ঋতুমনি ঘৰত উপস্থিত সাংসদ শ্ৰী তপন কুমাৰ গগৈ ডাঙৰীয়া /

যোৱা সোমাবাৰ 21 তাৰিখে প্ৰথম বাৰৰ বাবে ঋতুমনি হাজৰিকাৰ ঘৰত উপস্থিত হৈছিল সাংসদ শ্ৰী তপন কুমাৰ গগৈ ডাঙৰীয়া,,

প্ৰথমেই ঋতুমনিক ব্ৰহ্মপুত্ৰ নাৰ্চিং হোমত চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ে আৰু ঋতুমনি ঘৰত উপস্থিত হৈ থাকোতেই সাংসদ মহোদয়ে শিৱসাগৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শ্ৰী গীতামণি বৰগোঁহাই মহোদয়াক এক নিৰ্দেশ দিয়ে যে ঋতুমনিৰ ঘৰ আৰু শৌচাগাৰ নিৰ্মাণ কৰিব লাগে।কথা মতেই কাম শিৱসাগৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শ্ৰীযুতা গীতামণি বৰগোঁহাই মহোদয়াই সাংসদ শ্ৰীযুত তপন কুমাৰ গগৈ দেৱৰ সহায়ত চিকিৎসা গ্ৰহণ কৰি থকা ঋতুমণি হাজৰিকাৰ গৃহত শৌচাগাৰ নিৰ্মাণৰ সামগ্ৰী যোগান আৰম্ভ কৰিছে।অনুমোদন হোৱাৰ লগে লগে আৱাস গৃহটিও নতুন ৰূপত নিৰ্মাণ হব।।
সাংসদ মহোদয়ৰ মহানুভৱতাৰ পূৰ্ণ প্ৰকাশ ঘটিছে এই কৰ্মৰ জৰিয়তে।।।।মেধাৱী ছাত্ৰী ঋতুমণি হাজৰিকাৰ কাষত থিয় দি ঋতুমণিক নতুন জীৱন দিবলৈ সাংসদ মহোদয়ে যি দায়িত্ব ললে সেয়া কেৱল প্ৰশংসনীয়‌ই নহয় আদৰ্শনীয়‌ও । ৰাজনীতিৰ উৰ্ধত এয়াই হ’ল মানবীয় কৰ্ম ।

©️Rahul gogoi

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *