…..অৰ্ণালী দেৱী……
অৰ্থাৎ “লকডাউন”
যাৰ বাবে স্তব্ধ সকলো….
স্তব্ধ সেই ব্যস্ততাৰ জনজীৱন
স্তব্ধ সেই ব্যস্ত ৰাজপথ
নাই সেই আগৰ কোলাহল
কেৱল মাথো নিস্তব্ধতা আৰু নিস্তব্ধতা।
শুই পৰিছে যেন এই পৃথিৱী
শুই পৰিছে সকলো।
সংশয়ৰ আচ্ছাদনে ঢাকি ধৰিছে সকলো
কিন্তু প্ৰকৃতিত যেন এতিয়া আনন্দৰ ধ্বনি
শুনিৱলৈ পোৱা গৈছে চৰাইৰ কলৰৱ
চাৰিওফালে পুনৰ শিপাই উঠিছে সেউজীয়ে…।
কিন্তু জীৱশ্ৰেষ্ঠৰ মাজত কিয় কান্দোনৰ ৰোল?
এটাই মাত্ৰ আশা
ভাল হওক সকলো
পুনৰ উঠক আনন্দৰ জোৱাৰ
ঘুৰি আহক হাঁহিবোৰ..
ঘুৰি আহক সুখ।।