গণিকা

….মৃনাল ডেকা…..

অপবিত্ৰতাৰ আভৰণ লৈ
জীয়াই আছো
গণিকা আমি, গণিকালয়ৰ ।
নিলামিত আমাৰ যৌৱন
আভিজ্যত্বৰ লাহ-বিলাসৰ সামগ্ৰী মাত্ৰ ।
কব বিচাৰো নহয় আমি পুতুলা,
আমিয়ো নাৰী,মানৱ ।
সমাজৰ অন্ধ কানুনত আমি বিলুপ্ত
পোক প্ৰতংগ ।
কামাগ্নিৰ বাসনা পূৰ কৰা আমাৰ ধৰ্ম,কৰ্ম
এয়া সংবিধান বেশ্যালয়ৰ ।
জানিব বিচাৰে নে কোনোবাই
বেদনা আমাৰ,আৰ্তনাদ ।
চকুৰে অশ্ৰো নবই আমাৰ বই ৰক্ত ।
নহয় আমি পুতলা, আমিও মানুহ ।
সময়ৰ কুতিল চক্ৰত পৰি আমি আজি বিধ্যস্ত
ধিক্কাৰ এই নিষ্ঠুৰ বাস্তৱ।
বেদনাময় প্ৰতিতো ৰাতিত বিচাৰো
অন্ধকাৰৰ পৰা বাহিৰ ওলাব ।
সভ্য সমাজৰ গলিত অসভ্য চকুৰ
শতবাৰ ধৰ্ষিতা আমিয়ো বিচাৰো মুক্তি।
কিন্তু ভয় হয় লাঞ্চনা গঞনাৰ শৰ
বুকু ভেদি যোৱাৰ।
দৃঢ় মন আৰু দূৰ্বল অন্তৰ লৈ তথাকথিত
সমাজলৈ আগবাঢ়িও থমকি ৰও ।
মনৰ শোক মনতে বান্ধি এই বেশ্যা
পুনৰ পুৰুষত্বৰ আঘাত সহ্য কৰিবলৈ প্ৰস্তুত।
এনেকৈ চলে……….
পুনৰ বাৰ চলে, বাৰ বাৰ চলে
শৰীৰ, মন আৰু অন্তৰৰ সংগ্ৰাম।।

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *