লকডাউনৰ যোগাত্মক প্ৰভাৱ

ক’ৰণাই জৰ্জৰিত এই সময়ত প্ৰতিটো খোজতে আমি কেৱল সমস্যাৰ মুখামুখী হ’ব লগা হৈছে । প্ৰতিটো মুহুৰ্ততে জীয়াই থকাৰ আখৰা… অন্য অৰ্থত মৃত্যু ভয়ত জীয়াই আছো । কিন্তু এই সময়ত আমি কিছুমান যোগাত্মক দিশো দেখা পাইছো, যিয়ে হয়তো সমগ্ৰ মানৱ জাতিক এখন সুন্দৰ পৃথিৱী উপহাৰ দিছে । নীলা আকাশ, মুক্ত বতাহ, ৰাতিৰ আকাশৰ তৰা কিছুমান ঠাইৰ মানুহে বহুদিন দেখাৰ সৌভাগ্য হোৱা নাছিল । কিন্তু বৰ্তমান লকডাউনৰ বাবে প্ৰদূষণ বহু পৰিমানে কমি যোৱাৰ বাবে প্ৰকৃতিৰ বিনন্দীয়া ৰূপ দেখাৰ সৌভাগ্য আকৌ ঘূৰি আহিছে । উদাহৰণ স্বৰূপে আমি ক’ব পাৰো যে পঞ্জাৱৰ জলন্ধৰৰ পৰা ১৪০ কিঃমিঃ দূৰৰ হিমালয়ৰ পাহাৰীয়া অঞ্চল দেখিবলৈ পোৱা গৈছে । জলন্ধৰত বাস কৰা মানুহৰ মতে ২০-৩০ বছৰৰ পিছত এনেদৰে হিমালয় দেখাৰ সৌভাগ্য হৈছে ।

লকডাউন আৰু ক’ৰণাৰ বাবে প্ৰকৃতিৰ ওপৰত পৰা যোগাত্মক প্ৰভাৱৰ বিশ্লেষণঃ

নাইট্ৰ’জেন-ডাইঅক্সাইড – নাইট্ৰ’জেন-ডাইঅক্সাইড এটা টক্সিক গেছ, যি গাড়ী মটৰ, কল-কাৰখানাৰ পৰা নিৰ্গত হয় । নাইট্ৰ’জেন-ডাইঅক্সাইডৰ পৰিমাণ বায়ুমণ্ডলত বৃদ্ধি পালে মানুহৰ স্বাস নলীত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰে, যিয়ে এষ্ঠেমাৰ দৰে ৰোগৰো কাৰক হৈ পৰে । লকডাউনৰ ফলত গোটেই পৃথিৱীত গাড়ী কমকৈ চলিছে, ফেক্টৰী বন্ধ হৈছে । যাৰ ফলত নাইট্ৰ’জেন-ডাইঅক্সাইডৰ পৰিমাণ যথেষ্ট কমি গৈছে ।

PM2.5 (Particulate Matter 2.5) :

PM2.5 বায়ু প্ৰদূষণৰ এটা অন্যতম ক্ষতিকৰ কাৰক । PM2.5 আকাৰত যথেষ্ট ক্ষুদ্ৰ হোৱাৰ বাবে হাঁওফাঁওৰ পৰা তেজৰ মাজলৈও যাব পাৰে । যাৰ ফলত হাৰ্ট এটেক ও হ’ব পাৰে । ই ইমানেই ভয়ংকৰ যে WHO ৰ মতে পৃথিৱীত প্ৰতি বছৰে ৪০ লাখতকৈ বেছি মানুহ PM2.5 ৰ বাবে heart disease, strokes, lungs cancer chronic হৈ মৃত্যুৰ মুখত পৰে । লকডাউনৰ বাবে পৃথিৱীত PM2.5 ৰ মাত্রা কমি আহিছে । ডাঙৰ ডাঙৰ চহৰত বৰ্তমান নীলা আকাশ, ৰাতি তৰা সম্পূৰ্ণৰূপে দেখা পোৱা এই আটাইবোৰে PM2.5 কমি অহাটোকে বুজায় ।

পানী প্ৰদূষণ :

বৰ্তমান কল-কাৰখানা বন্ধ হৈ থকাৰ ফলত গংগা, যমুনা আদি নদী সমূহত প্ৰদূষণৰ মাত্রা কমি আহিছে । Dr. PK Mishra (Proff. IIT BHU) ৰ মতে গংগা নদীৰ পানীৰ ৪০-৫০ % উন্নত হৈছে ।

জীৱ-জন্তুৰ ওপৰত প্ৰভাৱ  :

ইণ্টাৰনেটত বৰ্তমান সময়ত জীৱ-জন্তুৰ ফটো, ই-ভিডিঅ’ ভাইৰেল হৈছে । য’ত বিভিন্ন জীৱ-জন্তু ৰাস্তা-পদূলিতে নিৰ্ভয়ে ঘূৰি ফুৰিছে ।

জলবায়ু পৰিৱৰ্তন :

জলবায়ুৰ ওপৰত কাৰ্বন-ডাই-অক্সাইডৰ (CO2) প্ৰভাৱ যথেষ্ট আছে । গাড়ী-মটৰ, কল-কাৰখানাৰ ধোৱাই CO2 ৰ মাত্রা বায়ুমণ্ডলত বঢ়াই আহিছে । লকডাউনৰ ফলত গাড়ী-মটৰৰ চলাচল কম হোৱাৰ বাবে CO2 ৰ পৰিমাণ প্ৰায় ৫% কমি আহিছে । বিশেষজ্ঞৰ মতে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এয়া প্ৰথম বাৰলৈ এনেদৰে CO2 ৰ পৰিমাণ কমি আহিছে । যাৰ ফলত জলবায়ুত যোগাত্মক প্ৰভাৱ পৰিবলৈ লৈছে ।
এনেদৰে লকডাউৰ ফলত প্ৰকৃতিৰ ওপৰত যথেষ্ট যোগাত্মক প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে । গতিকে চৰকাৰলৈ অনুৰোধ যাতে প্ৰতি মাহে এদিনকৈ হ’লেও এনেকুৱা লকডাউনৰ ব্যৱস্থা কৰিব লাগে । যাতে আমি ভৱিষ্যত প্ৰজন্মক এখন সুন্দৰ পৃথিৱী উপহাৰ দি যাব পাৰো ।

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *