……সাগৰিকা গোস্বামী…….
অতীতৰে পৰা পৃথিৱীত বিভিন্ন মহামাৰী সংসাৰী ৰূপ দেখুৱাৰ পিছত বৰ্তমান সময়ত ক’ভিড-১৯ নামে আন এটি মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আশা কৰোঁ সকলোৱে যাতে এনে এক পৰিস্থিতিৰ পৰা অতিশীঘ্ৰেই পৰিত্ৰাণ পাওঁক। প্ৰথমতে অতি কম ঠাইত সীমাবদ্ধ হৈ আছিল যদিও ২০২০ ৰ ফেব্ৰুৱাৰীৰ মাহৰ শেষৰফালৰপৰা বহু দেশ-বিদেশ জুৰি বিয়পি পৰে। আন্তঃজাৰ্তিক ব্যৱসায় বাণিজ্যিক যোগাযোগৰ আৰু পৰ্যটনৰ বাবেই সকলো ঠাইতে কমসময়ৰ ভিতৰতে ক’ৰণা ভাইৰাছ বিয়পি সৰ্বগ্ৰাসী হৈ পৰে বুলি আমি সকলোৱে ইতিমধ্যে গম পাইছোঁ।
বৰ্তমান সময়লৈ এই ভাইৰাছৰ কাৰণে কোনো প্ৰতিষেধক উদ্ভাৱন নোহোৱাৰবাবেই পৰিস্থিতি চাই প্ৰথম অৱস্থাত ইয়াক নিয়ন্ত্ৰণ কৰিবৰ বাবে চৰকাৰে লকডাউন ঘোষণা কৰে কিন্তু পৰৱৰ্তী পৰ্যায়ত ইয়াক শিথিল কৰা দেখা গৈছে। কাৰণ লকডাউনৰ পৰৱৰ্তী পৰ্যায়ত অৰ্থনৈতিক দিশটো জুৰুলা হোৱাৰ উপক্ৰম হৈছিল। ভাইৰাছৰ সংক্ৰমণৰ ফলত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকসকল, ছাত্ৰ-ছাত্ৰী, চৰকাৰী-বেচৰকাৰী বিভাগত কামকৰা লোকসকলৰ লগতে বিপাঙত পৰিছে বাণিজ্যিক বিভাগত অহৰনিশা লাগি থকা উৎপাদকৰ পৰা কৰ্মচাৰীসকল। বৰ্তমানসময়ৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে যোগান শৃংখলা বৰ্তাই ৰখা। সকলোবোৰ ক্ষেত্ৰতে ব্যাঘাত জন্মা মানেই বাণিজ্যত আৰু সমান্তৰালভাৱে সমাজত ব্যাঘাত জন্মা। বিভিন্নকাৰণত এখন দেশ আন এখন দেশৰ ওপৰত নিৰ্ভৰশীল, কোনো দেশেই আন এখন দেশৰ মানত লগা কাম নকৰে, কিন্তু সেই পৰিস্থিতিতে ক’ৰণাই এনে এডাল ৰেখাৰ সৃষ্টি কৰিছে য’ত আজি প্রায়বোৰ দেশেই এই ৰেখা ছিঙিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে, কাৰণ ক’ৰণা সংক্ৰামক। এখন দেশৰ পৰ্যটকৰ যোগেদি ক’ৰণা বিয়পিব পাৰে। বৰ্তমানসময়ত এখনদেশ সম্পূৰ্ণৰূপেই নিজৰ ওপৰত নিৰ্ভৰ হ’বলগীয়া হৈছে। সেইবাবেই হয়তো বৰ্তমান সময়ত মানুহবোৰ ভৱিষ্যত পৰিকল্পনাতহে ব্যতিব্যস্ত হোৱাটো প্ৰয়োজনীয় হৈ পৰিছে।
ক’ৰণাৰ পৰা বাচিবলৈ কেনেদৰে সাৱধানতা অৱলম্বন কৰিলে ইয়াৰ পৰা বাচিব পাৰি অথবা সুস্থ জীৱন-যাপন কৰিব পাৰি তাৰ ওপৰতহে গুৰুত্ব দিয়াটো জৰুৰী হৈ পৰিছে। এই সংক্ৰমণ সুদূৰ ভৱিষ্যতে প্ৰতিৰোধ কৰিব পৰাকৈ সকলো লোকেই মানসিকভাবে প্ৰস্তুত আৰু লগতে নিজৰ শৰীৰটোক এই ভাইৰাছৰ সৈতে যুজঁ দিব পৰাকৈ গঢ়ি তোলা উচিত। কাৰণ যদিওবা প্ৰতিষেধক উদ্ভাৱন হয় তেতিয়াও কেতিয়ালৈ সম্পূৰ্ণ প্ৰমানিকভাবে যে গ্ৰহণযোগ্য হব তাক নিশ্চয়কৈ হয়তো কোনেও কব নোৱাৰিব। বৰ্তমান সময়ত ইয়াৰ পৰা আঁতৰত থকাৰ আটাইতকৈ সহজ উপাইটিয়ে হৈছে ব্যক্তিগতভাৱে সচেতন হোৱা। যেতিয়া এজনলোক ব্যক্তিগতভাৱে সচেতন হৈ উঠিব তেতিয়া তেওঁ নিজৰ লগতে সমাজকো এটা সুস্থ পৰিবেশ দিবলৈ সক্ষম হব। বৰ্তমান সময়ত যিসকললোক ঘৰৰপৰা বাহিৰত থাকিবলগীয়া হৈছে, তেওঁলোকে সময়ৰ লগত সামঞ্জস্য ৰাখি সাৱধানতা অৱলম্বন কৰিব লাগে বা কৰিব লগা হৈছে। চৰকাৰেও তাৰে ওপৰত সকলোধৰণৰ সহায় সহযোগিতা আগবঢ়াই গৈছে। যিবোৰ বিভাগ বন্ধ কৰিব পৰা অৱস্থাত নাই, সেই বিভাগসমূহত দূৰীকৰণ পদ্ধতিৰেহে মানুহক কাম কৰাৰ ব্যৱস্থা কৰি দিয়ে যাতে। অকল কাৰ্য্যালয় সমূহেই নহয়, স্কুল অথবা কলেজসমূহতো এনেধৰণৰ ব্যৱস্থা কৰা উচিত।
বৰ্তমান সময় তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ সময়, ইয়াৰদ্বাৰা বিভিন্ন সময়ত বিভিন্ন কাম কম সময়ৰ ভিতৰত কৰা দেখা পোৱা যায়। কাৰ্য্যালয়সমূহত প্ৰযুক্তিবিদ্যাৰ জৰিয়তে কামকৰাৰ বাবে কাৰ্যকাৰী কৰিব লাগে। যদিও চৰকাৰে ঘৰৰ পৰা কাম কৰাৰ বাবে আহ্বান জনাইছে তথাপিও উন্নত ইণ্টাৰনেট ব্যৱস্থা নোহোৱাৰ বাবে এই কামসমূহ সম্পাদন কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। কৰ্মসংস্কৃতি সুকলমে চলাই নিবলৈ হলে লোকসকলৰ বাবে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব। যাতে ভৱিষ্যতলৈ কাৰ্য্যালয়সমূহে কোনো বাধাৰ সুন্মূখীন নোহোৱাকৈ কামবোৰ নিয়াৰিকৈ চলাই নিব পাৰে। তেনেদৰে শিক্ষাৰ ক্ষেত্ৰতো সৰু সৰু বিশেষ পদক্ষেপে বহুতো সলনি আনিব পাৰে, অনলাইন পাঠ্যক্ৰমৰ যোগেদি লৰা-ছোৱালীবোৰৰ ভৱিষ্যত জীৱনৰ সুৰক্ষা প্ৰদান কৰিব পাৰে। কিন্তু এনে কৰিবলৈ যাওঁতে যাতে কোনো এই পদক্ষেপৰ পৰা পিছপৰি নৰয় তাৰবাবে চৰকাৰে সেই সকলকো সমান দৃষ্টিৰে চাব লাগিব যাৰ ওচৰত অনলাইন পাঠ্যক্ৰমৰ বাবে যাৱতীয়াল ব্যৱস্থা নাই, সেইসকলকো বিনামূলীয়া ব্যৱস্থাৰ যোগেদি পঢ়াৰ বাট মুকলি কৰি দিয়ে যেন। বহুত সময়ত এই ব্যৱস্থাই শিক্ষাখণ্ডৰ অপূৰণীয় ক্ষতিসাধন যে পূৰাবলৈ সক্ষম হ’ব তাৰ ওপৰত যথেষ্ট প্ৰশ্ন উদ্ভাৱন হব। কিন্তু বৰ্তমান সময়ত যদি আৰম্ভণি নহয় এনে এটি নতুন পৰিকল্পনাৰ তেন্তে ভৱিষ্যতে আৰু ক্ষতিসাধন হোৱাৰ সম্ভাৱনা আছে। লগতে শিক্ষকসকলক e-learning ৰ বাবে প্ৰস্তুত কৰি তুলিব লাগিব।
পৰিস্থিতি আৰু কিমান দিনলৈ এনেদৰে থাকিব তাৰ উমান হয়তো আজি আমি লগাব নোৱাৰিব পাৰোঁ, তাৰ ফলশ্ৰুতিত যাতে কোনোধৰণৰ অৰ্থনৈতিক, ৰাজনৈতিক, কূটনীতি, ব্যৱসায়-বাণিজ্য, কেৰিয়াৰ,চাকৰি, পৰীক্ষা প্ৰভাৱ নপৰে তাৰবাবে সাজু হ’বৰ হ’ল। সামাজিক দূৰত্ব বজাই ৰাখি কেনেদৰে কামবোৰ চলাই নিব পাৰি সেইটোৱে আজিৰ চিন্তাৰ কাৰণ।
চৰকাৰে বৰ্তমান পৰিস্থিতি বুজি আত্মনিৰ্ভৰ অভিযানৰ ওপৰত গুৰুত্ব দিয়া দেখা গৈছে, কিন্তু এইক্ষেত্ৰত মানুহবোৰো সমানেই সজাগ হোৱাটো জৰুৰী। সেইমৰ্মে ঘৰৰ পৰা কেনেদৰে কাম কৰিব পাৰি তাৰবাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে, যাতে পিছলৈ এনে পৰিস্থিতিৰ সন্মুখীন হ’লে আমি সকলোৱে সমস্যাৰ সৃষ্টি নোহোৱাকৈ কামবোৰ সুকলমে সম্পাদন কৰিব পাৰো। তেনেদৰে উদ্যোগত কাম কৰা লোকসকলৰ বাবেও সমানে বিশেষ পি পি ই কিটৰ ব্যৱস্থা কৰিব লাগে,লগতে তেওঁলোকক নিজৰ স্বাস্থ্যসম্পৰ্কীয় যতনসমূহ ভালদৰে বুজাই দিলে নিজৰ লগতে পৰিয়ালকো এনে মহামৰীৰ পৰা বচাব পাৰিব। লগতে ৰাজহুৱাস্থান, স্কুল বা কলেজসমূহ সদায় পৰিষ্কাৰ পৰিচন্ন কৰি ৰাখিলে হয়তো এনে বীজাণু সংক্ৰমণৰোধ কৰিব পৰা যাব।
ভৱিষ্যতে এখন সুস্থ আৰু অনাসংক্ৰমক সমাজৰ যদি কামনা কৰোঁ তেন্তে আমি সকলোৱে প্ৰথমতে নিজৰ দেহৰ লগতে মনটোৰো সমানেই যত্ন ল’ব লাগিব। কেনেদৰে থাকিলে অথবা আমাৰ স্বাস্থ্যৰ যত্ন ল’লে আমি এই ভাইৰাছক হৰুৱাব পাৰিম বৰ্তমান সময়ত তাৰে এটি সুস্থ আলোচনাৰ খুবেই প্ৰয়োজন হৈ পৰিছে। তাৰোপৰি ক’ৰণা সংক্ৰমণৰ শংকাই ব্যক্তিগত পৰিষ্কাৰ পৰিচন্নতা নাই অনা বুলি ক’লে ভুল হ’ব। সময়ৰ লগে লগে আজিকালি লোকসকলে তাৰ লগত খাপ খুৱাই হাত ধোঁৱা অথবা বাহিৰে বাহিৰে কাপোৰ পৰিষ্কাৰ কৰাৰ এটা অভ্যাস নতুন ৰূপত গঢ় দি উঠিছে। বাহিৰলৈ গলে হেণ্ড ছেনিটাইজাৰ লৈ যোৱাৰ বিশেষ সজাগতা সৃষ্টি কৰিছে।
ক’ৰণা অথবা ক’ভিড-১৯ মহামাৰীয়ে গোটেই বিশ্বক সকলোদিশত ক্ষতিগ্ৰস্ত কৰিছে। এই মহামাৰীটোৱে আমাক স্বাস্থ্য সম্পৰ্কীয় সতৰ্কতাসমূহ অতি গুৰুত্বপূৰ্ণসহকাৰে সোঁৱৰাই দিছে। ইতিহাসৰ পাতত এনেকুৱা মহামাৰীৰ ফলত কোটি কোটি মানুহৰ মৃত্যু হোৱা পঢ়িবলৈ পোৱা যায়। অতীজৰে পৰা মানুহে মহামাৰীৰ লগত যুজঁ দি আহি জীৱসত্বাটোক জীয়াই ৰাখিছে। ভৱিষ্যতে এই মহামাৰীৰ পৰাও পৰিত্ৰাণ পাব। আমি ইয়াতকৈও ভয়াবহ মহামাৰীৰ পৰা ৰক্ষা পাবলৈ সকলো দিশৰ পৰা প্ৰস্তুত হোৱাটোৱে সময়ৰ আহ্বান।
সাগৰিকা গোস্বামী
আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ
গুৱাহাটী বিশ্ববিদ্যালয়
স্থানীয় বাসিন্দা- পাটাচাৰকুচি, বৰপেটা
খুব সুন্দৰ ।।
সুন্দৰ,আৰু লিখি যোৱা ।