……© ৰুণজুন বৰুৱা…… (২২) ঈৰ্ষা,ইয়াৰ সমান ক্ষতিকাৰক একো নাই । কৰ্কট ৰোগ ই একপ্ৰকাৰৰ, মনৰ কৰ্কট ৰোগ।ব্যক্তিৰ জ্ঞাতে অথবা অজ্ঞাতেই, ই মনটোক এনে ভাবে গেলাই গৈ থাকে যে মানুহৰ বিবেচনাৰ শক্তিটোক ই অসাৰ কৰি তোলে, আৰু তাৰ পিছত, প্ৰতিশোধৰ জুইকুৰাই নিজকেই কিমান দহি থাকে তালৈ খবৰ ৰাখিবলৈ সময় নোহোৱাকৈ বুকুতContinue Reading

……ড.বনিমা তালুকদাৰ….. ‘বাইদেউ ,এইবাৰ ‘আন্তৰ্জাতিক নাৰী দিৱস’ আপোনাৰ ঘৰৰ ওচৰৰ ফিল্ডখনত দিনজোৰা কাৰ্য্যসূচীৰে পাতিম বুলি মনস্থ কৰিছো |খোলাদিন হলেও সকলো খিনি মহিলাৰ উপস্থিতি আমি আশা কৰিছো |আৰু এটা কথা ‘নাৰী দিৱস’ ৰ মূল বক্তৃতাটো আপুনি দিব লাগিব |শুনিবলৈ পাইছো বিশ্ববিদ্যালয়ৰ দিনত আপুনি এগৰাকী সু বক্তা আছিল,শ্ৰেষ্ঠ তাৰ্কিক আছিল |আপোনাৰ বলিষ্ঠContinue Reading

……সীমা ভূঞা….. আনদিনাৰ দৰে আজিও নিবেদিতা দুৱৰাই দহ বজাৰ লগে লগে কলেজলৈ বুলি সাজো হৈছে ।এনেতে কাম কৰা ল’ৰা ৰঘু আহি ক’লেহি—–বাইদেউ আপোনাক বিচাৰি এগৰাকী বয়সিয়াল মাইকী মানুহ আহিছে , নিবেদিতাই ক’লে কোননো আহিল এই সময়ত ? মই গৈ আছো ,মানুহ গৰাকীক বহিবলৈ ক গৈ যা। ড্ৰইংৰুমত বহি থকা মানুহগৰাকীকContinue Reading

……বনিমা তালুকদাৰ……. পূজাৰ বতৰটো আহিলে মনটো ভাল লাগি যায় |এফালে শৰতৰ সুৱাস আৰু আনফালে উৎসৱৰ আমেজ |কিবা যেন এক কব নোৱাৰা অনুভূতি |পূজাৰ বন্ধৰ এমাহমান আগৰ পৰা ক’ত ফুৰিবলৈ যাম এইবোৰ লৈ নানা জল্পনা-কল্পনা আৰম্ভ হয় |আগতীয়াকৈ ৰেল,বিমান আদিৰ টিকট কাটি পেলোৱা হয় |          মহাবিদ্যালয়ত কামContinue Reading

……© ৰুণজুন বৰুৱা…… (২১) দুপৰীয়াৰ নির্জনতাক ভেঙুচালি কৰি, ফুকনৰ কেবিনৰ কাষতে থকা কৰ্দৈ জোপাত পৰি জিলি এটাই অবিৰাম ভাবে চিঞৰি উঠিছে ,পৰিৱেশটো সেই জিলিটোৰ ককৰ্ষ মাতত অশান্তিকৰ হয় পৰাত ডাঃ ফুকনে প্ৰীতমক বাহিৰৰ লন খনলৈ ওলাই যোৱাৰ প্ৰস্তাৱ দিয়ে। আচলতে প্ৰীতমক তাৰপিছৰ ঘটনাবোৰ কবলৈ নিজৰ ভিতৰতে পূৰ্ব প্ৰস্তুতিৰ আৱশ্যক হোৱাContinue Reading

……© ৰুণজুন বৰুৱা…… (২০) প্ৰীতমৰ চকু সেমেকি উঠা দেখি ডাঃ ফুকনে অনুধাৱন কৰিব পাৰিলে যে সেই ঘাঁ টুকুৰা মনৰ মাজত এতিয়াও অলপ হলেও কেঁচা হৈ আছে প্ৰীতমৰ। পিতৃ হবলৈ ওলোৱা খবৰ এটা কোনো কাৰণেই কম ৰোমাঞ্চকৰ নহয় এজন প্ৰকৃত পুৰুষৰ বাবে।ভালপোৱা নাৰী গৰাকীৰ মাজত নিজৰ এটা অংশ একলা দুকলাকৈ বাঢ়িContinue Reading

……বনিমা তালুকদাৰ…… তুমি আঁতৰি যোৱাৰে পৰা বাৰিষাৰ বৰষুন নামিছিল সপোনবোৰ ভাঙি থানবান হৈছিল আশাবোৰ হৈ পৰিছিল স্তিমিত বিশ্বাসৰ হাতখন হেৰাই গৈছিল তুমি বিহীন আজি আলিদোমোজাত মই | ক্ৰমান্বয়ে বৰ্ষামুখৰ গভীৰ নিশা মোৰ প্ৰিয় হৈ পৰিছে তুমি বিহীন উচুপনিবোৰ লুকুৱাই ৰাখো এই নিশাৰ আঁচলত গোটেই নিশা উজাগৰে থাকি তোমাৰ সতে কথাContinue Reading

….সীমা ভূঞা….. বনকৰা ছোৱালী মাধৱী হঠাৎ ঘৰলৈ যাব খোজাত বৰুৱানী আচৰিত হ’ল । কিহৰ বাবে তাই এনেদৰে যাব ওলাইছে বুলি সোধাত , তাই বিশেষ একো উত্তৰ নিদিলে । উপাই নাপাই বৰুৱানীয়ে মাধৱীৰ মাকক মাতি আনিলে । মাকেও আচৰিত হৈ ইমান আৰামত থকা ঘৰখনৰ পৰা কিয় এনেদৰে যাব খুজিছে , কথাষাৰContinue Reading

……© ৰুণজুন বৰুৱা…… ( ১৮) তেওঁলোকক চ’ৰা ঘৰতে বহুৱাই মা সোমাই গৈছিল ভিতৰলৈ তেওঁলোকৰ বাবে পানী আনিবলৈ বুলি। কি কথা পাতিম ভাবি মই এচুকত ঠিয় দি থাকোতেই ভিতৰৰ পৰা ধুমুহাৰ গতিৰে ওলাই আহি কোনো লাক বান্ধ নোহোৱাকৈ মনাই আৰম্ভ কৰিছিল, “দেউতা মোৰ ভাগৰ বুলি তোমাৰ সম্পত্তিৰ পৰা কিবা এটা অংশটোContinue Reading

……© ৰুণজুন বৰুৱা…… (১৭) পোৱা নোপোৱাৰ হিচাপ কৰি অতীতৰ পৃষ্ঠাবোৰ নেফা-নেফ কৰাত যুক্তি নাই। জানে প্ৰীতমে, কিন্তু হ’লেও যিবোৰ কথা জুকিয়াই চাবলৈ এসময়ত ভয় কৰিছিল, যিবোৰ কথা ফঁহিয়াই নোচোৱাৰ বাবেই জীৱনটোৱেই নিমিলা অংক হৈ গ’ল সেই অধ্যায়বোৰ খুলি লৈছে সি আজি। কিয়নো সময়ৰ চলনাত যি চক্ৰবেহুত সোমাই ৰৈ গ’ল,তাৰ পৰাContinue Reading