বাংলাদেশলৈ এটি যাত্রা…

……ৰাজলোচন বৰুৱা….

সৰুৰে পৰা ৰঙীন পৃথিৱীখনৰ নানা ৰং বুটলা, নতুন ঠাই চোৱা, নতুন মানুহৰ সতে লগ পোৱাৰ এটি হেপাহ মনতে পুহি ৰাখিছিলো । হয়তো সেই প্ৰৱল ইচ্ছাৰ বাবেই ১৯ বছৰ বয়সত প্ৰথমবাৰৰ বাবে ভাৰতৰ বাহিৰলৈ যোৱাৰ এটি সুযোগ পাইছিলো (কাঠমাণ্ডু,নেপাল) । তাৰ পিছতো কেইবাবাৰো দেউতাৰ চিকিৎসা তথা নিজৰ দুই-এটা নতুন ঠাই চোৱাৰ ইচ্ছাৰ হেতুকে কেইবাবাৰো ভাৰতৰ বাহিৰলৈ যাত্রা কৰিছিলো । সৰুতে স্কুলত থাকোতে মায়ে (শিৱসাগৰ জিলাৰ শ্রেষ্ঠ শিক্ষয়িত্রী বঁটা প্ৰাপ্ত, ৰমিনা শ্যাম) পঢ়োৱা ৰচনাবোৰৰ ভিতৰত – “Travelling is a part of education” নামৰ ৰচনাখনে হয়টো মোৰ মনত বাৰুকৈয়ে সাঁচ বহুৱাইছিল । সেয়ে চাগে সময় সুবিধা হ’লেও ওলাই গৈছিলো এখন নতুন ঠাইলৈ …..নতুনৰ সন্ধানত ।

ইণ্টাৰনেটৰ জৰিয়তে জানিব পাৰিছিলো বাংলাদেশত বৰ্তমানে ভাৰতৰ দৰে তীব্ৰ গতিৰে তথ্য-প্ৰযুক্তিৰ এটি ধাৰা আৰম্ভ হৈছিল, সেয়ে এজন তথ্য-প্ৰযুক্তিৰ ছাত্র হিচাপে তাৰে এটি সোৱাদ ল’বলৈ, এটা এপইণ্টমেণ্টে ফিক্স কৰিছিলো ঢাকা চহৰৰ আগশাৰীৰ তথ্য-প্ৰযুক্তিৰ শিক্ষানুস্থান DIIT । বৰ্তমানে চলি থকা ভাৰত-বাংলাদেশৰ বিভিন্ন ৰাজনৈতিক পৰিস্থিতিৰ হেতুকে পৰিয়ালৰ সদস্যৰ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈছিলো । যি কি নহওক বাংলাদেশলৈ যোৱাৰ যি প্ৰবল ইচ্ছা মনত পুঁহি ৰাখিছিলো, তাকেই সম্পূৰ্ণ কৰিবলৈ অকলে আগবাঢ়ি আহিছিলো ।

যাত্রা আৰম্ভ কৰিছিলো ১৯ জানুৱাৰী’১৬, মঙ্গলবাৰে শিমলুগুৰি ষ্টেচনৰ পৰা হাওড়ালৈ, কলিকতা-কামৰূপ এক্সপ্ৰেচ । ২ টা নিশাৰ যাত্রা আছিল । ২১ জানুৱাৰী’১৬, বৃহস্পতিবাৰে পুৱাই হাওড়া ষ্টেচনৰ ৯ নং প্লেটফৰ্মত উপস্থিত হৈছিলো । ষ্টেচনৰ পৰা ওলাই ডিঙি মালি চাইছিলো হাওড়া ব্ৰীজখনলৈ, কুঁৱলিৰ মাজেৰে যেন হাঁহি মাৰি মোলৈ চাইছিল, তেনে অনুভৱ হৈছিল । লগে লগে এখন গাড়ীৰে যাত্রা আৰম্ভ কৰিছিলো মোৰ স্কুলীয়া বন্ধু লোহিতৰ ৰুমলৈ, তালিগঞ্জ (লোহিত লাহন, শিক্ষাসূত্রে সি কলিকতাত আছিল) । কিছুসময়ৰ পাছত উপস্থিত হৈছিলোগৈ তালিগঞ্জত । গাড়ীৰ পৰা নামিয়েই মাৰ ফোন পাইছিলো, শুনিবলৈ পাইছিলো পাকিস্তানৰ Bacha Khan বিশ্ববিদ্যালয়ত উগ্ৰপন্থীৰ আটক, কেইবাজনো ছাত্র আহত/নিহত । ৰাতিপুৱাই তেনে এটা খবৰ পাই মনতো কিছুসময়ৰ বাবে অস্থিৰ হৈ ৰৈছিল, আশা কৰিছিলো দিনটো যেন ভালদৰে পাৰ হয় । লাহেকৈ লোহিত গাড়ীখনৰ ওচৰলৈ ওলাই আহিল, বহু দিনৰ মূৰত তাক দেখি ভাল লাগিছিল আৰু আমি ৰুমটোলৈ সোমাই গ’লো । গৈয়ে লাহেকৈ গা-পা ধুই, প্ৰয়োজনীয় নথি-পত্র লৈ ওলাইছিলো “Deputy High Commission of Bangladesh, Kolkata”, বাংলাদেশ ভিজাৰ কাৰণে । অফিচ পাই দেখিছিলো বহু দীঘল কেইবাটাও মানুহৰ শাৰী তাৰে এটা শাৰীত নিজেও থিয় দিছিলো । ভিজা ফৰ্ম জমা দিয়াৰ ভাৰতীয় সময় আছিল পুৱা ৯.১৫ পৰা ১১.১৫ লৈ, দেখিছিলো বহু দেশী-বিদেশী লোক শাৰীত আছিল, জেষ্ঠ নাগৰিকৰ শাৰী বেলেগ আছিল । সিদিনা মানুহৰ সংখ্যা যথেষ্ট হোৱাৰ বাবে ফৰ্ম জমা দিয়াৰ সময় ১২.১৫ লৈ আগবঢ়াই দিছিল, পিছে অথচ মই জমা দিব পৰা নাছিলো । প্ৰথম দিনাই তেনেকৈ ব্যৰ্থ হোৱাত মনতো যথেষ্ট বেয়া লাগিছিল । কেইবাবাৰো অফিচ কৰ্তৃপক্ষক অনুৰোধ কৰিছিলো, পিছে ব্যৰ্থ হৈছিলো । উপায়হীন হৈ ৰুমলৈ ঘূৰি আহিছিলো । পিছদিনা পুৱা অলপ সোনকালে ভিজাৰ কাৰণে ওলাই গৈছিলো । আগৰদৰেই শাৰীত থিয় হ’লো । প্ৰায় ২-৩ ঘণ্টা মানৰ পিছত ফৰ্মখন জমা দিবলৈ সক্ষম হৈছিলো । জমা দিয়াৰ সময়ত কাউণ্টাৰটোত থকা মেম গৰাকীৰ কেইবাটাও প্ৰশ্নৰ সন্মুখীন হৈছিলো, তাৰ পিছত তেওঁ মোক এখন ৰচিদ দিছিল, তাত লিখা আছিল ভিজা সংগ্ৰহ কৰাৰ তাৰিখ ও সময়, ২৫-১-১৬, সন্ধিয়া ৬ বজাত । ভিজাখন হাতলৈ অহালৈকে কেইটামান দিন কলিকতাখন পুনৰ এবাৰ ফুৰিব পৰাকৈ অলপ সময় মোৰ হাতত আছিল, সেয়ে নেতাজী সুভাস চন্দ্ৰ বসুৰ জন্মদিনত অনুস্থিত হোৱা এটা Fashion Show ত মৰমৰ ভাইটি ৰৌহনৰ ramp walk ৰ কিছুমান ফটো মাৰিবলৈ গৈছিলো, তাৰোপৰি St. Xavier’s college ৰ Annual fest ত সন্ধিয়া অনুস্থিত হোৱা পাপন দাৰ সংগীতানুস্থানও উপভোগ কৰিছিলো ।

লাহেকৈ সময় আহি পৰিছিল বাংলাদেশলৈ যোৱাৰ, ২৭ জানুৱাৰী’১৬, পুৱাই সোনকালে উঠি Uber ৰ এখন গাড়ীৰে যাত্রা কৰিছিলো, নেতাজী সুবাস চন্দ্ৰ বসু আন্তৰ্জাতিক বিমান বন্দৰলৈ । বিমান বন্দৰ পাই নিজৰ এয়াৰলাইনৰ সৈতে Boarding pass, Check in, আদি পৰ্ব সামৰণি মাৰি, কেইটামান ভাৰতীয় টকা এক্চেঞ্জ কৰিছিলো । সেইদিনা এক্চেঞ্জ ৰেট আছিল 1INR=1.17 Bangladeshi Taka., ক্ৰমে আগবাঢ়িছিলো Immigration আৰু security check in, Immigration counter ত পাইছিলো এজন অসমীয়া Immigration officer, প্ৰশান্ত নাথ । প্ৰায় ভাৰতীয় ১১.৩০ বজাত উৰা মাৰিছিলো ঢাকা চহৰলৈ (বিমান বাংলাদেশ এয়াৰলাইন), এয়ৰলাইনৰ পৰা কিছুমান লঘু আহাৰ খাবলৈ পাইছিলো । লাহে লাহে ১ ঘণ্টা মানৰ পিছত নামিছিলোগৈ, হজৰত শাহজালাল আন্তৰ্জাতিক বিমান বন্দৰত, ঢাকা । লাহেকৈ আগবাঢ়িছিলো Immigration লৈ, প্ৰতিটো কাউণ্টাৰৰ সন্মুখত এটা দীঘল শাৰী । লাহেকৈ Visa, Boarding pass আদি দেখুৱাই নিজৰ বেগেজ সমূহ লৈ বাহিৰলৈ ওলাই আহিছিলো । এখন গাড়ীৰে যাত্রা কৰিছিলো মোৰ বুকিং হৈ থকা হোটেলখনলৈ, হোটেল শাহিদা ইণ্টাৰনেচনেল । হোটেল গৈ পাই লাহেকৈ নিজৰ ৰুমটোলৈ গৈছিলো । অলপ ভাগৰ অনুভৱ কৰিছিলো আৰু টোপনি গৈছিলো, সন্ধিয়া কেতিয়া হৈছিল গমকেই নাপালো । লাহেকৈ তললৈ নামি আহিলো প্ৰথম বাৰৰ বাবে সন্ধিয়াৰ ব্যস্ত ঢাকা চহৰখন চাইছিলো । এখোজ-দুখোজকৈ লাহে লাহে আগবাঢ়িছিলো । ৰাতিৰ ডিনাৰ কৰিবলৈ গৈছিলো এখন ৰেষ্টুৰেণ্টলৈ, খাইছিলো নান, ভাত, কুকুৰাৰ মাংস আৰু কিছুমান স্থানীয় আঞ্জা । পুনৰ হোটেললৈ উভতি আহিছিলো আৰু লাহেকৈ নিদ্ৰাদেৱীৰ আশ্রয় লৈছিলো ।

পিছদিনা পুৱাই গৈছিলো জাতীয় চিৰিয়াখানা চাবলৈ, মিৰপুৰ । দেখিছিলো বিভিন্ন ধৰণৰ দেশী-বিদেশী জীৱ-জন্তু । চিৰিয়াখানাৰ ওচৰতেই আছিল ঢাকা জাতীয় উদ্ভিদ উদ্যান, উদ্যানৰ বহু ভিতৰলৈ অকলে খোজকাঢ়ি গৈছিলো । দেখিছিলো বিভিন্ন ধৰণৰ গছ-গছনি । তাৰোপৰি দেখিছিলো বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্র-ছাত্রীৰ দল । অনুভৱ কৰিছিলো বিভিন্ন ক্ষেত্র অধ্যয়নৰ বাবে তেওঁলোক আহিছিল । বহু দূৰ খোজকঢ়াত অলপ ভাগৰ অনুভৱ কৰিছিলো, কিবা এটা যেন খাবলৈ মন গৈছিল, ওচৰত দেখিছিলো এজন মানুহে কিছুমান কেঁচা গাজৰ, তিয়ঁহ বিক্ৰী কৰিছিল । দেখিবলৈ বেচ ভাল লাগিছিল, তাৰে কেইটামান গাজৰ আৰু তিয়ঁহৰ সোৱাদ লৈ চাইছিলো । কিছুসময়ৰ পিছত পুনৰ যাত্রা আৰম্ভ কৰিছিলো । যিমান দূৰ পাৰি ভিতৰলৈ গৈছিলো আৰু পুনৰ উভতি আহিছিলো হোটেললৈ । তেতিয়া ঠিক দিনৰ প্ৰায় ১.৩০ বাজিছিল, দুপৰীয়াৰ আহাৰ খাবলৈ এখন ৰেষ্টুৰেণ্টলৈ গৈছিলো, মাৰ মুখত শুনিছিলো বাংলাদেশৰ মাছৰ আঞ্জাৰ কথা । সেয়ে তাৰেই সোৱাদ লৈছিলো মিছামাছৰ আঞ্জা আৰু ভাতৰ সৈতে । পিছবেলা পুনৰ ওলাই গৈছিলো আন এখন চহৰলৈ শ্বাহবাগ । তাতেই অৱস্থিত আছিল জাতীয় যাদুঘৰ, বাংলাদেশ । শ্বাহবাগলৈ বাছেৰে গৈ থাকোতে দেখা পাইছিলো বাংলাদেশৰ স্থল, বায়ু আৰু নৌ-সেনাৰ মূখ্য কাৰ্যালয় তথা শিবিৰবোৰ । তাৰোপৰি দেখা পাইছিলো বাংলাদেশৰ প্ৰধান মন্ত্রীৰ কাৰ্যালয় । পিছে সেইদিনা যাদুঘৰ বন্ধ আছিল, সেয়ে ভিতৰলৈ যাব পৰা নাছিলো । ঠাইখন কিছুসময় ভালদৰে চাই, পুনৰ উভতি আহিছিলো হোটেললৈ । সন্ধিয়া পুনৰ ওলাই গৈছিলো নিশাৰ ঢাকা চহৰখন চাবলৈ, সোৱাদ লৈছিলো চহৰৰ ৰাস্তাৰ কাষতে পোৱা বিভিন্ন খাদ্য তথা তামোল-পাণৰ । অনুভৱ কৰিছিলো ঢাকা চহৰৰ প্ৰগতিৰ কথা ।

আজি পুৱাই ওলাই গৈছিলো ঢাকা চহৰৰ পৰা প্ৰায় ৩৫-৪০ কিঃমিঃ মান দূৰত অৱস্থিত লালবাক কিলা চাবলৈ । কিলাৰ সন্মুখত থকা টিকট ঘৰত লিখি থোৱা পৰিলক্ষ্যিত হৈছিল, SAARC ৰাষ্ট্ৰৰ নাগৰিকৰ বাবে টিকটৰ মূল্য বেলেগ । এটা টিকট সংগ্ৰহ কৰি কিলাটোৰ ভিতৰলৈ সোমাই গৈছিলো । দেখিছিলো বহু ডাঙৰ ফুলনি, অনুভৱ কৰিছিলো সেই সময়ৰ মোগল সম্ৰাটৰ নিৰ্মাণৰ কাৰোকাৰ্য । পিছে ইংৰাজৰ আগমণ হোৱা হেতুকে আজিও লালবাক কিলাৰ নিৰ্মাণ অসম্পূৰ্ণ হৈ ৰ’ল । অথচ তাকেই চাবলৈ প্ৰতিদিনে আহে পৃথিৱীৰ বিভিন্ন ঠাইৰ লোক । ময়ো লগ পাইছিলো নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ কেইজনমান পৰ্যটক । তাৰ পৰা এখন ৰিক্সাৰে গৈছিলো নটি দূৰত অৱস্থিত একমাত্র হিন্দু পৱিত্র ঠাই ঢাকেশ্বৰী মন্দিৰ (দূৰ্গা মন্দিৰ) । জানিব পাৰিছিলো ঢাকেশ্বৰী মন্দিৰৰ ৰক্ষণাবেক্ষণৰ সম্পূৰ্ণ দায়িত্ব বহন কৰিছিল বাংলাদেশ চৰকাৰে, সেয়ে মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁতে প্ৰতিটো খোজতে অনুভৱ কৰিছিলো বাংলাদেশী সেনাৰ কাঢ়া পহৰা । যতে সেই ঠাইত কোনো গোষ্ঠী সংঘৰ্ষ বা তেনে কোনো অঘতন নঘতে, তাৰ প্ৰতি তেওঁলোক দায়বদ্ধ আছিল । মন্দিৰৰ ভিতৰত লগ পাইছিলো ভাৰতৰ বিভিন্ন প্ৰান্তৰ দূৰ্গা মা ৰ অনুগামী । মা ৰ চৰণত ময়ো সেৱা এভাগ জনাই সেই ঠাইৰ পৰা বিদায় মাগিছিলো । পুনৰ যাত্রা আৰম্ভ কৰিছিলো, এইবাৰ মুক্তিযুদ্দ্ধ যাদুঘৰ, ঢাকা । যাদুঘৰত টিকত সংগ্ৰহ কৰি Security check in সম্পূৰ্ণ কৰি সোমাই গৈছিলো যাদুঘৰৰ ভিতৰলৈ । প্ৰথম সোমায়ে দেখা পাইছিলো জাতীৰ পিতা মহাত্মা গান্ধীৰ এখন ছবি, আন এখন ৰাষ্ট্ৰৰ যাদুঘৰত যেতিয়া কাৰোবাৰ স্থান ইমান উচ্চ হয়, অনুভৱ কৰিব পাৰি প্ৰকৃততে লোকজনৰ মাহাত্ম্যৰ কথা । লাহে লাহে বস্তু বিলাক নিৰীক্ষণ কৰি, এটা কোঠাৰ পৰা আন এটা কোঠালৈ গৈছিলো । তাৰে ভিতৰত মোক আকৰ্ষণ কৰিছিল আন এখন ছবিয়ে, ছবিখন আছিল কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ, পৃথিৱীৰ এজনেই ব্যক্তি আছিল যিয়ে দুখন ৰাষ্ট্ৰৰ বাবে জাতীয় সংগীত লিখি থৈ গৈছিল (ভাৰত/বাংলাদেশ) । অলপ দেৰি বস্তুবোৰ নিৰীক্ষণ কৰাৰ পিছত অনুভৱ কৰিব পাৰিছিলো কিমান অহোপুৰুষাৰ্থ চেষ্টাৰ বলত বাংলাদেশে স্বাধীনতা লাভ কৰিছিল আৰু অনুভৱ কৰিছিলো নিজ দেশৰ স্বাধীনতাৰ সকে যুঁজাৰ উপৰিও বাংলাদেশৰ স্বাধীনতাৰ সকে বাপুজী, ৰবীন্দ্ৰ নাথ ঠাকুৰকে আদি কৰি ভাৰতৰ আন বহু মুক্তি যুঁজাৰুৱে কি দৰে যুঁজিছিল , তেনেস্থলত কিছু সময়ৰ বাবে আৱেগিক হৈ পৰিছিলো ।

আজি গৈছিলো DIIT লৈ । তাত লগ পাইছিলো জাপান-দক্ষিণ কোৰিয়াৰ কেইজনমান ছাত্র, কেইখন মান Seminar ৰ সেতুকে কেইটামান দিনৰ বাবেহে তেওঁলোক ইয়ালৈ আহিছিল । ইমান দিনে যিজন মানুহৰ সতে ই-মেইলৰ জৰিয়তে কথা পাতি আছিলো, সন্মুখত মানুহজনক লগ পাই নথৈ আনন্দিত হৈছিলো । মঃ ছাৰৰ সৈতে আৰম্ভ কৰিছিলো এটা দীঘলীয়া কথোপকথন । নিজৰ প্ৰয়োজনীয় তথ্য-পাতি সমূহ লৈ মঃ ছাৰৰ ওচৰৰ পৰা বিদায় লৈছিলো পুনৰ লগ পোৱাৰ এটি আশাৰে । পিছবেলালৈ গৈছিলো বাংলাদেশ জাতীয় যাদুঘৰ, স্বাহবাগ । যথেষ্ট ডাঙৰ আছিল যাদুঘৰটো, প্ৰায় ২-২৩০ ঘণ্টা যাদুঘৰৰ ভিতৰতেই কটাইছিলো । উপভোগ কৰিছিলো সংগ্ৰহ কৰি থোৱা বিভিন্ন বহু মূল্যৱান সামগ্ৰী । কোঠাত দেখিছিলো মুক্তিযুদ্ধৰ বহু পুৰণি মূল্য়ৱান সামগ্ৰী । পুনৰ তাত দেখা পাইছিলো বাপুজীৰ এখন ডাঙৰ ছবি । অৱশেষত বিদায় ল’লো তাৰ পৰা । লাহেকৈ বিদায় লোৱাৰ সময় আহি পৰিছিল, সেয়ে আজি ওলাই গৈছিলো অলপমান বজাৰ কৰিবলৈ, ঢাকা চহৰৰ দুখনমান ডাঙৰ মললৈ গৈছিলো । বাংলাদেশৰ চিন হিচাপে প্ৰয়োজনীয় দুই-এটা বস্তু ক্ৰয় কৰিছিলো, তাৰে ভিতৰত মোৰ ভাল এটা বস্তু আছিল বাংলাদেশৰ এখন জাতীয় পতাকা । হোটেললৈ উভতি আহিলো, গা-পা ধুই শেষবাৰৰ বাবে নানা বাংলাদেশী আহাৰৰ এটা সোৱাদ লৈছিলো, তাৰে ভিতৰত আছিল – ৰৌ মাছৰ আঞ্জা, কুকুৰাৰ মাংস, নান, বিভিন্ন ধৰণৰ চালাদ, আচাৰ ইত্যাদি । সন্ধিয়া ওলাই গৈছিলো হজৰত শাহজালাল আন্তৰ্জাতিক বিমান বন্দৰলৈ । Boarding pass, Check in, Immigration আৰু Security check in আদি পৰ্ব সামৰণি মাৰি, জানিবলৈ পাইছিলো আমাৰ বিমানখন নিৰ্ধাৰিত সময়তকৈ ৩ ঘণ্টা দেৰিকৈ উৰা মাৰিব । জেপত ৰাহি থাকি যোৱা কেইটামান বাংলাদেশী টকা পুনৰ দেশীয় টকালৈ এক্চেঞ্জ কৰিলৈছিলো । তাত লগ পাইছিলো কেৰেলাৰ এজন অভিযন্তা, তেওঁৰ পৰা জানিব পাৰিছিলো দ্ঢাকা চহৰৰ পানী পৰিশোধনৰ এটা প্ৰকল্পৰ বাবে তেওঁ ইয়ালৈ আহিছিল । সময়ৰ সাল সলনিৰ বাবে উপায়হীন হৈ ৱেটিংৰুমত বহি আছিলো, অনুভৱ কৰিছিলো আন যাত্রী সকলৰো যথেষ্ট কষ্ট হৈছিল । অৱশেষত প্ৰায় ৩-৩.৩০ ঘণ্টাৰ পিছত বিমানৰ এনাউন্চমেণ্ট আৰম্ভ হ’ল, নিৰ্ধাৰিত গেটৰ আগত থিয় হ’লোগৈ । লাহেকৈ বিমানৰ ভিতৰত সোমাই নিজ ছিটত বহিলো । বাংলাদেশৰ স্থানীয় সময় অনুসৰি নিশা প্ৰায় ১২.৩০ মান বজাত, বহুতো সৰু-ডাঙৰ স্মৃতিৰে পুনৰ উৰা মাৰিলো নিজ দেশলৈ । বিমানৰ হৰু খিৰিকিখনেৰে শেষবাৰৰ বাবে তিৰবিৰাই থকা ঢাকা চহৰখনক চাইছিলো, কেইটামান দিন ইয়াত থাকিয়ে বহু আপোন যেন হৈ পৰিছিল ঠাইখন । নিশা যথেষ্ট হোৱা হেতুকে অলপ ভোক লগা যেন অনুভৱ কৰিছিলো, এয়াৰলাইনৰ পৰা দিয়া আহাৰ ঠিক সেই মূহুৰ্তেই পাইছিলো, লগে লগে ভোক আঁতৰিছিল ।

যি কি নহওক অকলশৰীয়া কৈ যদিও এইবাৰ যাত্রা কৰিছিলো পিছে কোনোদিনেই আমনিৰ সন্মুখিন হোৱা নাছিলো, হয়তো চাগে নিজৰ ব্যস্ততাৰ বাবে । সৰুৰে পৰা বাংলাদেশৰ প্ৰতি যি ধাৰণা আছিল, সেয়া মোৰ সম্পূৰ্ণ সলনি হৈছিল । নিশা প্ৰায় ১.৩০ মান বজাত উপস্থিত হৈছিলোহি নেতাজী সুভাস চন্দ্ৰ বসু আন্তৰ্জাতিক বিমান বন্দৰ, কলিকতা । হয়তো বৰ্তমানেও ভাৰত-বাংলদেশৰ মাজত বিভিন্ন ৰাজনৈতিক খেলি-মেলি হোৱা পৰিলক্ষ্যিত হয়, যি কি নহওক কেইটামান দিনৰ কাৰণে হ’লেও অনুভৱ কৰিছিলো দেশখনৰ কিছুমান নিজা সুকীয়া অস্তিত্ব । সৰু-সৰু কিছুমান মিঠা-তিঁতা অভিজ্ঞতাৰে এটা ৰঙীন যাত্রা সামৰণি মাৰিছিলো, পুনৰ আন এখন নতুন দেশলৈ যোৱাৰ এটি হেঁপাহেৰে । হয়টো এই যাত্রাই মিক দিছিল কিছুমান জীৱনত কোনোদিনেই পাহৰিব নোৱাৰা অভিজ্ঞতা তথা স্মৃতি ।

ৰাজলোচন বৰুৱা

তথ্য প্ৰযুক্তি বিভাগ

কুৰুক্ষেত্র বিশ্ববিদ্যালয়, কুৰুক্ষেত্র

(শিৱসাগৰ)

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *