মহৌষধি বাঁহৰ গাজৰ চমৎকাৰী স্বাস্থ্যগুণ //

বাঁহৰ-গাজ স্বাস্থ্য উপকাৰী কিয় ?

(১) উচ্চ ৰক্তচাপ থকা লোকৰ বাবে উপকাৰী :-বাঁহ-গাজত যথেষ্ট পৰিমাণে প’টেচিয়াম থাকে। ফলত উচ্চ ৰক্তচাপ ৰক্তচাপ নিয়ন্ত্ৰণ হয়, হৃদযন্ত্ৰৰ গতি সমতুল হয়।

(২) কৰ্কটৰোগ বাবে লাভজনক এই গাজ : বাঁহ-গাজত ফাইটোষ্টেৰল নামৰ দ্ৰব্য থাকে। যিয়ে কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে ।

(৩) শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি ত সহায়ক : বাঁহ- গাজত থকা এন্টিঅক্সিডেন্ট,মিনাৰেল, ভিটামিন আৰু ট্ৰেচ এলিমেন্ট আদিয়ে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷

(৪) পাচনতন্ত্ৰৰ বাবে উপকাৰিতা : পেটৰ ক্ষুধা বৃদ্ধি কৰে, হজম ক্ৰিয়াত সহায় কৰে,ডায়েৰিয়া ভাল কৰে, শৌচৰ পৰিমাণ বূদ্ধি কৰি কোষ্ঠ-কাঠিন্য ৰোগ আতৰায় ৷ পিত্তৰ বিষৰ উপশম ঘটায় ৷ পেটৰ পেলু নিয়ন্ত্ৰণ কৰে বাঁহৰ গজে।

(৫) মহিলাৰ ঋতুস্ৰাৱৰ সময়ত হোৱা পেট বিষ আৰু প্ৰসৱ বিলম্বনত বাঁহ-গাজ উপযোগী ৷

(৬) ক’লেষ্টেৰল হ্ৰাস হয় বাঁহ গাজ খালে ফলত হৃদৰোগ প্ৰতিৰোধ হব ৷

( ৭) এন্টিইনফ্লেমেটৰী আৰু বিষহাৰক গুণৰ বাবে বাঁহ-গাজ কটা-চিঙা, খহু,ঘাত আদিত বাহ্যিক প্ৰয়োগ কৰি যোগাত্মক ফলাফল দেখা গৈছে ৷

(৮) বাঁহ-গাজৰ এন্টিভাইৰেল ক্ৰিয়া – মিজলচৰ চিকিৎসাত বাঁহ-গাজৰ চুপ খোৱাই ৰোগীয়ে কম সময়তে আৰোগ্য লভা দেখা গৈছে ৷ অসমৰ বিভিন্ন ঘৰত এতিয়াও আই (বসন্ত) ওলোৱাৰ পঞ্চম দিনত শুকনি হিচাপে শুকান খৰিছা -মাগুৰ মাছৰ আঞ্জা দিয়া হয়।

(৯) বিষহাৰক গুণৰ বাবে বাঁহ-গাজ বাত বিষৰ চিকিৎসাত উপযোগী ৷

(১০) মেদবহুলতা আৰু ওজন কমাবলৈ খাব পাৰে বাঁহ গাজ । ১০০গ্ৰাম বাঁহগাজত থাকে ৮গ্ৰাম ডায়েটেৰী ফাইবাৰ ৷ ফাইবাৰ বেছি আৰু কেলৰি কম থকাৰ ফলত কলেষ্টেৰল কমাত সহায়ক হয়

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *