পাঠ

…….ড° নয়না পাঠক শইকীয়া…..
……..ৰচনা কাল-২১।৬।২০২১…..

বগা গাউন পৰিহিত ৰশ্মিৰেখাই চুলি কেইডালো অলপ ঠিক থাক কৰি ইমাৰজেন্সি পেচেন্ট থকা ৰূমটোলৈ সোমাই আহিল। তেনেতে এগৰাকী গৰ্ভাৱতী মহিলাই তাইলৈ চাই মাত দিলে চিচতাৰ চাওক চোন মোৰ চেলাইন শেষ হ’বলৈ হৈছে যেন পাইছো। তাই ওচৰলৈ গৈ চাই ক’লে, নাই হোৱা আছে আৰু ১০ মিনিট মান।  ইমাৰ্জেন্সি ৰূমৰ লগতে চিচতাৰ সকল বহা ৰূমটোলৈ আগবাঢ়িব লঁ‌ওতেই আকৌ এজনে মাত দিলে চিচতাৰ মই এতিয়া যাব পাৰিম নেকি? ইনজেকচন লোৱা আধা ঘন্টা হ’বলৈ হ’ল। ৰ’ব বুলি কৈ তাই বাকীবোৰ বহি থকা ৰূমটোলৈ আগবাঢ়ি গ’ল। ৰূমটোত সোমায়ে চিচতাৰ ৰবিজিতা খাউণ্ডক দেখি খংটো উঠি আহিল। ৰশ্মিৰেখাই নিজেই গ’ম নোপোৱাকৈ ভোৰ ভোৰালে চিচতাৰ চিচতাৰ কৈ পেচেন্ট বোৰে বিচাৰি আছে আৰু চিচতাৰ এনেদৰে ভিতৰতে সোমাই আছে। খাউণ্ডে পিটিকি থকা চেল ফোণটো প্ৰায় ঠেকেচা মাৰি টেবুল খনতে থৈ ৰশ্মিৰেখালৈ চাই চিঞৰিলে ঐ তঁ‌হতে যে মোক হে দেখা পাৱ বাকী বোৰক নেদেখ নেকি? অকণমান আগতে মেট্ৰন বাইদেউ আহিও মোক শুনাই গৈছে। মই কিন্ত ইমান চাই থাকিব নোৱাৰিম। তহঁতৰ যি কমম্পেইন দিবলৈ আছে দি থাকিবি। তহঁতৰ ঘৰ ওচৰে পাজৰে যেতিয়া একো টেনচন নাথাকে। মোৰ কিন্ত বহুত টেনচন। তহঁতৰ নিচিনা মই ডিউটি কৰিব নোৱাৰিম। নতুন বোৰক ক’বি। নতুন চিচতাৰ বোৰক কাম শিকা মোৰ শিকিব লগীয়া নাই এতিয়া। চিচতাৰ ৰবিজিতাই কথাখিনি কৈ ওলাই গৈ পেচেন্ট দুগৰাকীক চাই আকৌ ভিতৰলৈ সোমাই আহিল। ৰশ্মিৰেখাক ভিতৰত বহি থকা দেখি তেওঁ মাতিলে। ঐ ৰশ্মি  তই যে মোক পঠিয়ালি তই নিজেওতো ৰূমত সোমোৱাৰ আগতে কৈ আহিব পাৰিলিহেঁ‌তেন, সেই ইনজেকচন লোৱা পেচেন্ট গৰাকী ঘৰলৈ যাব পাৰিব নে নাই। ৰশ্মি ৰেখাই ক’লে মই এই মাত্ৰ নাইট কৰি আহিছোহে মইনো কেনেকৈ জানো কোন গৰাকীয়ে কি ইনজেকচন ল’লে, কেতিয়া যাব পৰা হ’ব এইবোৰ। ৰবিজিতাই এইবাৰ আৰু অলপ খংৰে ক’লে হ’ব যা বৰ ডাঙৰ কাম ডাল কৰি আহিছ।আমি তহঁ‌তৰ নিচিনা থাকোতে তহঁতকৈ বহু বেছি কাম কৰিব লগীয়া হৈছিল, এনেদৰে নাইট ডিউটি কৰিলো বুলি আহোতে যাওঁ‌তে ৰাষ্টাত পেচেন্টে কিবা সুধিলে নকোৱাকৈ থকা নাছিলো। ৰশ্মিৰেখাই একো মাত নিদিলে। ৰবিজিতাক আজিকালি কোনেও একো কাম পাচিব নোৱাৰে মন গ’লে কৰিব ন’গলে নকৰিব, লগৰ চিচতাৰ সকলে দেখিও নেদেখাকৈ থাকিব লাগিব।
        ৰবিজিতা বহুত বেছি বয়সিয়া নহয় কিন্ত চাকৰিত কম বয়সতে সোমোৱা বাবে এতিয়া তাই বাকী senior sister বোৰতকৈও বেছি গুৰুত্ব বিচাৰে। আচলতে প্ৰথম জইন কৰাৰ পৰাই সেইখন চৰকাৰী হস্পিতালত কৰি আছে তাই। বহুত লাগিও ৰবিজিতাই তাইৰ ঘৰৰ পৰা অহা যোৱা কৰিব পৰা দূৰত্বত নিজৰ ট্ৰেন্সফাৰতো গ্ৰান্ট কৰিব পৰা নাই। লগৰ চিচতাৰ বোৰক খং কৰি লাভ নাই বুলি তাই জানিলেও বাকীবোৰক দেখিলে তাইৰ খংটো উঠি আহে। বাকী সকলো বোৰ চিচটাৰৰেই তাইতকৈ ভাল পোষ্টিং বুলি ক’ব পাৰি যিহেতু বাকী কেইগৰাকী ঘৰৰ পৰাই অহা যোৱা কৰি এই ডিউটি বোৰ কৰিব পাৰিছে। খং উঠিলে ৰবিজিতাই বহুত সময় ধৰি খং উজাৰি গালি পাৰোতে প্ৰায়ে কাষত অইনৰ উপস্থিতি পাহৰি পেলায়। ৰশ্মিৰেখাই সেই কথা উপলব্ধি কৰি ৰবিজিতাৰ উপস্থিতিত নিজক যিমান পাৰে শান্ত কৰি ৰাখে। ৰবিজিতাৰ লগত কিবা কাৰণত কেতিয়াবা অবাঞ্ছিত পৰিবেশ সৃষ্টি হোৱাৰ আশংকাত তাই প্ৰায়ে সেই পন্থা ব্যৱহাৰ কৰে। ৰশ্মি ৰেখাই মাজে মাজে ৰবিজিতাৰ চিন্তাৰ লগত নিজকে একাত্ম কৰি চালে বুজি উঠে ৰবিজিতাৰ সেই আচৰণ স্বাভাৱিক। সেইবাবেই ৰবিজিতাই কেতিয়াবা তাইৰ লগত তৰ্ক যুদ্ধত লিপ্ত হ’লেও তাই বৰ বেছি বিচলিত হৈ নপৰে। কিন্ত নতুনকৈ জইন কৰা দুগৰাকী মানৰ বাবে ৰবিজিতা বৰ বিষাক্ত।
এদিন ৰশ্মিৰেখা কাষতে থাকোতে চিচতাৰ চন্দ্ৰিমা আৰু চিচতাৰ চিৰিনে ৰবিজিতাৰ কথা কৈ ইজনিয়ে সিজনিক ভয় দেখুৱাই থকা কথা শুনি তাইৰ ৰবিজিতালৈ খুব বেয়া লাগিছিল। চন্দ্ৰিমাই চিচতাৰ চিৰিনক কৈছিল অ’ই আমি এনেদৰে  টিফিন খাই থকা দেখিলে চিচতাৰ ৰবিজিতাই আমাৰ বহা চকীবোৰতে খং উজাৰিব। ৰশ্মিৰেখাই সিহঁতলৈ চাই ক’লে চিচতাৰ ৰবিজিতাৰ খং টোহে বেছি মানুহ গৰাকীৰ কিন্ত কাম বোৰ খুব ভাল, তোমালোকে বহুত শিকিব পাৰিবা তেওঁৰ পৰা। তেনেতে সিহঁতৰ চিকিৎসালয়ৰ আটাইতকৈ চিনিয়ৰ চিচতাৰ দোলা বেনাৰ্জি সোমাই আহি সিহঁতলৈ চাই ক’লে অ’ই তঁ‌হতে টিফিন খালিয়েই নে আমি সময়ে পোৱা নাই খাবলৈ। যা যা খোৱা হ’ল যদি যাগৈ ৰবিজিতাই তহঁতক কিন্ত সুদাই নেৰিব এনেদৰে টিফিন শেষ হোৱাৰ পাছত বহি থাকিলে। ৰশ্মিৰেখাই দোলা বেনাৰ্জিলৈ বৰ অৰ্থপূৰ্ণ ভাবে চালে। চন্দ্ৰিমা হ’ত উঠি যোৱাৰ পাছত তাই দোলা বেনাৰ্জীক ক’লে আপুনিও দেখিছো চিচতাৰ ৰবিজিতাক খুব ভয় কৰে। দোলাই ক’লে ভয় নকৰিলেও অন্তত তাইৰ নাম কৈ ইঁ‌হতক কাম কৰাব পাৰি। দুয়ো খুব হাঁহিলে তেনেতে চিচটাৰ ৰবিজিতা সোমাই আহিল। ৰূমত সোমায়ে তাই ৰশ্মিৰেখা হঁ‌তক দেখি ক’লে ‘ভালেই হ’ল তহঁতক বহি থকা পালো, মই বোলো ৰূমতকোনো নায়েই নেকি? সেই প্ৰেগনেন্ট মহিলা গৰাকীৰ চেলাইনটো লগাই দি আহিছো। সময়ত খুলি দিবিগৈ’। ৰশ্মিৰেখাই কিবা এটা মনত পেলাই ক’লে অ’ সেইযে যোৱা সপ্তাহতো চেলাইন ল’বলৈ অহা মহিলা গৰাকী ন!  যোৱা বাৰ মই সোমাই আহোতে তেখেতৰ লগত কথা পাতিছিলো। হ’ব কোনোবা এগৰাকী ভিতৰত থাকিবই নহয়, সময় হ’লে অৱশ্যে মহিলা গৰাকীয়ে নিজেই মাতিব বেডৰ পৰা। দোলা বাইদেউতো যাবই লাগিব মোৰো কিজানি যাব লগা হ’ব পাৰে সিতো ব্লকত। ৰবিজিতাই ক’লে তহতৰ লগত নোৱাৰি আৰু মই বোলো ঘৰৰ খবৰ বাতৰি অলপ লৈ লঁ‌ও। যা যা কাৰ ক’ত যাব লগা আছে যাগৈ। ৰবিজিতাৰ খং উঠা যেন দেখি দোলা বেনাৰ্জিয়ে ক’লে তই কথা পাতি থাক মই নহ’লে চন্দ্ৰিমা হ’তৰ কোনোবা এগৰাকীক পঠিয়াই দিম। ৰবিজিতাই প্ৰায় চিঞৰি উঠিল নাই নাই নপঠিয়াবি সেই সোপাক, আমি কিমান গালি শপনি খাই খাই কাম বোৰ শিকিলো এতিয়া সিহঁতক একো ক’বই নোৱাৰি প্ৰথমে চকুপানী উলিয়াই ল’ব আৰু চকু পানীৰে কাম নিদিলে কাজিয়া আৰম্ভ কৰিব। পেচেন্ট বোৰে শুনি থাকিলে ভাল নালাগে অ’ এইবোৰ, ইহঁতবোৰক  নপঠিয়াবি।
        দোলা বেনাৰ্জী গ’লগৈ। ৰশ্মিৰেখাই মনতে ভাবিলে সিটো ব্লকত গ’লেও মাজতে এবাৰ ইয়াত চাই যাবই লাগিব। ৰবিজিতাই হয়তো পেচেন্ট বোৰে মতালৈ ৰৈ নাথাকিব, কিন্ত ৰশ্মিৰেখাই নিজে যিহেতু গৰ্ভাৱতী মহিলা গৰাকীক দেখি গৈছে আকৌ এবাৰ খবৰ ল’বলৈ আহিবই  লাগিব বুলি ঠিক কৰিলে। প্ৰায় ৪০-৪৫ মিনিট মানৰ পাছত ৰশ্মিৰেখা ঘূৰি আহি আগৰ পেচেন্ট গৰাকীক নেদেখি ৰবিজিতা বহি থকা ঠাইলৈ আগবাঢ়ি গৈ সুধিবলৈ লঁ‌ওতেই ৰবিজিতাই তাইলৈ চাই ক’লে, তই কি ভাবিচিলি মই কি পচেন্ট বোৰ ঠিকমতে নাচাম নে কি? তই যে মহিলাগৰাকীক চাবলৈ আকৌ আহিলি মই মানে নাচাম বুলি ভাবিলি ন! টাইম হৈ গ’ল চেলাইন খুলিলো আৰু মানুহ গৰাকী গ’লগৈ। এটা কথা শুন তই কাকো নকবি বৰ লাজ পালো অ’ আজি। যোৱাবাৰ চেলাইন ল’বলৈ আহোতে মহিলা গৰাকীয়ে মাজতে চেলাইন শেষ হ’বলৈ লঁ‌ওতেই চিচটাৰ চিচতাৰ বুলি দুবাৰ মতা শুনিছিলো, পাছত তই সোমাই অহা দেখি মই উঠি যোৱা নাছিলো। জানিছিলো তই চাবিয়েই বুলি। কিন্ত মানুহ গৰাকীয়ে কথাবোৰ ইমান মন কৰি আছে ভবাই নাছিলো। আজি চেলাইন চলি থাকোতে খবৰ ল’বলৈ যাঁ‌ওতে দেখোন তেওঁ ক’লে, ‘অ’ বাইদেউ মই মাতি দিম দিয়ক, দেখিয়ে থাকিম নহয় শেষ হ’বলৈ হ’লে’। মই বোলো আমি চিচতাৰ বোৰে হিচাপটো ৰাখোৱে নহয় মাতিব কিয় লাগে। ৰশ্মি, মানুহ গৰাকীয়ে কি ক’লে জান, শুন তই……………
       চিচতাৰ আপোনাৰ হিচাপটো আছে বুলি জানোৱেই কিন্ত আপোনাৰ সমস্যাটো বুজিহে মই তেনেদৰে কৈছো। মিচামিচি আপোনাৰ খংটো উঠি আছে। পৰিবেশটো ভালে ৰাখিবলৈ আপুনি চেষ্টা কৰি থকা যোৱা কেইদিন মানত দেখিয়ে আছো। আপুনি টেনচন ন’লব আৰু এটা চেলাইন ল’বলৈ মই অহা সপ্তাহত আহিব লাগিব। বুধবাৰ হ’লে এইখিনি সময়ত আপুনিয়ে থাকিব। মোক চেলাইনটো ল’গাই দি আপুনি নিচিন্ত হৈ বহি থাকিব পাৰিব,অৱশ্যে বেছি serious পেচেন্ট যদিহে নাহে।

………..সমাপ্ত………

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *