কৰ’না VS ধৰ্ম

Covid-19, সমগ্ৰ বিশ্বৰ বাবে মূৰৰ কামোৰণী হৈ পৰা এই ভাইৰাছত আক্ৰান্ত হৈ বহু মানুহৰ মৃত্যু হোৱাৰ লগতে আন বহুতো চিকিৎসালয়ৰ বিচনাত মৃত্যুৰ সৈতে যুজি থকা দেখা গৈছে । বিশ্বৰ আগশাৰীৰ দেশ আমেৰিকা, চীন, ইটালী আদি দেশত এই ভাইৰাছত আক্ৰান্ত হোৱা মানুহৰ সংখ্যা দিনে দিনে বাঢ়ি গৈছে । চিকিৎসালয়ত হাহাকাৰ অৱস্থা । চিকিৎসা প্ৰদানৰ বাবেও উপযুক্ত ব্যৱস্থাৰ অভাৱ ঘটিছে । চিকিৎসকে চকুলো টুকিব লগা হৈছে । তেনে এটা পৰিস্থিতিত, ভাৰতবৰ্ষত এই ভয়াবহ ৰূপ ললে জন সাধাৰণৰ কি অৱস্থা হ’ব এবাৰ কল্পনা কৰক ।

ভাৰতবৰ্ষ এখন অতি ঘন জনবসতিপূৰ্ণ দেশ । আমাৰ দেশখন অৰ্থিকভাৱে টনকীয়াল নহয় । চিকিৎসাৰ ক্ষেত্রতো আন উন্নত দেশসমূহৰ তুলনাত যথেষ্ট দূৰ্বল । আমাৰ দেশত আমেৰিকা, ইটালি, স্পেইনৰ দৰে মানুহ covid-19আক্ৰান্ত হ’লে কি পৰিস্থিতিৰ উদ্ভৱ হ’ব সেয়া সহজেই অনুমেয় আৰু সেইবাবেই দেশৰ প্ৰধানমন্ত্রী মহোদয়ে জনসাধাৰণক বাৰে বাৰে ঘৰতে সোমাই থাকিবলৈ জনাই আহিছে যাতে এই সংক্ৰমন সীমিত থাকে । তাৰ বিপৰীতে বেছি ভাগ ঠাইতে মানুহে এই বিপদৰ কথা বুজি পোৱা নাই । বজাৰ কৰা, মাছ-মাংস খোৱাত বেছি গুৰুত্ব দিছে । প্ৰশাসনে মানুহক ঘৰৰ ভিতৰত ৰাখিবলৈ বিভিন্ন পন্থা হাতত ল’বলৈ বাধ্য হৈছে ।
ইটালীয়ে ভুল কৰিছিল প্ৰথমতে ভয়াবহতাৰ কথাটো গুৰুত্ব নিদি, আৰু অসমৰ মানুহে আমাৰ ইয়াত বেমাৰ আহিব নোৱাৰে বুলি ভাৱি লৈ ঘুৰি ফুৰিছে, জুম বান্ধি কথা পাতিছে, ক’ত কিমান মানুহৰ মৃত্যু হ’ল, কিমান আক্ৰান্ত হ’ল তাৰ আলোচনা কৰি ৰাস্তাৰ ওচৰত আদ্দা দিছে… নিজামুদ্দিনৰ ঘটনাৰ পিছতহে অলপ গা লৰিল সকলোৰে…

নিজামুদ্দিনৰ ঘটনাৰ আঁত ধৰি…
১২ মাৰ্চতে দিল্লীত যিকোনো ধৰণৰ ৰাজহুৱা সমাবেশ নিষিদ্ধ কৰা হৈছিল । তাৰ পিছতো ধৰ্মীয় ৰীতি-নীতিক দোহায় দি এক বিশাল সমাবেশৰ আয়োজন কৰিলে । বিদেশৰো শতাধিক ধৰ্মীয় মানুহ আহিল আৰু তেওঁলোকে কৰোণাৰ ভয়াবহতাক আওঁকাণ কৰি তবলিগী জামাতৰ কাম-কাজ চলাই নিলে । বিদেশৰ পৰা অহা বিভিন্নজনৰ পৰা জামাতত অংশগ্ৰহণ কৰা বিভিন্নজনলৈ সংক্ৰমিত হ’ল আৰু তেনেকৈয়ে জামাতত অংশগ্ৰহণকাৰী কিছু লোক নিজ নিজ ঠাইলৈ ঘুৰি আহিলে আৰু ভাইৰাছটো সহজে বিয়পি পৰিল ।
সামাজিক নমাবেশ নিষিদ্ধৰ পিছতো নিজামুদ্দিনৰ তবলিকি জামাতৰ আয়োজন কৰাসকল সম্পুৰ্ণৰূপে দোষী । যি সময়ত মক্কা মদিনাৰ পৰা আৰম্ভ কৰি আন আন মুছলমান প্ৰধান দেশৰ সমূহ ধৰ্মীয় অনুষ্ঠান বন্ধ কৰি ৰাখিছে সেই হময়ত ভাৰতবৰ্ষত এনে এটা অনুষ্ঠান আয়োজন কৰাটো সামাজিক দায়বদ্ধতাহীন আৰু ধৰ্মীয় গোড়ামীৰ বাহিৰে আন একো নহয় ।
এই মহামাৰীৰ সময়ত এনেকুৱা এখন অনুষ্ঠান আয়োজন কৰি সমগ্ৰ দেশবাসীকে এক ভয়াবহ বিপদৰ ফালে ঠেলি দিছে । এনে এক সময়তো ধৰ্মান্ধ এচামে যেন মানি ল’বলৈ টান পাইছে যে তেওঁলোকে ভুল কৰিছে । তেওঁলোকৰ এনে কাৰ্যই সমগ্ৰ ইছলাম ধৰ্মাৱলী লোকক লাজত পেলাইছে । আনহাতে এই সময়ত ধৰ্মৰ নামত মেৰুকৰণ কৰি আন এচামে সমাজত বিষবাষ্প বিয়পাত সহায় কৰিছে । এই সময়ত সকলো ধৰ্মৰ মানুহ মানসিক ভাৱে সৱল হৈ থকাৰ সময় । ধৰ্মীয় বিভাজনে দেশখনক দুৰ্বল কৰি তুলিব ।
বিভিন্ন ঠাইত Covid-19 ৰ পৰা মুক্ত হ’বলৈ নাম-কীৰ্তন, পূজা-অৰ্চনা কৰা,এই আটাইবোৰে কিন্তু গ্ৰহণযোগ্য নহয় ।
জামাতৰ পৰা বিভিন্ন ৰাজ্যলৈ যোৱা মানুহবোৰ ক’ৰণা ভাইৰাছত আক্ৰান্ত নহয় বুলি বিভিন্নজনে দাবি কৰি আহিছিল । কিন্তু শৰীৰ পৰীক্ষা কৰি দেখা গ’ল জামাতত অংশগ্ৰহণকাৰী অধিকাংশই Covid-19 ত আক্ৰান্ত ।
কিন্তু তাৰ পিছতো বহু লোকে নিজকে গৃহবন্দী কৰি নাৰাখি সামাজিক স্থানত ঘুৰি ফুৰিলে । ৰাজ্য চৰকাৰে নিজামুদ্দিন ঘটনাৰ তথ্য লাভ কৰাৰ পিছত জামিয়তত অংশগ্ৰহণ কৰা লোকসকলক স্বাস্থ্য পৰীক্ষাৰ বাবে আহ্বান কৰাৰ পিছতো তেওঁলোকে আত্মগোপন কৰি আছে আ। এয়া কেনেধৰণৰ মানসিকতা ! নিজেও মৰিব, নিজৰ পৰিয়ালকো মাৰিব, লগতে আন দহজনকো । গতিকে সকলো সমাজ সচেতন লোকে অসমৰ বাহিৰৰ পৰা অহি আত্মগোপন কৰা লোকৰ সম্ভেদ পালে প্ৰশাসনক জনাওক ।
অন্য প্ৰসংগ : কৰ’ণাৰ বাবে নিজকে গৃহবন্দী কৰি ৰখা অসমৰ বাহিৰৰ পৰা অহা লোকসকলে, তেওঁলোকৰ ঘৰখনে যাতে মানসিক ভাৱে অসান্ত নাপায়, আমি যাতে তেনে একো কটু মন্তব্য নকৰো তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে । তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰাখিব আৰু মানসিকভাৱে সৱল হ’ব পৰা কথা ক’বলৈ প্ৰয়াস কৰিব লাগিব, সেয়া হয়টো ইলেট্ৰনিক মাধ্যমৰ যোগেদিও হ’ব পাৰে । এই সন্ধক্ষণত আমি সকলো নিয়ম-নীতিৰ মাজেৰে থাকি মানুহ হিচাপে মানুহৰ পক্ষত থিয় দিওঁ আহক ।

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *