চেংমৰা শাকৰ লগত ব্ৰইলাৰ মাংস

……ৰুবী দত্ত…..লখিমপুৰ….

ৰেচিপিলৈ যোৱাৰ আগতে মই কথা কেইটামান কৈ লব বিচাৰিছো
চেংমৰা শাকৰ বিষয়ে :

ঔষধী গুনেৰে ভৰপূৰ এই শাক বিধ…..সৰুতে ককা আইতাৰ মুখত শুনা …..বিয়াৰ পিছত শাহু মাৰ মুখত শুনিবলৈ পাইছিলোঁ । কিন্তু গুৰুত্ব নাছিল । লাগে লাগে তাৰ উপকাৰীতাৰ বিষয়ে গুৰুত্ব দিব ললো **যিহেতু বয়সৰ লগে লগে বিভিন্ন বেমাৰেও দেখা দিব লৈছে ।
১) চেংমৰা কেঁচুমুৰীয়া বা পাইলছ ৰ বাবে খুব উপকাৰী । তাৰ কোমল ঠুৰ তোৰ ৰস তিনি চাৰি চামুচ কৈ খালে এই ৰোগৰ উপশম পাব পাৰি । কেচাঁকৈ নাখায় তৰকাৰী কৰিও যদি আমি সপ্তাহত দুই তিনি দিন খাই থাকিব পাৰো তাৰ পৰাও সু ফল পোৱা যায় ।

২) পেটৰ কাৰণেও খাল । বদহজম , গেছ আদিৰ কাৰণেও উপকাৰী ।
৩) তেজৰ_হিম’গ্ল’বিন বহাটো চেংমৰা ই সহায় কৰে ।
৪) চকুৰ দৃষ্টি শক্তি বঢ়াই ।
৫) স্নায়ু সবল কৰে
সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হল …..
৬) মহিলা সকলৰ মাহেকীয়া সমস্যা///মাহেকীয়া হোৱাৰ সময়ত হোৱা পেটৰ বিষৰ বাবে #চেংমৰা খুবেই উপকাৰী ।

( এই কথাখিনি বয়োজ্যেষ্ঠ সকলৰপৰা শুনা কথা ….. যদি কিবা মোৰ ভুল হৈছে আপোনালোকে আঙুলিয়াই দিয়ে যে ??)

আজি কালি চেংমৰা পাবলৈও নোহোৱা হৈছে ।মইতো পালে কিনি আনি হলেও খাওঁ ।


এতিয়া আহিছোঁ ৰেচিপিলৈ :

মাংস ২৫০গ্ৰাম ধুই ললোঁ ,,,,,চেংমৰা চুচ গুচাই কাটি (ফটো দিছো) ললোঁ ।  মাংস বনোৱাৰ দৰেই সকলো মচলা ব্যৱহাৰ কৰি প্ৰথম মাংস খিনি আধা সিজালৈ ভাজি ,,,,তাৰ পিছত শাক খিনি দি ভালকৈ লৰাই অলপ ঢাকোন মাৰি সিজিব দিলোঁ । ভালকৈ সিজাত অলপমান পানী দি উতলাই ঘন হৈ অহাত নমাই থলো ।
চেংমৰা আমি যতেই পাওঁ আনি , অন্য নহলেও তৰকাৰী হিচাপেও যদি খাবলৈ লওঁ বহুত খিনি উপকৃত হব পাৰিম ।

 

ৰুবী দত্ত

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *