰ আলোকপাত কৰিবলৈ মোৰ কোনোContinue Reading

……© ৰুণজুন বৰুৱা…… (২৭) প্ৰভাতি পুৱাৰ কোমল ৰ’দজাক অকণমানি ভেন্টিলেটৰখনৰ জলঙাৰে সৰকি আহি মনালিছাৰ মুখত পৰিছে।অস্বস্তি পাই তাই শুই থকা ঠাইখনৰ পৰা উঠি চেলটোৰ লোহাৰ দুৱাৰখনৰ ওচৰলৈ আহে। উদ্দেশ্য, কাৰোবাক কৈ অকণমান পানী আৰু একাপ ৰঙা চাহৰ আয়োজন কৰিব পাৰি নেকি। নাই কোনেও মনালিছাৰ কিবা প্ৰয়োজন হ’ব পাৰে বুলি ভ্ৰূক্ষেপContinue Reading

……© ৰুণজুন বৰুৱা…… (২৬) লকআপৰ ভিতৰত পকা মজিয়াত বহি থকা মনাজনীৰ গাত ধুমুহাৰ পিছত শান্ত হৈ পৰা পৰিৱেশ এটাৰ দৰেই নির্জনতা বিৰাজি আছিল। সদৰ থানাখনত উপস্থিত হৈয়েই অ’চি জনৰ পৰা অনুমতি লৈ প্ৰীতম ঢপলিয়াই যায় তাইক এবাৰ চাবলৈ। উফ কি অনুভৱ হৈছে চাগৈ তাইৰ! সমাজত থকা তাইৰ সন্মানীয় আসনখন!মুহূৰ্ততে জ্বলিContinue Reading