অমিতাৰ ৫ টা সুন্দৰ স্বাস্থ্যগুণ! কৰ্কটৰ দৰে ৰোগ প্ৰতিহত কৰিবলৈ অমিতাৰ আছে শক্তি!
অমিতা (Papaya)ৰ কথা আমাৰ মনলৈ তেতিয়া আহে, যেতিয়া আমি কোনো ৰোগত ভুগি থাকো অথবা পেটৰ সমস্যা হয়। সাধাৰণতে অমিতা এনে এবিধ ফল যি, পুষ্টিৰে পৰিপূৰ্ণ আৰু ইয়াৰ বহু ঔষধি গুণ আছে। নিয়মীয়াকৈ অমিতা গ্ৰহণে বহুতো ৰোগৰ পৰা আমাক আঁতৰাই ৰাখে। ই কেৱল পাচনতন্ত্ৰক শক্তিশালী কৰি ৰখাই নহয়, ভোক বৃদ্ধি কৰে। গুৰুত্বপূৰ্ণ কথাটো হ’ল যে, আপুনি ইয়াক কেঁচাই আৰু ৰান্ধি দুয়োটা ৰূপতেই খাব পাৰে আৰু দুয়োটা ৰূপতে ই উপকাৰী। অমিতাত ভিটামিন A, ভিটামিন C, নিয়াচিন, মেগনেছিয়াম, কেৰোটিন, ফাইবাৰ, ফলেট, পটাছিয়াম, তাম, কেলচিয়াম আদি থাকে।
১) দেহৰ ওজন নিয়ন্ত্ৰণ কৰি ৰাখিব অমিতাই। পেপেইন উৎসেচক এ হজম কৰাৰ উপৰিও কলেষ্টৰল আৰু চৰ্বি নগণ্য পৰিমাণে থাকে বাবে দেহৰ ওজন নিয়ন্ত্ৰণ কৰিব পাৰে।
২)হ্ৰদযন্ত্ৰৰ বাবে উপকাৰী অমিতা :- অমিতাত যথেষ্ঠ পৰিমাণে অহিয়া পদাৰ্থ, ভিটামিন চি আৰু এন্টি-অক্সিদেন্ত থাকে। অহিয়া দ্ৰব্যই কলেষ্টৰল নিয়ন্ত্ৰণ কৰে, হৃদয়ত তেজৰ সঞ্চালন বৃদ্ধি কৰে ফলত হৃদৰোগ প্ৰতিৰোধ হব।
৩) দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়:- অমিতাত বিটা-ক্ৰিপ্টোক্সাথোন,লাইকোপেন, কেৰোটিনইড আৰু কেৰোটিনৰ দৰে উপদান থাকে যি কেঞ্চাৰ ৰোগ প্ৰতিৰোধ প্ৰতিৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
৪) পাচনতন্ত্ৰ শক্তিশালী কৰে :- অমিতাত যথেষ্ট পৰিমাণ পাচন এনজাইম থাকে আৰু যথেষ্ঠ পৰিমাণে অহিয়া পদাৰ্থ থকা বাবে পাঁচন ক্ৰিয়া সক্ৰিয় হৈ পৰে।
৫) দৃষ্টি শক্তি ৰ বাবে খাওক অমিতা:- বিটা কেৰোটিন , লুটিন আৰু ভিটামিন A থকা হেতুকে অমিতা সেৱন কৰিলে চকু জুৰি নীলা ৰশ্মিৰ কুপ্ৰভাৱৰ পৰা সুৰক্ষিত থাকিব। চকুৰ ৰেটিনা সুৰক্ষিত কৰাৰ উপৰিও চকুৰ ছানি পৰা ৰোগ প্ৰতিহত হয়।