পবিত্ৰ শাওণৰ প্ৰতি সোমবাৰে গো-মাতাক খাবলৈ দিয়ক এই বিষেশ বস্তু!

এই পবিত্ৰ শাওণ মাহৰ প্ৰতি পবিত্ৰ সোমবাৰে গো-মাতাক খাবলৈ দিয়ক এই বস্তু !! মনে  বিচৰা সকলো আশা আকাংক্ষা অতি শীঘ্ৰে পূৰ্ণ হ’ব ।

       শাওণ মাহত শিৱ বাবাক পূজা কৰিলে সিদ্ধি লাভ হয় । এই পবিত্ৰ শাওণ মাহটি মহাদেৱৰ শিৱ লিংগতেই বিৰাজমান হৈ থাকে । শাওণ মাহটি হৈছে মহাদেৱৰ ভক্তিৰ দিন, এই মাহটিত পূজা প্ৰাৰ্থনা কৰিলে হাজাৰ গুণ আশীৰ্বাদ প্ৰাপ্ত কৰিব পাৰি । এই পবিত্ৰ সোমবাৰ দিনটিত যদি গো-মাতাক এটি বস্তু খাবলৈ দিয়া হয় আৰু লগতে এটি শব্দ কোৱা হয় তেন্তে মনৰ কামনা নিশ্চয় পূৰ্ণ হব ।

        হিন্দু ধৰ্মত গো-মাতাক পবিত্ৰ ও পূজনীয় মান্য কৰা হয় । হিন্দু ধৰ্মত গো-মাতাক মাৰ স্থান দিয়া হৈছে । কোৱা হয় যে গো-মাতাৰ দেহত ৩৩ কোটি দেৱ দেৱতাই বাস কৰে । সেয়েহে শুভ সোমবাৰ দিনটিত যদি আপুনি নিজৰ হাতেৰে গো-মাতাক খাবলৈ দিয়ে এই এটি বস্তু তেন্তে আপুনি সকলো দেৱ-দেৱীৰ আশিষ লাভ কৰিব পাৰিব ।

       সেয়ে  শুভ সোমবাৰে ৰাতিপুৱা ঘৰত বনোৱা প্ৰথম ৰুটিত অলপ গুৰ মিলাই নিজৰ হাতেৰে গো-মাতাক খাবলৈ দিব । আৰু গো-মাতাই খাই থকা সময়ত আপুনি গাত হাত ফুৰাই দি তাৰ পিছত গো-মাতাৰ ওচৰত মুখ ৰাখি আপোনাৰ মনৰ কামনাৰ কথা জনাব । যদিহে পবিত্ৰ সোমবাৰ দিনটিত আপুনি সম্পূৰ্ণ ভক্তিও শ্ৰদ্ধাৰে পবিত্ৰ উপায়টি কৰিব পাৰে নিশ্চিত ভাবে ইয়াৰ দ্বাৰা আপোনাৰ দেৱ-দেৱীৰ আশীৰ্বাদত মনে বিচৰা সকলো কামনাই পূৰণ হৈ উঠিব । আপুনি উপায়টি সম্পূৰ্ণ বিশ্বাস আৰু শ্ৰদ্ধা সহকাৰে কৰিব লাগিব । নিশ্চিত ভাবে আপুনি ইয়াৰ সুফল লাভ কৰিব  পাৰিব ।

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *