……পম্পী শৰ্মা খাউণ্ড……..
উপকৰণ —
প্ৰণচ (মিচা মাছ) —৪০০গ্ৰাম
কেপচিকাম —১টা
পিয়াঁজ —২টা
বিলাহী —১টা
নহৰু —৬/৭ ফুটা
আদা নহৰু পেষ্ট—১চামুচ
কেঁচা জলকীয়া—২টা
ময়দা —২চামুচ
কৰ্ণফ্ল’ৰ পাউদাৰ –৩ চামুচ
চয়া চচ —২চামুচ
টমেট চচ —২চামুচ
জালুক গুৰি —২চামুচ
কণী —১টা
নিমখ –জোখ অনুসৰি
ভিনেগাৰ —২চামুচ
ৰিফাইন অইল —৫/৬ চামুচ
প্ৰণালী —-
প্ৰথমে কেপচিকাম,বিলাহী, পিয়াঁজ খিনি ডাঙৰকৈ টুকুৰা কৰি কাটি ল’ব।
নহৰু কেইফুটা মিহিকৈ কাটি ল’ব।
কেঁচা জলকীয়া দুটা দুফালকৈ ফালি ল’ব।
কণীটো এটা বাটিত ভাঙি ল’ব।
প্ৰণচ খিনি ভালদৰে ধুই এটা বাউলত ল’ব।
এতিয়া প্ৰণচ খিনিত কণীটো ভাঙি দিব,আদা নহৰু পেষ্ট,ময়দা,ভিনেগাৰ, কৰ্ণফ্ল’ৰ পাউদাৰ,চয়াচচ,নিমখ এই সকলোবোৰ বস্ত দি ভালদৰে সানি লৈ ১৫ মিনিট মান সময় মেৰিনেট কৰি থব।
এতিয়া এখন ননষ্টিক কেৰাহীত তেল দি প্ৰণচ খিনি ফ্ৰাই কৰি এখন প্লেটত কাঢ়ি ৰাখিব।
এতিয়া সেইখন কেৰাহিতে থকা তেল খিনিত কাটি লোৱা নহৰু খিনি, কেঁচা জলকীয়া দিব। লগতে কাটি লোৱা পিয়াঁজ,কেপচিকাম,বিলাহী এই সকলোবোৰ বস্ত দি ভালদৰে লৰাই দিব । লগত নিমখ আৰু জালুক গুৰি দি লৰাই অলপমান সময় ধাকণ দি ৰাখিব। এতিয়া টমেট চচ,চয়া চচ,ভিনেগাৰ, জলকীয়া গুৰি এই সকলোবোৰ বস্ত দি ভালদৰে মিলাই লৰাই দি লগত ভাজি থোৱা প্ৰণচ খিনি দি পুণৰ ভালদৰে লৰাই দিব। এতিয়া একচামুচ কৰ্ণফ্ল’ৰ পাউদাৰ অলপমান পানীত গুলি লৈ ভাজি থকা প্ৰণচ খিনি দি ভালদৰে লৰাই অলপমান সময় ভাজি নমাই দিব। এতিয়া প্ৰস্তুত হৈ যোৱা চিলি গাৰ্লিক প্ৰণচৰ খিনি গৰমে গৰমে পৰিৱেশন কৰক।
পম্পী শৰ্মা খাউণ্ড