…….বনিমা তালুকদাৰ…….
কব নোৱাৰাকৈ তেওঁক মই ভাল পাই পেলাইছিলো
হয়তো বসন্তৰ আগমন ঘটিছিল মোৰ মনত
তেওঁৰ প্ৰতিটো উশাহত নিমজ্জিত হবলৈ চেষ্টা কৰিছিলো মই |
তেওঁৰ সত্বাত মই বিচাৰিছিলো জীয়াই থকাৰ সাৰ্থকতা
এক হৈ যোৱাৰ এক দুৰ্বাৰ আকাংক্ষাই মোক লৈ ফুৰিছিল তেওঁৰ সৈতে
তেওঁৰ অলক্ষিতে মই ঢাপ মেলিছিলো বহু দূৰলৈ
এটা একেলগে আগবঢ়াৰ সপোন কঢ়িয়াইছিলো প্ৰতিদিনে
এৰা! কব নোৱাৰাকৈ ভাল পাই পেলাইছিলো তেওঁক |
বুজিব চেষ্টা কৰা নাছিলো বাস্তিৱিকতাক
স্বপ্নৰ প্ৰলেপত নিমজ্জিত আছিলো মই
যাক বিচাৰি মোৰ হৃদয় প্ৰতি পলে পলে উদ্বাউল হৈছিল,তেওঁ এতিয়া বহু যোজন দূৰত…..