….ডেইজী কলিতা…. মোক কোনো Boyfriend নহয়, এজন প্ৰকৃত সংগীৰ প্ৰয়োজন..! কোনো সন্ধিয়া সংগীতৰ লয়ত বিলীন হৈ long driveত যাবলৈ বিচৰা জন নহয়,  মোৰ হাতত হাত থৈ একেলগে খোজকাঢ়ি ভালপোৱা এজন লগৰীৰ প্ৰয়োজন। ফুলৰ থোপা উপহাৰ দিয়া নহয়, মোৰ লগত প্ৰতিজোপা ফুলৰ প্ৰতিপাল কৰা এজন সংগীৰ প্ৰয়োজন। মোক নিজতকৈও বহুত বেছিContinue Reading

…কল্পজ্যোতি ৰায়…. ।। পাহাৰটো ।। -ইমান ওখ পাহাৰ বাৰু  কেনেকৈ বগায় মানুহে -পাহাৰ বগাবলৈ পালোৱান এটা হ’ব নালাগে নহয়  মনটোহে লাগে -হ’ব পাৰে । মই নাজানো -তুমিনো কি জানা । বহুত কিবাকিবি জানা   কিন্তু এই সৰু সৰু কথাবোৰেই নাজানা -মইতো নিজকেই ভালকৈ নাজানো -পাহাৰ বগাবলৈ পালোৱান হ’ব নালাগে  Continue Reading

….প্ৰাণেশ্বৰ শৰ্মা…. আজিকালি মন্দিৰ সমূহৰ থাপনাৰ কাষত বা পুথিপাঠৰ থাপনাৰ কাষত মিঠাতেলৰ যিটো বটল থোৱা দেখা যায়, সেইটো ভালকৈ লক্ষ্য কৰিলে দেখা যাব যে , সেইটো আগতে আছিল এটা মদৰ বটল।কিছুমান ত আকৌ লেবেলখন লগোৱাই থাকে। বটল সেই একেটাই ।আগতে মদ থকা অৱস্থাত তাৰ মন্দিৰৰ ভিতৰত প্ৰৱেশ নিষিদ্ধ আছিল, এতিয়াContinue Reading

….মৃদুল দলে…. গুৱাহাটী বিশ্ববিদ্যালয়…. বুঢ়া পাহাৰৰ সেউজীয়াত মই লুকাই আছোঁ চৰাই পাখিৰ কুঁৱলীবোৰে মোক নিতৌ সাধু শুনায় নিজান ৰাতিত পাহাৰখনে শিল এচটাৰ কথা কয় আৰু মই নীলা চৰাইটোৰ প্ৰেমত নদী এখনৰ সপোন দেখিছোঁ যাৰ গভীৰতাত গা ধোঁৱে প্ৰকৃতিয়ে মেলি থয় কাহিলী পুৱা যেন ঊষা পাৰাপাৰহীন চুলি একোচা   ভৈয়ামৰ গৰখীয়াইContinue Reading

…দীপজ্যোতি বৰা… অসমীয়া বিভাগ, গুঃ বিঃ… আজি কেইবাদিন ধৰি মনাই ভালদৰে শুব পৰা নাই, খাব পৰা নাই। সন্ধিয়া তিনিআলিৰ দোকানত বহি আড্ডা মাৰিব পৰা নাই। সকলো সময়তে কিবা এটা চিন্তা কৰি থাকে। সৰুমাইৰো মনটো গোমা। এনেয়ে হোৱা হ’লে পুতেক ঘৰলৈ অহাৰ খবৰ পালেই সৰুমাইৰ গা সাতখন-আঠখন হৈ থাকে। পুতেকক কিContinue Reading

……ড˚ চিত্তৰঞ্জন দাস……. জোন নোচোৱাৰ বা চাবলৈ নোপোৱাৰ যন্ত্রনাই আমাৰ মালিতাৰ সক্ষিপ্ত সাৰ কথা সূৰ্যৰ সোণকণাৰ সলনি ভাল পালা তুমি জোনাকৰ চাদৰত নিৰ্জনতাৰ খলকনি তুমি সপোনৰ দেশৰ আদিম অধিবাসী বস্তুৰ ব্যস্ততাত হেৰুৱালো হয়তোবা আলফুল ভূমিৰ খোপনি নক্ষত্রৰ আখৰ পঢ়ি গম পালো জোন হেৰুৱাৰ কাহিনী দুদন্তৰ শান্তিৰ জিৰণি ৰ’দ ভাল পাইContinue Reading

……ড˚ চিত্তৰঞ্জন দাস……. আপুনিয়েই কথাষাৰ কওক যিষাৰ কথা ক’ম ক’ম বুলি ভাবি আছে আপুনি সেইষাৰ তেওঁৰো কথা আপুনি ক’লেই তেওঁ তেওঁৰ সহজ সোঁহাত আগবঢ়াই দিব চকু জপাই চালেই গম পাব দুয়োখন হাতৰ মাজত আৰু দহখন হাতৰ চাপ এই এটা চাপৰ বাবেই সময় ৰৈ আছে ইতিহাসে উকা কৰি ৰাখিছে পৃষ্ঠাৰ পিচতContinue Reading

….ড˚ চিত্তৰঞ্জন দাস… চাউলখোৱা নদীখন আপোনাক উপহাৰ দিলোঁ হে অচিনাকি আপোনজন আপুনি হাত পাতক খুলি দিয়ক বুকুৰ বাহৰ আপোনাৰ কান্ধ আগবঢ়াই দিয়ক আপুনি বহন কৰক নদীখন   নদীৰ বুকুৰ পানী সোণোৱালী ৰূপোৱালী মাছ মগৰ ঢৌ জিলমিল চমকনি অহৰহ গতিশীল যি সেইবোৰো আপোনাৰ নে আপুনি সিহঁতৰ তাৰ বিচাৰো আপোনাৰ   আপোনাৰ বাৰীত চৰি ফুৰা উভচৰ প্ৰাণী সিটি যাক দেখি আপুনি চমক খাই উঠে যদিওবা জানে আপুনি তাতকৈ তাৰ স্বভাৱ বহুবেছি আপোনাতে সামৰিছে আপুনি তাৰ সুক্ষ্ম গতিৰ সৌন্দৰ্য বাদ দি   একা-বেঁকা কৰি বৈ যোৱা গতিৰ প্ৰতীতি আৰু দুপাৰৰ পলসুৱা স্মৃতি কি জানিবা তাৰো নাম চাউলখোৱা নদী ক’ৰবাত লগ লাগে মানাহৰ সতে মানাহতে সাগৰীয় বিস্তৃতি   সেইখনি নদী আৰু নদীৰ বুকুৰ সমস্ত কিবাকিবি আপোনাক উপহাৰ দিলোঁ সেই ভাবি আপোনাতে নদীময় গতি আৰু চিকুণ প্ৰবৃত্তি ।Continue Reading

….ড˚ চিত্তৰঞ্জন দাস…. লিওনাৰ্ডো দা ভিন্সিক লগ পাই হতবাক হ’লোঁতেৱোঁ থৰ চকুৰে চাই ক’লেতেওঁনো কেতিয়া ক’লে মনালিছাই হাঁহিছিল বুলিচকুৰ কোণ হালধীয়া সেই সন্তান সম্ভবা নাৰী অতি অভিনয়পটু ঢাকি থলে অশ্ৰুচকুৰ কাজল ওঁঠৰ কম্পন মিহলাইছটিয়ালে কৃত্রিম চমকনিসেয়া কি হাঁহিদেৱদূত এটি তেওঁকে আধাৰ কৰিকাহানিবা আহিব নামি, ঠাই ক’ত তাৰ আমাৰ সেই একেখনিContinue Reading

Covid-19, সমগ্ৰ বিশ্বৰ বাবে মূৰৰ কামোৰণী হৈ পৰা এই ভাইৰাছত আক্ৰান্ত হৈ বহু মানুহৰ মৃত্যু হোৱাৰ লগতে আন বহুতো চিকিৎসালয়ৰ বিচনাত মৃত্যুৰ সৈতে যুজি থকা দেখা গৈছে । বিশ্বৰ আগশাৰীৰ দেশ আমেৰিকা, চীন, ইটালী আদি দেশত এই ভাইৰাছত আক্ৰান্ত হোৱা মানুহৰ সংখ্যা দিনে দিনে বাঢ়ি গৈছে । চিকিৎসালয়ত হাহাকাৰ অৱস্থাContinue Reading