…..প্ৰীতম শৰ্মা….. মই শব্দৰ মালা গুঁঠি জনাব বিচাৰোঁ মই মোৰ যৌৱনৰ সমস্ত কাহিনীৰ কথা কব বিচাৰোঁ মই দুচকুৱে ঢুকি নোপোৱা ঠাইত তোমাক বিচাৰোঁ মই উশাহ হৈ তোমাৰ হৃদয়ত বিলীন হব বিচাৰোঁ হৃদয়ে তোমাৰ বিচৰা বোৰৰ অৰ্থ নহয় জানো মই তুমি গুপুতে সাঁচি ৰখা হেঁপাহৰ আৰম্ভণি নহয় জানো মই, নহয় জানোContinue Reading

…..ছন্দামিতা ঠাকুৰীয়া…..চিৰাজুলি, শোণিতপুৰ….. ১ : তিনি বছৰ হৈ গ’ল? : উম… : কোন পিনেৰে উৰি গৈছে ৰে সময় ! : এই দিনটোতে মই পল্লৱীক কি কৈছিলোঁ জান’? তই নোহোৱা হ’লে সেই সময়খিনি কিমান অৰ্থহীন হ’লহেতেন ! কেনেকৈ জানো চম্ভালিলোঁ হয় নিজকে ! : হয় নেকি? : উম.. আৰু চা… কথাবোৰContinue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) দুই ভদ্ৰেশ্বৰৰ বাল্যবন্ধু ‘ৰতন’ এতিয়া চাকৰিসূত্রে চহৰত থাকে । ভদ্ৰেশ্বৰৰ একমাত্র বিশ্বাসী বন্ধু আৰু বিপদৰ বন্ধু । ভদ্ৰেশ্বৰৰ যিকোনো বিপদ হ’লেই ৰতনৰ ওচৰ চাপে । বেচেৰা ৰতনটোৱেওঁ ভদ্ৰেশ্বৰক সহায় কৰি ভাল পায় । অকল ভদ্ৰেশ্বৰকে নহয় ৰতনে গাঁৱৰ কিবা অনুষ্ঠান-প্ৰতিষ্ঠানত হাত উজাৰিContinue Reading

……প্ৰীতম শৰ্মা……… এটা সময় এনেকুৱাও আছিল ঘৰচিৰিকা কেইজনীৰ খলকনিত দুচকু মেল খাইছিল পদূলিৰ দুবৰিৰ চেঁচা পৰশত শৰীৰ সতেজ হৈছিল ৰাতিপুৱা অনাতাঁৰৰ বাতৰিয়ে সময়ৰ উমান দিছিল এটা সময় এনেকুৱাও আছিল যেতিয়া সপোন বোৰ নিভাঁজ আছিল দিঠক বোৰো কুঁহি পাতে সজাইছিল খেলা ধূলা বোৰো ৬ ইঞ্চিত আবদ্ধ নাছিল এটা সময় এনেকুৱাও আছিলContinue Reading

…..মুনমী পাঠক…..উত্তৰ গুৱাহাটী….. কাৰ পৰিচয় লৈ কাৰ শিৰত জিলিকিছ’ তই? সেউতাৰ মাজত ৰঙা আলি বান্ধি কাৰ ইচ্ছা-আকাংক্ষাক কিহেৰে মেৰিয়াইছ’ তই? এটা জাতিত ওলমি থকা তোৰ জীৱন; এজনী নাৰীৰ অস্তিত্ব তয়েই। ৰঙা তোৰ পৰিচয়; এটি কঠিন বান্ধোন তই! তেন্তে তোৰ সুখ ক্ষন্তেকীয়া কিয়? তোৰ ৰং মচিবলৈ অধিকাৰ কাক কিয় দিছ’?Continue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা)…. আজি তোমাৰ সৈতে ওৰে ৰাতি কথা পাতিম বখলিয়াই যাম জীৱনৰ বেঠা। আজি তোমাৰ সৈতে নিশাযাপণ কৰি দেখুৱাই দিম জীৱনৰ সেতাঁপৰা ৰং! মই জানো তুমি জীৱন যুদ্ধত পৰাজিত সৈনিক আৰু মই এইটোও জানো পেটত গাঠি দি যুঁজাৰ শক্তি তোমাৰ কপালত নাই! আজি ওৰেContinue Reading

……কমল দত্ত………গুৱাহাটী বিশ্ববিদ্যালয়……. (“ফৈজ আহমদ ফৈজ”ৰ কবিতা “মুজছে পহেলি চি মোহব্বত”ৰ আলম লৈ) ভালপোৱাবোৰ আগৰ দৰে নিবিছাৰিবা । সময়বোৰ আগৰ দৰে হৈ থকা নাই । জানো আগতেও দিনান্তবোৰ ভাগৰুৱা হৈছিল তথাপি তোমাৰ হাতত ধৰি নৱগ্ৰহৰ পাহাৰৰ ওপৰৰ পৰা জুমি চাইছিলো আকাশ । পোহৰ ভৰি পৰিছিল চকুত আকাশীগংগাৰ নৱৰুণ । চান্দমাৰিতContinue Reading

……সাগৰিকা গোস্বামী……. অতীতৰে পৰা পৃথিৱীত বিভিন্ন মহামাৰী সংসাৰী ৰূপ দেখুৱাৰ পিছত বৰ্তমান সময়ত ক’ভিড-১৯ নামে আন এটি মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আশা কৰোঁ সকলোৱে যাতে এনে এক পৰিস্থিতিৰ পৰা অতিশীঘ্ৰেই পৰিত্ৰাণ পাওঁক। প্ৰথমতে অতি কম ঠাইত সীমাবদ্ধ হৈ আছিল যদিও ২০২০ ৰ ফেব্ৰুৱাৰীৰ মাহৰ শেষৰফালৰপৰা বহু দেশ-বিদেশ জুৰি বিয়পিContinue Reading

….মানস জ্যোতি মেধী… প্ৰথম চাৱনিতে তোৰ প্ৰেমত পৰিছিলো তোৰ দুচকুত ভাঁহি উঠে এসাগৰ মৰম, আৰু তোৰ যে হাঁহিতো❤ উফ, বুকুৰ হাৰ্ড ডিস্কেই ফৰমেট হৈ য়ায। হৃদয়ৰ সাগৰত ত্রোমাৎ উফন্দি উঠা বোৰে কয় লাভ নাই বুজিছ তাই তোক পাত্রাই নিদিয়ে আৰু মই আকৌ পাগল মনটোক কওঁ আৰে লাজ্জাৰি আইটেম পাবলৈ হলেContinue Reading