নবাবী মটন

Lucknow Nawabi Mutton নবাবী মটন                                                                ……পম্পী শৰ্মা খাউণ্ড……..

উপকৰণ —

ছাগলী মাংস —১কেজি
পিয়াঁজ –৪টা
কাজু —৪/৫টা
কিচমিচ —৪/৫টা
বাদাম —৮/৯টা
আলমন্ড –৪/৫টা
লং,ইলাচী,ডালচেনী —অকণমান
দৈ —৩/৪ চামুচ ডাঙৰ চামুচেৰে
ক্ৰীম –২/৩ চামুচ
জলকীয়া গুৰি —১চামুচ
জীৰা গুৰি–১চামুচ
নিমখ,হালধী –জোখ অনুপাতে।
তেল —২/৩চামুচ

প্ৰণালী —

প্ৰথমে মটন খিনি ভালদৰে ধুই এটা বাউলত ল’ব।

এতিয়া পিয়াঁজ কেইটা মিহিকৈ কাটি । এখন কেৰাহীত ২/৩ চামুচ ৰিফাইন তেল দি ভাজি কাঢ়ি ল’ব এখন প্লেটত।

এতিয়া মিক্সিৰ জাৰত কাজু,কিচমিচ,বাদাম, আলমন্ড,ইলাচী,লং,
ডালচেনী এইসকলোবোৰ বস্ত মিহিকৈ পেষ্ট বনাই ল’ব।

এতিয়া ধুই লোৱা মটন খিনি পেষ্ট কৰি লোৱা কাজু ,কিচমিচ, আলমন্ডৰ পেষ্ট খিনি দিব। ফ্ৰাই কৰি লোৱা পিয়াঁজ খিনি দিব। লগত দৈ,ক্ৰীম, নিমখ, হালধি, জলকীয়া গুৰি,জীৰা গুৰি দি ভালদৰে মেৰিনেট কৰি ৪/৫ ঘন্টা সময় ধাকি থব।

এতিয়া এখন ননষ্টিক কেৰাহী গেছত পাতি গৰম হ’লে তাত সানি লোৱা মাংস খিনি ধালি দিব। এতিয়া ভালদৰে লৰাই মাংস খিনি ধাকি দিব। মাজে মাজে ধাকোন ডাঙি লৰাই থাকিব । গেছটো চিমত দি এইদৰে এঘন্টা মান সময় ভাজি থাকিব জোখ অনুপাতে পানী দিব। যেতিয়া মাংস খিনি সিজিব তেতিয়া গেছ অফ কৰি ভাতৰ লগত গৰমে গৰমে পৰিৱেশন কৰক। নবাবী মটন। 

……পম্পী শৰ্মা খাউণ্ড……..

 

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *