……ৰাজু চেতিয়া ফুকন……
বতৰ্মান সময়ত সকলোতকৈ চৰ্চিত বিষয়টোৱে হৈছে কৰোনা মহামাৰী।বিশ্বৰ সবাতোকৈ শক্তিশালী দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ পৰা আৰম্ভ কৰি আমাৰ চুবুৰীয়া দেশ ভূটানলৈকে প্ৰায় আতংকৰ সৃষ্টিকাৰী এই কৰোনা মহামাৰী।কৰোনা ভাইৰাছে চীন দেশত মহামাৰীৰূপে দেখা দিয়াৰ লগতে পৃথিৱীৰ ২০০ খনতকৈও অধিক দেশলৈকে বিয়পিছে।বিশ্ব স্বাস্থ্য সংস্থাৰ মতে কৰোনা ভাইৰাছ জনসাধাৰণৰ প্ৰধান শত্ৰু বুলি গণ্য কৰা উচিত।এই মহামাৰীয়ে এতিয়ালৈকে প্ৰায় আঢ়ৈ লক্ষাধিক লোকৰ প্ৰাণ কাঢ়ি নিলে। সেইবাবে আমি কৈছোঁ,কৰোনা মহামাৰী মানৱ সমাজৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান । আটাইতকৈ ডাঙৰ কথা এই ভাইৰাছৰ কোনো ঔষধ বা চিকিৎসা নাই। ই এটা নতুনকৈ আৱিষ্কাৰ হোৱা ভাইৰাছ। ইয়াৰ চিকিৎসা ফ্লুৰ চিকিৎসা দৰে।
কৰোনা মহামাৰী যে মানৱ সমাজৰ বাবে অতি ভয়ংকৰ। সেই কথাটো আমি আমেৰিকা, ইটালী, স্পেইনলৈ চালেই ছবিখন দেখা পাওঁ। এই সময়ত বিশ্ব মানৱ সমাজে এই মহামাৰী বিৰুদ্ধে যুঁজিব পৰাকৈ শাৰীৰিক, মানসিক ভাৱেও শক্তিশালী হব লাগিব। ইয়াৰ লগতে চিকিৎসা বিজ্ঞানে যুঁজিব লাগিব। কৰোনা মহামাৰী বিৰুদ্ধে বিশ্ব মানৱ সমাজে আজি ছমাহে যুঁজ অব্যাহত ৰাখিছে। যোৱা দুই মাহ গোটেই বিশ্ব লকডাউন। এই লকডাউনে মহামাৰী ৰোধ কৰাত সফল হৈছে ঠিক। কিন্তু বিশ্ব মানৱ সমাজলৈ এই লকডাউনৰ শেষত যেন দুৰ্ভিক্ষ কঢ়িয়াই আনিব এনে এক ভয়ে আমাক খুলি খুলি খাইছে। কিয়নো ইতিমধ্যে এই মহামাৰী বিৰুদ্ধে যুঁজিবলৈ গৈ প্ৰত্যেকখন দেখে অৰ্থনৈতিক ভাৱে দুৰ্বল হৈ আহিছে।অৰ্থনৈতিক কাম-কাজ সকলো স্থবিৰ হৈ পৰিছে। দেশ সমূহত কোটি কোটি দৰিদ্ৰ-দুখীয়া শ্ৰমিক-বনোৱা আছে। এই সকল মানুহক কেনেকৈ দেশ সমূহৰ চৰকাৰে নিৰাপত্তা দিব।এনেবোৰ প্ৰশ্নই আহিব লগা মানৱ সমাজখনলৈ সাংঘাতিক প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। এই মুহূৰ্তত আমি এয়াই আশা কৰিম বিশ্ব মানৱ এক হওক। কৰোনা বিৰুদ্ধে এক আপোচবিহীন সংগ্রাম অব্যাহত ৰাখক। বিশ্ব ধনী দেশবোৰে দুখীয়া দেশবোৰলৈ আৰ্থিক সহযোগিতা আগবঢ়াই হাতে হাতে ধৰি আগুৱাই যাব লাগিব। বিভিন্ন সমীক্ষা বোৰত দেখিছোঁ কোটি কোটি মানুহে চাকৰি হেৰুৱাইছে। চাকৰি হেৰুৱা ফলত লাখ লাখ মানুহ মানসিক ভাৱে ভাগি পৰিছে। লাখ লাখ মানুহে নিজৰ পৰিয়াল পোহপাল দিবলৈ অপাৰগ হৈ পৰিছে। এনে এক জটিল সংকটময় সময়ত মানৱ সমাজলৈ প্ৰত্যাহ্বান অহাটো স্বাভাৱিক। ইয়াৰ ওপৰিও বিশ্ব অৰ্থনৈতিক বিপৰ্যই মানৱ সমাজখন বিশৃংখল কৰিব। সেইবাবে প্ৰত্যেকখন দেশৰ চৰকাৰে দেশৰ জনতা মৌলিক সমস্যাবোৰ সমাধান কৰিবলৈ এক দীৰ্ঘম্যাদী পৰিকল্পনা হাতত লব লাগে। নহলে কৰোনাই যিমান মানুহ মাৰিব। তাতকৈ বেছি দেশৰ মানুহ খাব নেপাই মৰিব। সেইবাবে সময় থাকোতে এই মহামাৰী বিৰুদ্ধে যুঁজ কৰা সমান্তৰালকৈ দেশৰ জনতাৰ মৌলিক প্ৰশ্ন সমূহৰ উত্তৰ বিচাৰিবলৈ চৰকাৰে কাম কৰা উচিত। আমাৰ বিশ্বাস কৰোনা বিৰুদ্ধে যুঁজত মানৱ সমাজ জয় হব। আকৌ সেই ভাল দিনবোৰ ঘূৰি আহিব। তাৰে আশাৰে আমি যুঁজি যাম।
ৰাজু চেতিয়া ফুকন
গুৱাহাটী বিশ্ববিদ্যালয়