ডায়েবেটিচ ৰোগীৰ বাবে আনাৰস ভালনে? //

বতৰৰ ফল আনাৰসৰ আছে আচৰিত স্বাস্থ্য উপকাৰ:-

পৃথিৱীৰ চাৰিওফালে আনৰসৰ জনপ্ৰিয়তা আছে । এই ফলবিধ ভাৰতলৈ আনকি সমগ্ৰ বিশ্বলৈ বিতাড়ণ হৈছে ব্ৰাজিলৰ পৰা। সুস্বাদু মিঠা সোৱাদ ৰ এই ফল গৰম দিনত খোৱাৰ মজা ই অভিন্ন। মিঠা যদিওবা এই ফল ডায়েবেটিচ ৰোগীৰ বাবেও অপকাৰী নহয়। এই ফলৰ আছে বহু স্বাস্থ্য উপকাৰ।

প্ৰাকৃতিক ভাবে এই ফলত পৰিপক্ক হৈ আছে কেবাবিধ খনিজ লবন, ভিটামিন , এন্টী অক্সিডেণ্ট, প্ৰটিন আৰু আইৰণ।

১০০ গ্ৰাম আনাৰস ত থাকে ৪৬ কেলৰি, ১০ গ্ৰাম কাৰ্বোহাইড্ৰেট, আহ ০.৫ গ্ৰাম, চৰ্বী ০.১ গ্ৰাম, প্ৰটিন ০.৪ গ্ৰাম।

১) ইয়াত থকা ফ্লেভূনৈদ আৰু ফেনলিক এচিড এ আমাৰ দেহত এন্টী অক্সিডেণ্ট ৰ কাম কৰে। যাৰ ফলত দেহৰ কোষত জমা হোৱা ফ্ৰি ৰেদিকেল ( বিশাক্ত দ্ৰব্য) বিয়োজন হয় আৰু দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়।

২) আনৰছ ত থাকে এবিধ প্ৰতিওলাইটিক এনজাইম যাৰ নাম প্ৰমেলিন আৰু এই এনজাইম এ আমাৰ অগ্নাশয়।গ্ৰন্থীক সক্ৰিয়তা প্ৰদান কৰে। সেয়েহে এই ফল খালে হজম শক্তি বৃদ্ধি হয়। পানক্ৰিয়াটাইতিচ ৰোগীৰ বাবে এইবিধ উত্তম ফল।

৩) আনাৰস গাঁঠিৰ বিষ হোৱা লোকৰ বাবে উপকাৰী।

৪) এই ফল ডায়েবেটিচ ৰোগীৰ বাবে উপকাৰী কিয়নো ই পানক্ৰিয়াছ গ্ৰন্থীক উত্তেজিত কৰে ফলত ইনচুলিন হৰমন ক্ষৰণ বৃদ্ধি হয়।

৫) শৰীৰ দূৰ্বল অনুভৱ কৰা লোকৰ বাবেও উপকাৰী এই ফল । ই দেহৰ ইলেক্ট্ৰলাইট সমতুল্য কৰি ৰাখে।

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *