…….ড° নয়না পাঠক শইকীয়া…..
……..ৰচনা কাল-২৭।৬।২০২২…..
: হেল্লো মাই নেম ইজ ইচা ইচা পঠানি। হাও আৰ ইউ?
: হাই আই এম চিতল, চ’ নাইচ তু মিট ইউ।
চিতলৰ সৈতে ইচাৰ সেয়া প্ৰথম চিনাকি পৰ্ব। প্ৰাইভেট কম্পেনী এটাত কৰ্ম্মৰত ইচা খুবেই ব্যস্ত থাকিব লগীয়া হয় নিজৰ কৰ্ম্ম ক্ষেত্ৰ খনত কিন্ত তাৰ মাজত কোনোবা নতুনকৈ সোমোৱা কৰ্ম্মচাৰী বা নতুনকৈ সোমোৱা বিষয়া যিয়েই নহওঁক সাধাৰণতে তাই নিজেই চিনাকি হৈ লয়। আহোতে যাওঁতে কেতিয়াবা কোম্পেনীৰ চৌহদৰ ভিতৰত দেখাদেখি হ’লে যাতে সুন্দৰকৈ মাত এষাৰ তাই দিব পাৰে অথবা তাইক মাত এষাৰ লগাব পাৰে। সকলোৰে লগত সেই ধৰণৰ সম্পৰ্ক এটা থাকিলে অন্তত মানুহ বোৰৰ লগত খুব বেছি গভীৰ সম্পৰ্ক নাথাকিলেও মনতো ভাল লাগে। চিতলৰ লগতো তাইৰ তেনে এটা সম্পৰ্কতেই নিজকে সিমাবদ্ধ কৰি ৰাখিবলৈ বিচাৰিছিল। কিন্ত অজানিতে চিতলনো কেনেদৰে তাইৰ বাকীবোৰ লগত কাম কৰা মানুহৰ পৰা পৃথক হৈ পৰিল তাই অকণো গ’মেই নাপালে।
আজি চিতলৰ লগত তাই ডিনাৰ কৰিবলৈ যাব। বহু দিনৰ পৰা প্লান কৰি কৰি তাই চিতলৰ লগত সময় মিলাব পাৰিলে। ঠিক ৭.৩০ মান বজাত তাই চিতলক market complex ৰ ওচৰৰ ‘Sun heritage’ লগ কৰিব। ‘Sun heritage’ ত খোৱাৰ কথা চিতলেই ঠিক কৰিছে। খুব ভাল সময় অলপ চিতলৰ লগত কটাবলৈ পোৱাৰ আশাত ইচাৰ মনো উগুল থুগুল। চিতলৰ লগত কথাৰ মাজত কেতিয়াবা চিতলে বেঙুনীয়া ৰঙ খুব ভাল পাই বুলি গ’ম পোৱাৰ পাছত বেঙুনীয়া ৰঙৰ dress material এটা তাইক দিম বুলি ভাবিয়েই থৈছিল। গতিকে আজি ৪ দিনৰ আগতে ইচাই অফিচৰ পৰা ঘূৰোতে চিতলৰ বাবে বজাৰ কৰিয়েই থৈছিল। আজি ইচাই নিজেও পাতল বেঙুনীয়া ৰঙৰ ফুল স্লিভ বোট নেকৰ ড্ৰেচ এটা পিন্ধি ওলাইছে। চিতলকো কৈ থৈছে, আজি তুমি তোমাৰ পচন্দৰ ৰঙ অনুশৰি ড্ৰেচ এটা পিন্ধিবা। আচলতে ইচাই জানেই তেনেদৰে ক’লে তায়ো বেঙুনীয়া ৰঙৰ ড্ৰেচেই চিলেক্ট কৰিব।
ইচাই ফুল স্লিভটো পিন্ধি অলপ uncomfortable হ’ব পাৰে বুলি মনতে ভাবিলে যদিও হাতৰ sun burn বোৰ ঢাকিবৰ বাবে তাই সেইটো ড্ৰেচেই পিন্ধি ওলাল। ৰাতিপূৱা ১০ বজাত তাই অফিচলৈ ওলালেও তাইৰ sun burn হয়েই আৰু তাতকৈ সোণকালে তাইৰ ওলাবলৈ কষ্ট হয়। তাইৰ দিউতি টাইম ৰাতিপূৱা ১০ঃ৩০ পৰা ৬ঃ৩০ লৈ। আবেলি ঘূৰোতেও তাইক ৰ’দে চুব পৰা হৈয়ে থাকে। সেইবাবেই বেছি ভাগে তাই ভাল নাপালেও ফুল স্লিভৰ কাপোৰ পিন্ধিয়ে ওলায়। চিতললৈ আৰু কিবা এটা কিনিবলৈ তাইৰ মন গ’ল। ঘৰৰ পৰা ওলাই এটা টাৰ্নিং লয়েই এখন fresh flower purchage centre লিখা থকা চাইনবোৰ্ড দেখি অকণো চিন্তা নকৰাকৈ গাড়ী খন ৰাষ্টাৰ কাষত পাৰ্ক কৰি তালৈ সোমাই গ’ল। দোকানী জনৰ পৰামৰ্শ মতে তাই কিছু ফুল বাকেট বোৰৰ পৰা উলিয়াই আনি দোকানৰ সহায়কাৰী জনক দিলে। সহায়কাৰী গৰাকীয়ে ইচাক প্ৰসংশা সুলভ চাৱনিৰে ক’লে, ‘আপনেতো চুনচুনকে combination বনায়া, আপকা গুলদষ্টা বহত অচ্চী চজেগি’।
ধুনীয়াকৈ সজোৱা ফুলৰ তোৰাতো লৈ তাই আকৌ গাড়ীত বহি ল’লে। মনতে এবাৰ ভাবি চালে ফোণ এটা কৰি লোৱাতো ভাল হ’ব নেকি বাৰু। তাইক এবাৰ মনত পেলাই দিয়াও হ’ব। ফোণটো হাতত লৈ চিন্তা কৰি ইচাই ফোণটো আকৌ কাষৰ চিটটোতে পেলাই থ’লে। গাড়ীৰ ষ্পিড অকণমান কমাইলৈ তাই এবাৰ হাত ঘড়ীটোলৈ চালে, চেহ বেছি সোণকালে ওলাই দিলো নেকো? ৭ বাজি গৈছেহে খুব বেছি ৫ মিনিটৰ পাছত তাই sun heritage পাবগৈয়ে দেখোন। তাই আচলতে ৭ বজাত ঘৰৰ পৰা ওলোৱা হ’লেও হ’লহেঁতেন। আচলতে চিতল খুব বেছি punctual বাবে ইচাৰ নিজৰ দেৰি হৈ যাব পাৰে বুলি ভয় এটা থকা বাবেহে অলপ আগধৰি ওলাইছিল। ৫ মিনিটৰ ঠাইত খুব বেছি তাই আৰু ৫ মিনিট বেছিকৈ লগাব পাৰিব,যদি তাই অলপ দেৰিকৈ সোমাও বুলি ভাবে!ল’ব লগা টাৰ্নিংটো তাই সেইবাবেই ন’ললে আৰু চিধা চিধিকৈ অলপ দূৰ গৈ থকাৰ কথা ভাবিলে। কিছু দূৰ আগবাঢ়ি তাই আকৌ ঘূৰি আহি ল’ব লগা টাৰ্নিং টোৰে সোমাই গ’ল।
ঘড়ীটোলৈ চাই দেখে exectly 7:30 বাজো বাজো। তাই গাড়ীৰ পৰা নামি ভিতৰলৈ সোমাই গ’ল। সমূখৰ খালি হৈ থকা টেবুলখনত নবহি তাই বাওঁফালে মুকলি মুকলি যেন লগা কৰ্ণাৰ টেবুল খনত বহিবলৈ ল’লে। তেনেতে ওৱেট্ৰেচ এগৰাকী আহি ক’লে ভালেই কৰিলে মেডাম এইখন টেবুলেই বুক কৰি থবলৈ কৈছিল মেডামে। ইচাই সুধিলে কোন মেডামে? কেলেই আপুনি আজি মেডামক লগ কৰিবলৈ অহা কথা আছে বুলি মেডামে ফোণ কৰি জনাইছিলে। ইচাই মৃদু হাঁহি এটিৰে তাইলৈ চাওঁতেই menu খন আগবঢ়াই দি ক’লে মেডাম আপুনি আপোনাৰ choice মতে কিবা order কৰক। অৱশ্যে আমাৰ special dish আমি provide কৰিমেই। ওৱেট্ৰেচ গৰাকী আতঁৰাত ইচাই মেনু খনত চকু ফুৰোৱাত লাগিল। ইতিমধ্যে কফি একাপ লৈ ওৱেট্ৰেচ গৰাকী আকৌ তাইৰ ওচৰলৈ আহিল। ইচাই তাইলৈ চাই ক’লে কফি মই order কৰা নাই। ওৱেট্ৰেচ গৰাকীয়ে ক’লে এয়া আমাৰ special coffee for special guest লওঁক আপুনি। ইচা অলপ আচৰিত হ’ল তাই special guest আনফালে madem এ তাইক ফোণত টেবুল বুক কৰাৰ কথা কৈছে। কিন্ত ইচাই কিবা সোধাৰ আগতেই ওৱেট্ৰেচ গৰাকী আতঁৰি গ’ল। ফোণটো লৈ ইচাই call এটাকে কৰো নে কি চিন্তা কৰোতেই ওৱেট্ৰেচ গৰাকী আহি ক’লে, মেডাম আপুনি কি order কৰিব কঁওক। ইচাই ক’লে I am waiting for your madam when she will come. আহিব, আপুনি order কৰি লওঁক।
ইচাই এইবাৰ মনতে ভাবিলে মনতে ভাবিলে এইগৰাকীয়ে জানো কোন মেডামৰ কথা কৈ আছে, এবাৰ সুধি পেলোৱাই যাঁওক নেকি! ওৱেট্ৰেচ গৰাকীয়ে এইবাৰ নিজেই ক’লে হয় আজি আপুনি আহিব বুলিয়ে কৈ থৈছে। আপোনাৰ গাড়ীৰ নম্বৰ আমাৰ গেটত থকা security এ message কৰি দিছে মোলৈ। ইচা এইবাৰ আচৰিত হ’ল গাড়ীৰ নম্বৰ মতে তাইক তাই বুলি চিনাক্ত কৰিছে। সেইখন গাড়ীত মই নহয় বেলেগ এগৰাকী নাহে বুলি চিতলে জানে সেইবাবেই নে কি? তাই ঘড়ীটোলৈ চালে ৪ বাজিবলৈ হ’ল, কি হ’বলৈ ধৰিছে ইচাৰ বুজিবলৈ টান লাগিল। ফোণটো হাতত লৈ নম্বৰ টোলৈ চাই ডায়েল কৰিবলৈ লঁওতেই এটি msg অহাৰ টোন। তাই প্ৰথমেই msg টো খুলি চালে। ইচা, extremly sorry, তুমি আজি অকলেই enjoy কৰা মই কাইলৈ অফিচতে লগ পাম! অ’ তুমি বেয়া নাপালে ওৱেট্ৰেচ এগৰাকীক মাতি feedback টো দি থৈ আহিবা। ইচাৰ মূৰতো কিবাকিবি লাগিল। কি ৰহস্য এইবোৰ! তাইৰ ওৱেট্ৰেচ গৰাকীক মাতিবলৈ অলপো মন নগ’ল। কিন্ত ওৱেট্ৰেচ গৰাকী নিজেই আহি ইচাক সুধিলে, madam আপুনি order কৰাই নাই, মেডামে কোৱা মতে আমি আপোনালৈ কিবা কিবি লৈ আনো নে? ইচাই উত্তৰ দিবলৈ নাপাওতেই ইচাৰ টেবুললৈ কিবা কিবি আহাৰ লৈ আহি serve কৰি কৰিয়েই ওৱেট্ৰেচ গৰাকীয়ে ক’লে madam মই নিম্মি বঞ্চল। আপুনি feedback ত মোৰ নামতোও দিব। ইচাই লৰা লৰিকে যি পাৰে খাই লোৱাত তাইলৈ বিল এখন লৈ অইন এজন আহিল। বিলখন হাতত লৈ ইচা আৰু অলপ আচৰিত হ’ল। অকল পানীৰ বটলটোৰ বাবত তাইলৈ বিলখন আহিছে। তাই সুধিব বিচাৰোতে নিম্মি অলপ আঁতৰৰ পৰা বেগাবেগিকৈ আহিল। আপোনাৰ পৰা অকল পানীৰ বটলৰ বিল টোহে লোৱা হৈছে কাৰণ সেইটোহে আপুনি order কৰিলে!
কিছু সময়ৰ পাছত এটা ডাঙৰ চাইজৰ নোট পেড লৈ নিম্মি ইচাৰ ওচৰলৈ আহিল, মেডাম ইয়াত আপুনি feedback লিখিব পাৰিব। ইচাই নোট পেডটো ঘূৰাই পকাই চালে নোট পেডটোত মাৰ্কাৰ পেনেৰে লিখি থোৱা আছে Feed back book. মনতো যিমান পাৰি সিমান শান্ত কৰি মাত্ৰ ২টা বাক্য তাই লিখিলে। তেনেতে নিম্মিয়ে তাইৰ ওচৰলৈ আহি বিশেষ ভঙ্গিমাৰে অনুৰোধ কৰাৰ দৰেই প্ৰশ্ন সুধিলে any thing else mam, যেন নিম্মিয়ে বিচাৰিছে ইচাই আৰু কিবা এটা আনিবলৈ কঁওক। ইচাই মাত্ৰ মূৰটো জোকাৰিলে আৰু নিম্মিলৈ চাই ক’লে sun heritage should get more Nimmi Bansal. নিম্মিয়ে প্ৰশ্নবোধক দৃষ্টিৰেই সুধিলে আপুনি লিখিলেনে? ইচাই তাইলৈ Feed back book খন আগবঢ়াই ক’লে চাই লোৱা, কিবা correction আছে নেকি? নিম্মিয়ে হাত পাতি লৈ তাৰ পৰা আঁতৰি গ’ল। ইচাৰ খেলিমেলি মনতো ঠান ঠিত লগাব পৰা নাই। চিতলতো তাই কৰা একেটা কম্পেনীৰে কৰ্ম্মচাৰী। তেন্তে এয়া কোন চিতল। তাইতো কেতিয়াও তাইৰ আৰু কিবা কিবি ব্যৱসায় আছে বুলি এবাৰো কোৱা নাই। যদিহে তাইৰ এইবোৰ ব্যৱসায় আছেই তাইনো কিয় সেই কোম্পেনীৰ কৰ্ম্মচাৰী হৈ আছে। মনত এহেজাৰ চিন্তা লৈ ইচা Sun heritage ৰ পৰা বাহিৰলৈ ওলাল। ৰাষ্টাতো তাই অকল চিতলৰ কথা ভাবি গৈ থাকিল। ঘৰ পাই বিচনাত পৰিও অকল চিতলৰ কথাই আমনি কৰিবলৈ ধৰিলে। ইচাই কম্পেনীয়ে প্ৰ’ভাইড কৰা society ৰ দুমহলীয়া ঘৰ এটাৰ অকলশৰীয়া বাসিন্ধা। স্বামী বিদেশত কৰ্ম্মৰত। বছৰত দুবাৰমান তাইৰ লগত দেখা দেখি হয়। তাইৰ পৰিয়াল সিমানেই কম্পেনীত কাম কৰি থকা বাকীবোৰ কৰ্ম্মচাৰীৰ সৈতে তাই দুই এটা কথাৰহে আদান প্ৰদান কৰে। আচলতে সকলোবোৰেই নিজৰ কৰ্ম্মতেই ব্যস্ত হৈ থাকে। চিতলৰ বিষয়েনো তাই কাক সুধিব স্বয়ং চিতলেহে তাইৰ নিজৰ বিষয়ে বহুত কথা অৱগত কৰিছিল। আনকি অইন কৰ্ম্মচাৰীৰ বিহেভিয়াৰেল এটিচিউদৰ বিষয়েও তাই চিতলৰ লগত পাতিবলগীয়া হয় মানে চিতলে নিজেই তেনে কথাৰ অৱতাৰনা কৰে।
পাছদিনা ইচা অইন দিনা সাৰ পোৱা সময়তকৈ অলপ দেৰীকৈ সাৰ পালে। তথাপিও সময়মতে কাম বোৰ সামৰি অফিচ লৈ ওলাল। আজি তাই চিতল অহা যোৱা কৰা ক’ৰিডৰটোৰে কেইবাবাৰো অহা যোৱা কৰিও তাইক নেদেখিলে। ফোণ কৰিবলৈও ইচাৰ মন নগ’ল। ইতিমধ্যে কেইবাদিনো পাৰ হৈ যোৱাৰ পাছত এদিন অফিচত বহি থাকোতেই ইচালৈ msg. এটা আহিল। ইচা তোমাক পাছত ক’ম সকলো। মই আচলতে বিশেষ কামত ব্যস্ত বাবে অফিচলৈ যাব পৰা নাই। তাৰ কিছুদিনৰ পাছতে ইচাই তাইৰ কাষৰ ৰূমত বহা মিনাক্ষী মহাপাত্ৰক চিতলৰ কথা সোধাত মিনাক্ষীয়ে অলপ আচৰিত হৈ ক’লে, কিয় তুমি এতিয়াও গ’ম পোৱা নাই? চিতলেতো resign কৰা আজি প্ৰায় এমাহে হ’বৰ হ’ল। ইচাই মিনাক্ষীলৈ চাই সুধিলে তুমি কি দৰে গ’ম পালা? মিনাক্ষী মহাপাত্ৰই ক’লে আচলতে আমাৰ ডিভিজনৰ এখন গুৰুত্বপূৰ্ণ মিটিং আছিল এমাহৰ আগতে, তাতেই আমাক কৈছিল ইতিমধ্যে resignation submit কৰি থোৱাৰ কথা। অৱশ্যে company ৰ management এ তেওঁক কেতিয়াবা কিবা কাম থাকিলে আহিবলৈ কোৱাত আহিব বুলিয়ে আশ্বাস দিলে। আপোনাকতো চিতলৰ লগত আগতে প্ৰায়ে কথা পতা দেখো! ইচাই ক’লে হয় পিছে তেনে কোনো কথা পতা হোৱা নাছিল দেখোন।
কিছু দিনৰ পাছত ইচালৈ এটা purchal আহিল। ইচাৰ প্ৰিয় আকাশী ৰংৰ হেণ্ড বেগ এটা আৰু বেগটোৰ ভিতৰত এটা এনভেলপ। এনভেলপ টো খুলি কথাবোৰ পঢ়ি যাবলৈ ধৰিলে……….
To
Dear Isha
” আচলতে তোমাৰ feed back অনুযায়ী আমি নিম্মি বঞ্চলক promote কৰিছো। তাই আমাৰ হোটেলৰ management ৰ লগত direct contact ত থাকিব। সেইদৰে মিনাক্ষি মহাপাত্ৰৰো performance ভাল, তেওঁকো authority এ বিশেষ কিছুমান responsibility দিব। তোমাক আমি আমাৰ company new item টো gift হিচাপে দিলো, মোৰ নামতো তুমি জানাই চিতল, পিছে মোৰ আৰু বেলেগ নামো থাকিব পাৰে। তুমি চিতল নামেৰেই যোগাযোগ ৰাখিবা, প্ৰয়োজন হ’লে। সম্ভব তুমি আৰু যোগাযোগ ৰাখিবলৈ ইচ্ছা নকৰিবা, শেষত আকৌ কেতিয়াবা তোমাৰ সহায় দৰকাৰ হ’লে জনাম ………………”।
Regards
Shital