কলদিল খাওঁক আৰু ধুনীয়া হৈ থাকক//

কলদিল খাওক আৰু ধুনীয়া হৈ থাকক :-

কলফুল বা কলদিল ঔষধি গুণৰে সমৃদ্ধ, কেৱল সুস্বাস্থ্য, ছাল আৰু চুলিৰ বাবে নহয়, মানুহৰ শৰীৰৰ বিভিন্ন সমস্যাৰ বাবে কল ফুল বৰ উপকাৰী।

কলফুল খালে কি কি উপকাৰ হ’ব তলত উল্লেখ কৰা হ’ল-

১. কলডিলত এচিটিক এচিড, টেনিন, ফ্লেভনইড আৰু প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে যি কৰ্কট ৰোগ আৰু হৃদৰোগৰ আশংকা হ্ৰাস কৰাত সহায় কৰে।

২. কলডিল ইলেমেণ্টেল আইৰনৰ এক উন্নত উৎস। ইয়াৰ গ্ৰহণে হিমোগ্লোবিন অতি দ্ৰুতভাৱে বৃদ্ধি কৰে।

৩. কলফুলে তেজৰ পৰা কলেষ্টৰল হ্ৰাস কৰে। যি তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰে। গতিকে কলডিল ডায়েবেটিচ ৰোগীৰ বাবেও লাভজনক।

৪. কলফুলত এণ্টি-ডিপ্ৰেচণ্ট থাকে যি আপোনাক মানসিক চাপৰ পৰা সুৰক্ষিত কৰিব আৰু আপোনাৰ চিন্তা শক্তি উন্নত কৰাত সহায়ক হব।

৫. দেহৰ কোনো অংশত কেতিয়াবা অধিক বিষ হলে বা ৰক্তক্ষৰণ হয় তেন্তে দৈৰ সৈতে কলফুলৰ পেষ্ট বান্ধি দিলে যথেষ্ট আৰাম পোৱা যায়।

৬. দীৰ্ঘ দিনৰ বাবে যৌৱন প্ৰাপ্ত আৰু ধুনীয়াহৈ থাকিবলৈ কলডিল খাওক আৰু কলফুলৰ পেষ্ট দৈনিক ফেচ ক্ৰীম হিচাপে ব্যৱহাৰ কৰিলে মুখমণ্ডলৰ উজ্জ্বলতা বৃদ্ধি হৈ আপুনি ধুনীয়া হৈ পৰিব।

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *