বৰ মানিমুনি আৰু সৰু মানিমুনি দি বনোৱা মাছৰ জোল 

   ……পম্পী শৰ্মা খাউণ্ড……..

উপকৰণ —-

ভকুৱা  মাছ —-4/5 টুকুৰা
মানিমুনি —4/5 মুঠি (পতাত পিহি লোৱা )
আলু  —-2টা (বয়ল কৰি লোৱা )
আদা ,নহৰু পেষ্ট —1 চামুচ কেঁচা জলকীয়া —1টা 
জালুক গুৰি —1চামুচ 
নিমখ,হালধি —জোখ অনুপাতে ।
তেল —জোখ অনুপাতে।

 

প্ৰণালী —-

প্ৰথমে মাছ কেইটা ধুই নিমখ, হালধি সানি ফ্ৰাই কৰি লব ।

এতিয়া পতাত মানিমুনি খিনি মিহিকৈ পিচি লব।

এতিয়া এখন কেৰাহি ত তেল দি পাঁচ ফোৰন আৰু কেঁচা জলকীয়া, আদা ,নহৰু পেষ্ট দিব।আলু খিনি দি হিচাপ মতে নিমখ ,হালধি আৰু জালুক গুৰি দি পিহি লোৱা মানিমুনি খিনি দি অলপমান ভাজি লৈ পানী দি উতলাত মাছকেইটুকুৰা  দি আকৌ ভালদৰে উতলিবলৈ দি নমাই দিব।

পম্পী শৰ্মা খাউণ্ড

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *