চালকুঁৱৰী/ এল’ভেৰা চৰ্বত

 ……পম্পী শৰ্মা খাউণ্ড……..

এল’ভেৰা(চালকুঁৱৰী) জুচ/চৰ্বত এবিধ স্বাস্থ্যসন্মত আৰু বহুতো ঔষধি গুণেৰে ভৰপূৰ শৰীৰ কাৰণে উপযোগী পানীয়। এল’ভেৰা অথাৎ চালকুঁৱৰী চৰ্বতে গৰমৰ দিনত পেট ঠান্ডা ৰাখে।তাৰ উপৰিও সৌন্দৰ্য ৰ বিভিন্ন দিশত অপৰিহাৰ্য এই চালকুঁৱৰী। সেয়ে আজি আপোনালোকলৈ চালকুঁৱীৰ চৰ্বতৰ ৰেচিপি লৈ আহিছোঁ।

উপকৰণ —–

এল’ভেৰা —-পাত ১/২ খিলা
পুদিনা পাত —৮/৯ খিলা
ক’লা নিমখ /নিমখ—-জোখ অনুপাতে ।
চেনী —জোখ অনুপাতে ।
চাট মছলা —১চামুচ
নেমু ৰস —–৪/৫ চামুচ

প্ৰণালী ——

প্ৰথমে চালকুঁৱৰীৰ পাত খিলা লৈ পাতৰ সেউজীয়া অংশ আতঁৰাই তাৰ মাজৰ পৰা বিজলুৱা পদাৰ্থখিনি (জেল খিনি) উলিয়াই ল’ব ৷

এতিয়া এটা মিক্সিৰজাৰত চালকুঁৱৰীৰ জেল খিনি দিব লগত পুদিনা পাত দিব জোখ অনুপাতে ফ্ৰিজৰ পানী দি মিহিকৈ পেষ্ট কৰি ল’ব। তাৰ পিছত এটা জাৰত এখন চাকনিৰে পেষ্ট খিনি চাকি ল’ব। এতিয়া প্ৰয়োজন অনুসৰি পানী দিব।  লগত নিমখ,চেনী,নেমুৰ ৰস,চাট মছলা এইসকলোবোৰ বস্ত মিলাই লৈ ভালদৰে দৰে ঘুটি লৈ আইনাৰ গ্লাচত ধালি লৈ ওপৰত নেমু আৰু পুদিনা পাত দি সজাই লৈ পৰিৱেশন কৰক । স্বাস্থ্য সন্মত এল’ভেৰা শীতল পানীয়।

 

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *