পনীৰ খালে কি স্বাস্থ্য উপকাৰ হব?

পনীৰ খালে কিকি স্বাস্থ্য উপকাৰ হব ?? তেজৰ কলেষ্টৰল হ্ৰাস কৰে নেকি ?

নিৰামিষ ভোজী লোকৰ বাবে অত্যন্ত প্ৰয়োজনীয় খাদ্য এভাগ হৈছে পনীৰ । ইয়াক নিৰামিষ ভোজনৰ ৰজা আখ্যা দিয়া হয়। কিয়নো বিয়া সভা সমিতি আৰু উৎসৱ পাৰ্বনত নিৰামিষাহাৰী লোকৰ ঘাই খাদ্য হৈ পৰে এই পনীৰ ।

পনীৰ গাখীৰৰ পৰা উৎপন্ন হয় । এই পনীৰত থাকে বহুতো শৰীৰ গঠনকাৰী পোষক দ্ৰব্য যেনে:- প্ৰ’টিন, ভিটামিন, কাৰ্বহাইড্ৰেট, কেলচিয়াম আদি। এইবোৰ লাগতিয়াল উপাদানে আমাৰ শৰীৰটো সবল আৰু শক্তিশালী কৰাত সহায় কৰে ।

১) কেচা পনীৰ সেৱন কৰিলে দেহৰ ছাল উজ্বল হয় ।

২) পনীৰত প্ৰঁটিন, ভিটামিন-B6, চেলেনিয়াম, ভিটামিন E আৰু এন্টি অক্সিডেন্ট প্ৰচুৰ পৰিমাণে থাকে বাবে পনীৰ খালে দেহৰ বিষাক্ত দ্ৰব্য ফ্ৰী ৰেডিকল সমূহ নিষ্কাশন হয় । আৰু ইয়াৰ ফলত দেহ নিৰোগী হৈ থাকিব ।

৩) পনীৰে শৰীৰৰ ওজন হ্ৰাসত অৰিহণা যোগায়। পনীৰত যথেষ্ট পৰিমাণে লিনোলিক এছিড পোৱা যায় । যি শৰীৰত চৰ্বি দহন প্ৰক্ৰিয়া দ্ৰুত গতিত বঢ়াই তোলে।ফলত শৰীৰত অতিৰিক্ত চৰ্বি জমা হ’ব নোৱাৰে । যাৰ ফলত তেজৰ কলেষ্টেৰল ৰোধ হব আৰু লগতে উচ্চ ৰক্তচাপ আৰু হৃদৰোগ ৰ আশংকা কমিব ।

৪) পনীৰে শৰীৰৰ দুৰ্বলতা, ভাগৰ আদি আতৰ কৰাত সহায় কৰে । কেঁচা পানীৰ বহুতো পুষ্টিৰে সমৃদ্ধ হোৱা বাবে শাৰীৰিক দুৰ্বলতা,ভাগৰ আদি নোহোৱা কৰিব পাৰে ।

৫) পনীৰে আমাৰ শৰীৰৰ প্লেটলেট বৃদ্ধি কৰাত সহায় কৰে। আৰু এই প্লেটলেট এ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ।

৬) কোষ্টকাঠিন্যৰ সমস্যা, পাচনতন্ত্ৰ উন্নত কৰাত পনীৰে মূখ্য ভূমিকা লয় । পনীৰত থকা আইচোচিন আৰু চৰ্বিটল নামৰ উৎসেচক এ এই ধৰণৰ সমস্যা পৰা শৰীৰটোক ৰক্ষা কৰে ।

৭) পনীৰত যথেষ্ট পৰিমাণে কেলচিয়াম আৰু ফছফ’ৰাছ পোৱা যায় । এইবোৰ উপাদানে আমাৰ হাড় আৰু গাঁঠি সমূহ শক্তিশালী আৰু মজবুত কৰাত সহায় কৰে ।

সেয়েহে নিৰামিষ আহাৰৰ ৰজা পনীৰক নিৰামিষ ভোজীৰ লগতে আমিষ ভোজী সকলেও নিয়মিত ৰূপে খাদ্য তালিকাত ৰাখি শৰীৰ সুস্থ-সবল কৰি ৰাখিব পাৰে ।

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *