……..বনিমা তালুকদাৰ………
বিয়াৰ পিচৰ প্ৰথম বছৰটো সকলোৰে বাবে যথেষ্ট ৰোমাঞ্চকৰ আৰু মনত থকা বিধৰ হয় |বহু স্মৰণীয় মুহূৰ্ত্ত মনৰ মাজত ৰৈ যায় |আমাৰ বিয়া হৈছিল ১৯৯৭ চনৰ ইংৰাজী মে মাহত| বিয়াৰ তিনিমাহ পিচত আমি দুয়োটা মধুচন্দ্ৰিকাযাপনৰ বাবে গৈছিলো দিল্লী,ভৰতপুৰ,জয়পুৰকে আদি কৰি আজমীৰ আৰু পুষ্কৰলৈ |আমি দুয়ো মহাবিদ্যালয়ত কৰ্মৰত বাবে পূজাৰ বন্ধটোকে ফুৰিবৰ বাবে বাচি লৈছিলো |জয়পুৰ ত আমি ৰাজস্থান পৰ্যটন বিভাগৰ অধীনৰ চহৰৰ মাজ মজিয়াৰ গঙ্গুৰ হোটেলত তিনিদিন আছিলো |এদিন আমাৰ কাৰ্যসূচী আছিল জয়পুৰ আৰু জয়পুৰৰ আশেপাশে থকা ঐতিহাসিক স্থানসমূহ পৰিদৰ্শন কৰা |ৰাজস্থান পৰ্যটন নিগমৰ বাছেদি গোটেই দিনটো বিভিন্ন স্থান পৰিদৰ্শন কৰিছিলো |হাৱা মহল,জল মহল,নাহৰগড় ফোৰ্ট,আমেৰ ফোৰ্ট আদি পৰিদৰ্শন কৰি মনটো কিবা ইতিহাসৰ দিনবোৰলৈ উভতি গৈছিল |বাছখনে আমাক হোটেলৰ ওচৰত নমাই দিয়াৰ কথা আছিল যদিও আমি অকনমান ঠাইখনৰ ওপৰত অভিজ্ঞতা সঞ্চয় কৰো বুলি আদবাটতে নামি দিছিলো |ইতিমধ্যে সন্ধিয়া হবলৈ ধৰিছিল |এখন বাছ আহি কাষত ৰখাত আগপিছ নাভাবি ঘপকৈ বাছখনত উঠি দিছিলো |মন কৰিছিলো বাছখনত যাত্ৰীৰ উপস্থিতি তেনেই সেৰেঙা |মোৰ গৰাকীয়ে ভাড়া দিবলৈ লৈ আমাৰ গন্তৱ্য স্থান কোৱাত কণ্ডাক্টৰ জনে অদ্ভূত ধৰণে আমাক লক্ষ্য কৰিছিল,তাৰ পিচত কৈছিল আমি হেনো গন্তৱ্য স্থানৰ বিপৰীত দিশত আহিছো |এইবাৰ বাছ আহি এটা ষ্টপেজত ৰোৱাত আমি দুয়ো ঘপকৈ গৈআন এখন ৰখি থকা বাছত উঠিছিলো | এইবাৰৰ বাছ গৈ এখন গাওঁৰ দৰে ঠাই এডোখৰত ৰৈছিল |এজনক সোধোতে সেইখন এখন জাট সম্প্ৰদায়ৰ গাওঁ বুলি কৈছিল |এইখিনিৰ পৰা হেনো বাছ আৰু আগলৈ নাযায় |আমি উপায় নাপাই তাতে নামি দি উভতি অহা বাছলৈ অপেক্ষা কৰিছিলো |আমি ৰৈ থকা ঠাইখিনিত মানুহৰ জনসমাগম তেনেকৈ নাছিল |অলপ আঁতৰত দুজনমান প্ৰকাণ্ড চেহেৰাৰ বয়সস্থ মানুহ সৰু দোকান এখনৰ বাহিৰৰ বেঞ্চত বহি থকা দেখিছিলো |ওঁঠৰ ওপৰত ডাঙৰ ,ডাঙৰ মোচ |এনে লাগিছিল যেন তেওঁলোকে আমাক নিৰীক্ষণ কৰিছে |বিয়া হোৱা বেছি দিন হোৱা নাছিল বাবে মেখেলা চাদৰৰ লগত দুই এপদ অলংকাৰো মই পিন্ধি আছিলো |ক্ৰমানয়ে আমাৰ ভয় লাগি আহিছিল |বেয়া চিন্তাবোৰ বাৰে বাৰে মনলৈ আহিবলৈ ধৰিছিল |আমাৰ বাবে এখন নতুন ঠাই ,তাতে আকৌ ৰাতি,লগতে এক আচহুৱা পৰিৱেশ |চাৰিওফালে চাই কতো এটা পিচিঅ’ আমাৰ চকুত নপৰিল ,কিয়নো সেইদিনা ৰাতিৰ আহাৰৰ বাবে আমাৰ ভাড়া ঘৰত থাকি যোৱা আঙ্কল-আন্টিয়ে তেওঁলোকৰ জয়পুৰত থকা ঘৰলৈ আমাক নিমন্ত্রণ জনাই থৈছিল |এইবাৰ এখন বাছ অহাত আগপিছ নাভাবি আমি উঠি দিলো |বাছখনে যলৈ নিয়ে তালৈ যাম বুলি দুয়ো থিক কৰিলো |কিছু দূৰ যোৱাৰ পিছত সাংস্কৃতিক প্ৰেক্ষাগৃহ এটাৰ সন্মূখত আহি বাছখন ৰৈ গল | ইয়াৰ সন্মূখত মানুহৰ সমাগম দেখি আমি দুয়ো নামি দিলো | ভিতৰত ফাংচন চলি আছে হেনো |আমাৰ ভাৱ হল অন্তত আমি ইয়াত কিবা এটা ভালদৰে গম পাম |দুজন কুৰ্ত্তা-পাইজামা পৰিহিত মানুহক দেখি কাষ চাপি যাওঁতে গম পালো তেওঁলোক বাংলাভাষী |সাংস্কৃতিক অনুষ্ঠানত ভাগ লবলৈ তেওঁলোক ইয়ালৈ আহিছে | আগবাঢ়ি গৈ তেওঁলোকৰ লগত কথা পাতিলো আৰু আমাৰ সমস্যাটো কলো |তেওঁলোকে বাছ নম্বৰ এটা দি আমাক সেই বাছত উঠিলে গন্তৱ্য স্থান পাম বুলি কলে |তেওঁলোকে বাছত অহাযোৱা কৰি ঠাইবোৰ হেনো চিনি পোৱা হৈছে |কাষত পিচিঅ এটা দেখি আমাক ৰাতিৰ আহাৰৰ বাবে নিমন্ত্রন কৰা আঙ্কললৈ ফোন কৰাত তেওঁক আমাক বাছৰে আহি দুটা ষ্টপেজ পাৰ হৈ নামি দিবলৈ কলে |তাৰপৰা তেওঁ হেনো আমাক তেওঁৰ ঘৰলৈ লৈ যাব |ইতিমধ্যে চাৰে আঠ বাজি গৈছিল |বাছৰ পৰা নামি নিৰ্দিষ্ট ঠাইত আঙ্কলক লগ পালো |তেওঁ আমাক দুয়োজনকে স্কুটাৰৰ পিচত উঠাই তেওঁৰ ঘৰলৈ লৈ গল |তাতে ৰাতিৰ আহাৰ গ্ৰহণ কৰিলো |ইমান ভোক লাগিছিল যে আহাৰ গোগ্ৰাসে গিলিলো |আঙ্কলে ৰাতি এঘাৰ মান বজাত আমাক স্কুটাৰেৰে আনি হোটেলত নমাই থৈ গল |ভাগৰে হেচা মাৰি ধৰা বাবে সোনকালে নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰিছিলো |পিচদিনা দুয়ো প্ৰতিজ্ঞা কৰিছিলো অচিন ঠাই এখনত এনে ধৰণৰ দুঃসাহস আৰু কেতিয়াওঁ নকৰো |এতিয়া ভাবো, তেতিয়া যদি আজিৰ দৰে মোবাইল ফোন , গুগুল মেপ,উবেৰ আদিৰ সুবিধা থাকিল হয়, এনে পৰুৱাই পোৱা অৱস্থা ছাগে আমাৰ নহলহেতেন !দেখাত সাধাৰন যেন লগা এনে ঘটনাই আমাক কিন্তু জীৱনলৈ বহু শিকাই গল |