অৰ্ধ চন্দ্ৰ নখ থাকিলে কি কি লাভ হয় !!
তৰ্জনী আঙুলিত :- যেতিয়া অৰ্ধ চন্দ্ৰ আকৃতি দৰে চিন থাকিলে জীৱনত বহুত সুখ হয় আৰু অতি সোনকালেই টনকিয়াল হয় লগতে ভাল খবৰ পোৱাৰ আশা থাকে বুলি বিশ্বাস কৰা হয়।
মধ্যমা আঙুলি :- মধ্যমা আঙুলিত যেতিয়া অৰ্ধ চন্দ্ৰৰ আকৃতি চিন থাকে তেতিয়া উদ্যোগ আৰু মেচেনাৰী কামবোৰত অতি সোনকালেই সফলতা পাই আৰু ভৱিষ্যতে অধিক উপাৰ্জন কৰিব পাৰে বুলি বিশ্বাস কৰা হয়।
অনামিকা :- অনামিকা আঙুলিত যেতিয়া অৰ্ধ চন্দ্ৰৰ আকৃতিৰ চিন থাকে সমাজত তেনেকুৱা মানুহে বহুত সন্মান লাভ কৰে তেওঁলোকে সমাজৰ কাম কৰি ভাল সমাজকৰ্মী হৈ প্ৰতিষ্ঠা লভে বুলিও বিশ্বাস কৰা হয়। আৰু এনে লোকৰ দাম্পত্য জীৱন বহু সুখৰ হয়।
কনিষ্ঠ আঙুলি (কেঞা) :- কনিষ্ঠা আঙুলিত যেতিয়া অৰ্ধ চন্দ্ৰ আকৃতি থাকে তেতিয়া তেনেকুৱা মানুহৰ ভৱিষ্যতে যিকোনো ব্যৱসায়ৰ পৰা লাভ পোৱাৰ বহুত সম্ভাৱনা থাকে। আৰু ব্যৱসায়ত লাভ হোৱাৰ সম্ভাৱনা প্ৰতিদিনেই বাঢ়ি গৈ থাকে।
বুঢ়া আঙুলি :- বুঢ়া আঙুলিত যেতিয়া অৰ্ধ চন্দ্ৰ আকৃতিৰ চিন থাকে তেনেকুৱা ব্যক্তিৰ হঠাৎ সুখ আৰু সফলতা পাই যায় । লগতে দৰিদ্ৰ লোকক সহায় কৰিবলৈ আগবাঢ়ি যাবলৈ সক্ষম হয়।