……বনিমা তালুকদাৰ…….
পূজাৰ বতৰটো আহিলে মনটো ভাল লাগি যায় |এফালে শৰতৰ সুৱাস আৰু আনফালে উৎসৱৰ আমেজ |কিবা যেন এক কব নোৱাৰা অনুভূতি |পূজাৰ বন্ধৰ এমাহমান আগৰ পৰা ক’ত ফুৰিবলৈ যাম এইবোৰ লৈ নানা জল্পনা-কল্পনা আৰম্ভ হয় |আগতীয়াকৈ ৰেল,বিমান আদিৰ টিকট কাটি পেলোৱা হয় |
মহাবিদ্যালয়ত কাম কৰো বাবে ছাত্র ছাত্রীক শিক্ষামূলক ভ্ৰমনলৈ নিয়াৰ দায়িত্ব কেতিয়াবা আমিবোৰে লব লগা হয় |এনে এক ভ্ৰমণৰ বাবে আজি কেইবছৰ মান আগতে মেজৰৰ চূড়ান্ত বৰ্ষৰ ছাত্র -ছাত্রীক লৈ আমি গৈছিলো দাৰ্জিলিঙ আৰু গেংটকলৈ |নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰেলৰে জলপাইগুড়িলৈ গৈ তাৰপৰা ইনভা গাড়ী ভাৰা কৰি দাৰ্জিলিঙত উপস্থিত হৈছিলোগৈ |দাৰ্জিলিঙৰ কাৰ্য্যসূচী আছিল আমাৰ তিনিদিনৰ |দাৰ্জিলিঙৰ হোটেলখন আছিল পাহাৰৰ এঢলীয়া ঠাইত অৱস্থিত |হোটেলৰ পৰা নামিয়ে তলত বজাৰখন |অৱশ্যে আমি গৈ পোৱাৰ দিনা প্ৰায় আন্ধাৰ হবলৈ আৰম্ভ কৰিছিল |পিচদিনা আমাৰ কাৰ্য্যসূচী আছিল দাৰ্জিলিঙৰ চাবলগীয়া ঠাইসমূহ পৰিদৰ্শন কৰা |হোটেলৰ কৰ্ত্তৃপক্ষই পুৱা ৰাতিয়ে টাইগাৰ হিলচৰ বিখ্যাত Sunrise মানে সূৰ্য্যোদয় চাবলৈ যাব লাগিব বুলি আমাক জনাইছিল |আমাক নিবলৈ ৩-৩০ মানত গাড়ী আহিব হেনো |গতিকে সকলোকে সোনকালে ৰাতিৰ আহাৰ গ্ৰহণ কৰি শুবলৈ মেনেজাৰে অনুৰোধ কৰিছিল |আমিবোৰে ভাগৰ লাগি অকনমান সময় শুইছিলো যদিও আমাৰ ছাত্র-ছাত্রীখিনিয়ে গোটেই ৰাতি গান গাই, কথা পাতি সময় পাৰ কৰিছিল |৩ বাজি ১৫ মিনিট মানত আমাক নিবলৈ গাড়ী আহিছিল |বাহিৰত যথেষ্ট ঠাণ্ডা |সকলোৰে গাত চুৱেটাৰ,টুপী,হাত মোজা আৰু ভৰিত জোতা |ক্ৰমান্বয়ে গাড়ী পাহাৰৰ ওখোৰা মোখোৰা বাটেদি ওপৰলৈ উঠিছে ,বাহিৰত একো নেদেখি |আন্ধাৰ |দ্ৰাইভাৰে লাইট জ্বলাই গাড়ী চলাইছে | কিন্তু ই কি?হঠাতে গাড়ীৰ লাইটৰ পোহৰত এই নিজান বাটত দেখিবলৈ পালো জেকেট,টুপী,হাতমোজাৰে পৰিৱেষ্টিত এগৰাকী মহিলা |হাতত এটা ডাঙৰ বেগ |ৰাস্তাৰ মাজত থিয় হৈ এখন হাতেৰে গাড়ী ৰখাব চেষ্টা কৰিছে |সন্মখৰ চিটত বহা মোৰ মুখেৰে জোৰেৰে ওলাই আহিল এটা বাক্য ‘গাড়ী ৰখাই দিয়ক, মানুহগৰাকীৰ কিবা হৈ যাব এতিয়া |’ জোৰেৰে ব্ৰেকমাৰি দ্ৰাইভাৰে গাড়ীখন ৰখোৱাৰ লগে লগে মহিলাগৰাকীয়ে একেকোবে গৈ দ্ৰাইভাৰৰ দৰ্জাৰ কাষত থকা চিৰিত থিয় দি ওলমি ললে |দ্ৰাইভাৰে অকোৱা পকোৱা বাটেদি গাড়ী চলাবলৈ ধৰিলে |’লাহে লাহে যাওঁক ,মানুহগৰাকী পৰি যাব কৰবাত |’মই দ্ৰাইভাৰক কলো যদিও দ্ৰাইভাৰে মোৰ কথাত গুৰুত্ব নিদিলে |বাহিৰত বিৰাট ঠাণ্ডা |ফেৰফেৰীয়া বতাহ |তাতে আকৌ এখন হাতেৰে গাড়ীৰ দৰ্জাৰ হেণ্ডেলত ধৰি থিয় হৈ আছে মহিলাগৰাকী |আনখন হাতত ডাঙৰ বেগটো |সামান্য পোহৰত দেখিলো মহিলা গৰাকীৰ জেকেট টোৰ সন্মূখখিনি ফুলি আছে |সম্ভৱ কিবা আছে তাত |দ্ৰাইভাৰে কলে এনে মহিলাবোৰে এনেকৈ এই পাহাৰীয়া ৰাস্তাত অহাযোৱা কৰে |জেকেটৰ তলত ফ্লাক্সত গৰম কফি লৈ আনে আৰু টাইগাৰ হিলচত বিক্ৰী কৰে |যথাসময়ত আমি টাইগাৰ হিলচ পালো |আমি সকলো গাড়ীৰ পৰা নামি সূৰ্যোদয় প্ৰত্যক্ষ কৰিবলৈ নিৰ্দিষ্ট ঠাই পালোগৈ |অনেক মানুহ ভৰি আছে ঠাইডোখৰত | উদ্দেশ্য এটাই সূৰ্যোদয় প্ৰত্যক্ষ কৰা |আমাৰ লগে লগে কফি লৈ অহা মানুহজনী আহি কাষত থিয় হল |বাৰে বাৰে অনুৰোধ কৰিবলৈ ধৰিলে কফি খাবলৈ |আমি এতিয়াই কফি নাখাওঁ বুলি কোৱাত তাই কলে তাইৰ পৰাহে যেন আমি কফি কিনো |তাই অনুৰোধ কৰিলে বেলেগৰ পৰা কিনি নাখাবলৈ |মনৰ কৌতূহল দমাব নোৱাৰি মানুহজনীক ইমান ৰিক্স লৈ গাড়ীত কিয় অহা এই বিষয়ে সুধিলো |মানুহগৰাকীয়ে শেতা হাঁহি এটা মাৰি কলে’দিদি,এনেকৈ কাম নকৰিলে কেনেকৈ হব?’তাই কৈ গল টাইগাৰ হিলচলৈ আহি থকা বাটটোৰ নামনিৰ গাওঁত তাইৰ ঘৰ |নাম ৰীতা টামাং |গিৰিয়েক আছে যদিও ঘোৰ মদাহী |কামবন নকৰে তেনেকৈ |ঘৰত দুটা লৰা ছোৱালী আছে,সিহঁতক টো খুৱাব লাগিব |ইতিমধ্যে মানুহবোৰৰ মাজত হৈচৈ আৰম্ভ হৈছে |দূৰৈৰ পাহাৰৰ চাৰিওফালে থকা অংশসমূহ ইষৎ ৰঙা হৈ পৰিছে |কোনোবাই কোৱা শুনিলো সূৰ্যোদয় হবলৈ বেছি সময় নাই হোনো |সকলোৱে কেমেৰা আদি লৈ সাজু হৈছে |ৰীতাই আমাক কৈ আছে কফি খাবলৈ |আমি তাইক আশ্বাস দিলো সূৰ্যোদয় প্ৰত্যক্ষ কৰি কফি খাম | ‘বেছি ঠাণ্ডা পৰিলেতো ইয়াত ট্যুৰিষ্ট নাহে তেতিয়া কি কৰা?’তাই কলে পকৰি বনাই ঘৰৰ ওচৰৰ চকত বিক্ৰী কৰে,আনকি এনে দিনটো সন্ধিয়া ঘৰৰ চকত পকৰি বিক্ৰী কৰে |তাই আমাৰ দৃষ্টি আকৰ্ষন কৰিবলৈ কৈ গল যোৱা দুদিনমান বতৰ বেয়া বাবে সূৰ্যোদয় দেখা নাপালে মানুহবোৰে |আজি কিন্তু আপোনালোক ভাগ্যৱান,দেখিবই এতিয়া |সঁচাকৈ আমি আকাংক্ষিত সূৰ্যোদয় সুন্দৰকৈ প্ৰত্যক্ষ কৰিলো |সূৰ্যোদয় প্ৰত্যক্ষ কৰাৰ পিছত ৰীতাৰ পৰা আমি গোটেই গ্ৰুপটোৱে কফি খালো |তাইৰ মুখত এটা সন্টুষ্টিৰ হাঁহি দেখা পালো |তাই জনালে তাইৰ আৰু কেইকাপমান কফি বাকী আছে |গ্ৰাহক বিচাৰি তাই আঁতৰি গল |ভিৰৰ মাজত তাইক ক্ৰমে নেদেখা হলো |মনৰ মাজত চিন্তা কৰিলো ৰীতা টামাঙৰ দৰে মহিলাই নিজৰ জীৱনক তুচ্ছ কৰি সৎ পথেৰে জীয়াই থাকিবৰ বাবে কেনে সংগ্ৰাম কৰিছে !কব নোৱাৰাকৈ মোৰ মুখেদি ওলাই আহিল -চেল্যুট ৰীতা, চেল্যুট !