……পম্পী শৰ্মা খাউণ্ড……..
এবিধ স্বাস্থ্যসন্মত আৰু বহুতো ঔষধি গুণেৰে ভৰপূৰ শৰীৰ কাৰণে উপযোগী পানীয় হৈছে দুপৰটেঙা। দুপৰটেঙাৰ বহুতো ঔষধি গুণ আছে। বিশেষকৈ কিডনী পাথৰ ৰোগ নিৰ্মূলৰ বাবে দুপৰটেঙা এবিধ মহৌষধ । আপোনালোকলৈ দুপৰটেঙা পাতৰ চৰ্বতৰ ৰেচিপিটো আগবঢ়ালোঁ আশা ৰাখিলোঁ বহুত উপকৃত হ’ব।
উপকৰণ —–
দুপৰটেঙা —-পাত ৪/৫ খিলা
ক’লা নিমখ /নিমখ—-জোখ অনুপাতে ।
চেনী —জোখ অনুপাতে ।
চাট মছলা —১চামুচ
জীৰা গুৰি —১চামুচ
নেমু ৰস —–৪/৫ চামুচ
পানী —জোখ অনুপাতে
প্ৰণালী ——
প্ৰথমে দুপৰটেঙা পাত কেইখিলা ভালদৰে ধুই ল’ব।
এতিয়া এটা মিক্সিৰজাৰত দুপৰটেঙা পাত কেইখিলা দিব জোখ অনুপাতে ফ্ৰিজৰ পানী দি মিহিকৈ পেষ্ট কৰি ল’ব। তাৰ পিছত এটা জাৰত এখন চাকনিৰে পেষ্ট খিনি চাকি ল’ব। এতিয়া প্ৰয়োজন অনুসৰি পানী দিব।
লগত নিমখ,চেনী,নেমুৰ ৰস,চাট মছলা,জীৰা গুৰি এইসকলোবোৰ বস্ত মিলাই লৈ ভালদৰে দৰে ঘুটি ল’ব। এতিয়া আইনাৰ গ্লাচত ধালি লৈ ওপৰত নেমু আৰু পুদিনা পাত দি সজাই লৈ পৰিৱেশন কৰক । স্বাস্থ্য সন্মত দুপৰটেঙাৰ শীতল পানীয়।
……পম্পী শৰ্মা খাউণ্ড……..