……ৰাজলোচন বৰুৱা…..
২০১৫ চনৰ জানুৱাৰী মাহৰ কথা । ঠাণ্ডাৰ দিন, লগতে বিহুৰ বতৰ আছিল, বেচ আনন্দৰ পৰিৱেশে বিৰাজ কৰিছিল চাৰিওফালে । পুৱাৰ পাতলীয়া ৰ’দজাকৰ সোৱাদ লৈ বাহিৰতে অলপ বহি আছিলো, সৰুকালৰ দুই-এটা কথাই মূৰটোত ইপাৰৰ পৰা সিপাৰলৈ ঘূৰি ফুৰিছিল, মন গৈছিল যেন পুনৰ সেই সৰুকালৰ দিনবিলাকলৈ উভতি যাওঁ । মনত পৰিছিল কিছুমান কথা, সৰুতে কেতিয়াবা ঠাণ্ডাৰ দিনত মা-দেউতাহঁতৰ সৈতে বজাৰলৈ যাওঁতে দেখা পাইছিলো বগা-বগা বেচ ধুনীয়া কিছুমান মানুহে আমাৰ বজাৰ বিলাকত গৰম কাপোৰ বেচা । দেউতাক সুধিছিলো কোন হয় তেওঁলোক ? তেওঁ কৈছিল তেওঁলোক ভূতীয়া, অৰ্থাৎ ভূটান দেশৰ বাসিন্দা । ব্যৱসায়ৰ সেতুকে তেওঁলোক আমাৰ ইয়ালৈ আহে । দুই-এটা কথা চাগে বুজি পাইছিলো তেতিয়া, ঘৰলৈ আহি মেপখন চাইছিলো ক’ত আছেনো এই ভূটানখন ? পিছে সঠিক তথ্য চাগে উলিয়াব পৰা নাছিলো তেতিয়া । তেনেদৰেই দিনবিলাক পাৰ হৈছিল, ক’ত সেই বেচ ধুনীয়া উম লগা গৰম কাপোৰবোৰ তৈয়াৰ হয়, তাৰ মানুহ, ঠাইবোৰ কেনে ভালদৰে জানিবলৈ মনতে এটা হেঁপাহ পুহি ৰাখিছিলো, পিছে কোনোদিনেই তাক সফল কৰিব পৰা নাছিলো । কথাবিলাক ভাবি থাকোতে সেই পুৰণি হেঁপাহটো পুৰণ কৰিবলৈ সঁচাই বৰকৈ মন গৈছিল । সেয়ে লগে লগে ইণ্টাৰনেটৰ জৰিয়তে ঠাইখনৰ দুই-এটা তথ্য সংগ্ৰহ কৰিছিলো আৰু হেঁপাহটো পুৰণ কৰিবলৈ নিজেই ঠিৰাং কৰিলো, লগে লগে দাদাক (নিলম কুমাৰ শ্যাম, অভিযন্তা) কথাখিনি ভাঙি-পাতি কৈ, এটা নতুন ৰোমাঞ্চকৰ যাত্রাৰ বাবে সাজু হ’বলৈ কৈছিলো । যি কি নহওক, মনত অনেক হেঁপাহ লৈ পুনৰ আৰম্ভ কৰিছিলো, আন এখন অজান দেশলৈ আন এটি যাত্রা ।
দুই-এদিনৰ ভিতৰতে যিমান পাৰি প্ৰয়োজনীয় তথ্য-পাতি, বস্তু আদি সংগ্ৰহ কৰি যাত্রা আৰম্ভ কৰিছিলো ইং ১৮ জানুৱাৰী,২০১৫ দেওবাৰে সন্ধিয়া গুৱাহাটীলৈ । পিছদিনা গুৱাহাটীৰ পৰা যাত্রা কৰিছিলো বঙাইগাওলৈ, দিনৰ প্ৰায় ১০.৩০ মান বজাত তাত উপস্থিত হৈছিলো, দুপৰীয়াৰ আহাৰ খাইছিলো, তাৰেই এখন হোটেলত । দেখা পাইছিলো হোটেলৰ আশে-পাশে বহুটো ভূটানৰ গাড়ী আৰু মানুহ । লাহেকৈ তাৰে এখন গাড়ীৰে আমি যাত্রা আৰম্ভ কৰিছিলো আমাৰ গন্তব্য স্থান ভাৰত ভূটানৰ সীমান্তত অৱস্থিত গিলিফু বৰ্ডাৰলৈ (Gelephu Border) । পিছে সেই সময়তেই চলি আছিল ভাৰত-ভূটানৰ সীমান্তত অৱস্থিত দৰং আৰু চিৰাং জিলাত গোষ্ঠী সংঘৰ্ষ । শ-শ নিৰিহ মানুহ নিধন হৈছিল এই গোষ্ঠী সংঘৰ্ষত আৰু হৈছিল শ-শ পৰিয়াল গৃহহীন । গাড়ীৰে গৈ থাকোতে দুয়োকাষে দেখা পাইছিলো ধ্বংসপাপ্ত কত ঘৰ-বাৰী, তাৰোপৰি দেখা পাইছিলো শ-শ গৃহহীন পৰিয়ালৰ কৰুণ অশ্রু, তাৰোপৰি দেখিছিলো গৃহহীন হোৱা পৰিয়ালবোৰৰ ৰক্ষণাবেক্ষণৰ বাবে চৰকাৰৰ তৰফৰ পৰা কিছুমান সুৰক্ষা শিৱিৰ । যিবোৰ শিৱিৰত জন্তুৰ দৰে আশ্রয় লৈছিল শ-শ লোকে, কেৱল মাত্র নিজৰ প্ৰাণ ৰক্ষাৰ হেতুকে । মানৱীয়তাৰ তেনে এটি কৰুণ দৃশ্য নিজ চকুৰ আগতে দেখি সঁচাই আৱেগিক হৈ পৰিছিলো । ২-৩ ঘণ্টাৰ যাত্রাৰ পিছত উপস্থিত হৈছিলোগৈ গিলিফু বৰ্ডাৰত (Gelephu Border), তাৰ অলপ আগতেই আছিল ভাৰতীয় সীমান্ত সেনাৰ চাউনী, য’ত গাড়ী আৰু মানুহৰ নিৰীক্ষণ কৰিছিল ভাৰতীয় সেনা যোৱানে । নিৰীক্ষণ পৰ্ব শেষ কৰি এখোজ-দুখোজকৈ আগবাঢ়িছিলো গিলিফু বৰ্ডাৰৰ মেইন গেটখনৰ ফালে । গেটৰ কাষতে আছিল এটা সৰু অফিচ, লাহেকৈ অফিচৰ ভিতৰলৈ সোমাই গৈছিলো, তাত থকা বিষয়াজনৰ সৈতে Immigration Pass ৰ বিষয়ে সোধ-পোচ কৰিছিলো, যিহেতু ভাৰতীয় নাগৰিকক ভূটানত প্ৰৱেশ কৰিবলৈ Visa ৰ প্ৰয়োজন নাছিল । তাৰ সলনি নিৰ্দিষ্ট সময়ৰ বাবে Immigration Pass দিয়াৰ ব্যৱস্থা আছিল । কিছু সময় বিষয়াজনৰ সৈতে কথাবাৰ্তা হোৱাৰ পাছত জানিব পাৰিছিলো, কিছুবছৰৰ পূৰ্বে ভাৰতীয় নাগৰিকৰ সৈতে কিছুমান ঘটনা সংঘটিত হৈছিল, সেয়ে বৰ্তমানে এই পথেৰে ভাৰতীয় নাগৰিকক বিনা Immigration Pass ৰে কেৱল দিনটোৰ বাবেহে ভিতৰলৈ যোৱাৰ অনুমতি আছে । সন্ধিয়াৰ আগে আগে তেওঁলোক নিজ দেশলৈ ওভতি আহিব লাগিব, অন্যথা তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা লোৱা হয় । যদি তেওঁলোকৰ হাতত Immigration Pass থাকে তেনেস্থলত কোনো অসুবিধা নাই । তাৰোপৰি তাত Immigration Pass দিয়াৰ কোনো সুবিধা নাছিল । সেয়ে আমাৰ সুৰক্ষা সেতুকে বিষয়াজনে আমাক প্ৰায় ৩৫০ কিঃমিঃ দূৰত অৱস্থিত পশ্চিমবংগ আৰু ভূটান সীমান্তত থকা ফুনছিলিং বৰ্ডাৰলৈ (Phuntsholing Border) যাবলৈ অনুৰোধ জনালে । য’ত Immigration Pass ৰ বাবে আবেদন কৰাৰ সকলো সুবিধা আৰু ভূটানৰ বিভিন্ন ঠাইলৈ যোৱাৰো সুবিধা আছে । তেতিয়া প্ৰায় দিনৰ ১-২ বাজিছিল, বিষয়াজনক ধন্যবাদ জনাই তেওঁৰ অনুৰোধ মৰ্মে যাত্রা আৰম্ভ কৰিছিলো ফুনছিলিং বৰ্ডাৰৰ অভিমুখে । লাহে লাহে বেলি লহিয়াইছিল, মনটোক স্থিৰ কৰি আগবাঢ়িবলৈ চেষ্টা কৰিছিলো । প্ৰায় ৫-৬ ঘণ্টাৰ দীঘলীয়া যাত্রাৰ পাছত নিশা প্ৰায় ৮.৩০ মান বজাত উপস্থিত হৈছিলোগৈ এখন সৰু চহৰ জয়গাওঁ, (পশ্চিমবংগ) । গাড়ীখনৰ পৰা বিদায় মাগিলো, ঠাণ্ডা যথেষ্ট পৰিছিল সেয়ে নিশাটো কতাবৰ বাবে হোটেল এখনত আশ্রয় লৈছিলো, দীঘলীয়া যাত্রাৰ সেতুকে ভাগৰি পৰিছিলো আৰু সোনকালেই টোপনি গৈছিলো ।
পিছদিনা পুৱা সোনকালে উঠি গা-পা ধুই প্ৰয়োজনীয় নথি-পত্র লৈ ওলাই গৈছিলো জয়গাওঁ চহৰৰ পৰা নাতি দূৰত অৱস্থিত, ফুংছিলিং বৰ্ডাৰত থকা Immigration Office টোলৈ । Tourism, Business, Worker permit আদি সকলোৰে বাবে সুকীয়াকৈ Immigration Pass দিয়াৰ ব্যৱস্থা আছিল । ফুংছিলিং বৰ্ডাৰত (Phuntsholing Border) দুটা Immigration Office আছিল । সপ্তাহৰ কিছুদিন মেইন গেটখনৰ লগতে লাগি থকা অফিচটোত কাম-কাজ চলিছিল আৰু বাকী দিনকেইটা অলপ ওপৰত অৱস্থিত মেইন অফিচটোত হৈছিল । সিদিনা আমাক মেইন অফিচটোলৈ যাবলৈ কৈছিল, সেই মৰ্মে আগবাঢ়িছিলো । কেইবাটাও দীঘলীয়া মানুহৰ শাৰী দেখিছিলো । অফিচৰ ভিতৰলৈ লাহেকৈ সোমাই গৈছিলো, কাউণ্টাৰ নং-৮ ফৰ্ম কেইখন জমা দিছিলো । লগ পাইছিলো তাত বাঙ্গালুৰোৰ এটা পৰিয়াল । কিছু সময়ৰ পাছত কাউণ্টাৰত থকা বিষয়াজনে মোক মাতিছিল আৰু ভালে কেইটা প্ৰশ্ন কৰিছিল, যিমান পাৰি ভালদৰে উত্তৰ দিছিলো ।তাৰ পাছত তেওঁ মোক আন এটা কাউণ্টাৰলৈ যাবলৈ কৈছিল, কাউণ্টাৰত থকা মেম গৰাকীয়ে Fingerprint scan, Online details update, photo taking আদি formality সম্পূৰ্ণ কৰি কিছু সময় বহিবলৈ কৈছিল । অলপ সময়ৰ পাছত Immigration Pass খন পাইছিলো । কেৱল ৫টা দিনৰ বাবেহে আমি অনুমতি লৈছিলো । মনটো ভাল লাগিছিল, হোটেললৈ ওভতি আহিছিলো, দুপৰীয়া আহাৰ খাই, নিজৰ বেগসমূহ লৈ তাৰে এটা এক্চেঞ্জ কাউণ্টাৰত কেইটামান দেশীয় টকা এক্চেঞ্জ কৰিছিলো । সেইদিনা এক্চেঞ্জ ৰেট আছিল 1INR=1Bhutaness Ngultrum, পিছে ভুটানৰ বিভিন্ন ঠাইত বিভিন্ন কামত ভাৰতীয় টকা ব্যৱহাৰ কৰিব পাৰি, তাত কোনো অসুবিধা নাই । কিন্তু ভাৰতীয় নাগৰিকৰ Credit Card, Travel Card আদি কোনো কাৰ্ড ব্যৱহাৰ কৰিব নোৱাৰি নেপাল আৰু ভূটানত । অৱশেষত ভূটানৰ স্থানীয় সময় অনুসৰি দিনৰ প্ৰায় ১১ মান বজাত যাত্রা আৰম্ভ কৰিছিলো থিম্ফু চহৰলৈ । কিছুদূৰ যোৱাৰ পাছত গাড়ীখন ৰখিছিল প্ৰথমটো, Check Post ত, সকলো বিলাক formality সম্পূৰ্ণ কৰি, পুনৰ যাত্রা আৰম্ভ কৰিছিলো । ডাঙৰ ডাঙৰ পাহাৰৰ মাজৰ সৰু সৰু ৰাস্তাৰে আমি আগবাঢ়িছিলো থিম্ফু চহৰলৈ । ঠাই বিলাক প্ৰায় আমাৰ দেশৰ শ্বিলং, দাৰ্জিলিং, তাৱাং, শিমলাৰ দৰেই লাগিছিল । কিছুসময়ৰ পাছত পুনৰ আন এটা Check Post ত ৰখিছিলো, আগৰদৰেই সকলো বিলাক formality সম্পূৰ্ণ কৰি, পুনৰ যাত্রা আৰম্ভ কৰিছিলো । প্ৰায় ২-৩ ঘণ্টা মান যাত্রাৰ পিছত আমি ৰৈছিলোগৈ পাহাৰত এধলীয়াকৈ সাজি থোৱা এখন ৰেষ্টুৰেণ্টত । বেলি প্ৰায় লহিয়াইছিল, ঠাণ্ডাও পৰিছিল যথেষ্ট, সেয়ে সোৱাদ লৈছিলো দুই-এটা স্থানীয় আহাৰ আৰু একাপ গৰম কফি । কিছু সময়ৰ পাছত পুনৰ যাত্রা আৰম্ভ কৰিছিলো । অৱশেষত প্ৰায় ৪.৩০-৫ ঘণ্টাৰ অবিৰত যাত্রাৰ শেষত, ঠিক সন্ধিয়াৰ আগে আগে উপস্থিত হৈছিলোগৈ থিম্ফু চহৰত । ইমানখিনি সময় হাঁহি ধেমালিৰে কটাই এক সুকীয়া অনুভূতি দিয়ে আমাৰ গাড়ীখনৰ প্ৰত্যেকজন যাত্রীৰ পৰা বিদায় লৈ, প্ৰথম বাৰৰ বাবে থিম্ফু চহৰত খোঁজ পেলাইছিলো । লাহেকৈ নিশাৰ বাবে থিম্ফু চহৰত আশ্রয় লৈছিলো হোটেল দেষ্টিনিত (Hotel Destiny) । নিশা অলপ ওলাই গৈছিলো, থিম্ফু চহৰখন চাবলৈ । সোৱাদ লৈছিলো দুই-এটা ৰাস্তাৰ কাষতে পোৱা স্থানীয় আহাৰৰ । যথেষ্ট ঠাণ্ডা পৰিছিল, সেয়ে সোনকালে উভতি আহিছিলো হোটেললৈ । হোটেললৈ উভতি আহি কিছু সময় কথা বতৰা পাতিছিলো হোটেলখনৰ মেনেজাৰজনৰ সৈতে, প্ৰয়োজনীয় দুটা-এটা তথ্য সংগ্ৰহ কৰিছিলো তেওঁৰ পৰা । দীঘলীয়া যাত্রা এটা কৰি অহাৰ হেতুকে অলপ ভাগৰ অনুভৱ কৰিছিলো, সেয়ে সোনকালে দুই-এটা স্থানীয় আঞ্জাৰে নিশাৰ দিনাৰ কৰি, নিদ্ৰাদেৱীৰ আশ্রয় লৈছিলো ।
আজি পুৱা সোনকালেই সাৰ পাইছিলো, ব্ৰেকফাষ্ট কৰি ওলাই গৈছিলো নতি দূৰত অৱস্থিত Memorial Chorten, লৈ (The Memorial Stupa, Thimphu, also known as the Thimphu Chorten, is a stupa Dzongkha choten, cheten) in Thimphu, Bhutan, The stupa, built in 1974 to honor the third king Druk Gyalpo, Jigme Dorji Wangchuck (1928-1972), is a prominent landmark in the city with its golden spires and bells. In 2008, it underwent extensive renovation. It is popularly known as “the most visible religious landmark in Bhutan”.) তাৰ পিছত গৈছিলো কিছু দূৰত অৱস্থিত Indian Embassy লৈ, তাত India House বুলি কোৱা হয় । যিহেতু আগন্তুক গণৰাজ্য দিৱস (২৬ জানুৱাৰী) ৰ বাবে পেৰেদ চলি আছিল, সেয়ে ভিতৰলৈ যোৱাৰ অনুমতি পোৱা নাছিলো । বাহিৰৰ পৰাই ঠাইখন কিছু সময় চাই তাৰ পৰা ওভতি আহিছিলো পুনৰ হোটেললৈ । দুপৰীয়াৰ আহাৰ খাইছিলো ওচৰৰ এখন ৰেষ্টুৰেণ্টত । দুজন মান স্থানীয় লোক আৰু হোটেলৰ মেনেজাৰ জনৰ সৈতে পুনৰ আৰম্ভ কৰিছিলো এটা দীঘলীয়া বাৰ্তালাপ । জানিব পাৰিছিলো বৰ্তমানে ভূটানৰ জনসংখ্যা মাত্র ৪ লাখ মানহে, সেয়ে প্ৰায় বিলাক ঠাইতেই অনুভৱ কৰিছিলো সেৰেঙা জন বসতি । মেনেজাৰ জনে মোক কৈছিল, আমাৰ দেশত আপোনালোকৰ দেশৰ দৰে ডাঙৰ ডাঙৰ অট্টালিকা, ৰাস্তা-পদূলি, জাক-জমকতা আৰু যথেষ্ট আধুনিকতা নাই, কিন্তু বৰ্তমানে লাহেকৈ ইয়াত প্ৰভাৱ পৰিছে । আমাৰ দেশত আচে কেৱল পাহাৰ আৰু পাহাৰৰ মাজে মাজে বলা মৃদু বতাহ, নিৰৱতা আৰু শান্তি । তাৰোপৰি তেওঁ কৈছিল বৰ্তমানৰ আধুনিক, ব্যস্ত তথা প্ৰদূষণেৰে ভৰপূৰ জীৱনৰ পৰা কিছুদিন আঁতৰ হৈ প্ৰকৃতিৰ সৈতে বিলিন হ’বলৈহে মানুহ আমাৰ দেশলৈ আহে । তেওঁৰ কথা কেইটা মই ভালদৰেই লক্ষ্য কৰিছিলো আৰু প্ৰত্যক্ষ কৰিছিলো সেই নিৰৱতা । সঁচাই নিশা প্ৰায় ৮ মান বজাৰ পিছৰ পৰাই ৰাস্তাত কোনো গাড়ীৰ মাত শুনিবলৈ পোৱা নাযায় । চাৰিও দিশে কেৱল নিৰৱতা আৰু নিৰৱতা । দিনটো ঘূৰি পকি ভাগৰিছিলো, সেয়ে সোনকালে টোপনিও গৈছিলো ।
পিছদিনা পুৱাই ওলাই গৈছিলো ভূটানৰ এখন পুৰণি শিক্ষানুষ্ঠানলৈ যাক কোৱা হয় The National Institute for Zoring Chusum (This institute commonly known as ‘The painting school’, operates four to six years courses that provide instruction in Bhutan’s 13 traditional arts . students specialize in painting (furniture, thangka s – painted religious pictures, usually on canvas), woodcarving (masks, statues, and bowls), embroidery (hangings, boots, cloths) or statue-making (clay), গাড়ীৰে গৈ থাকোতে দেখা পাইছিলো ভূটানৰ বিভিন্ন চৰকাৰী কাৰ্যালয় সমূহ তাৰ ভিতৰত আছিল Bhutan Telecom, UNESCO Office Thimphu, Ministry of Economic Affairs, Ministry of Labour and Human Resources আৰু বিভিন্ন বাণিজ্যিক কেন্দ্ৰসমূহ । কিছু দূৰত দেখা পাইছিলো স্থানীয় সৰু সৰু ল’ৰা-ছোৱালী বিলাকৰ নানা খেলা তথা আনন্দ-ফূৰ্তি সমূহ । The Painting School ত উপভোগ কৰিছিলো ভূটানৰ নিজস্ব কলাৰ ভালেমান নিদৰ্শন, বেচ ভাল লাগিছিল । বিদায় লৈছিলো তাৰ পৰা, তাৰ পিছত গৈছিলো জাতীয় গ্ৰন্থালয় ভূটান (The National Library of Bhutan, was established in 1967 for the purpose of “preservation and promotion of the rich culture and religious heritage” of Bhutan. It is located in the Kawajangtsa area of Thimphu, above the Royal Thimphu Golf Course, near the Bhutan Folk Heritage Museum and The National Institute for Zorig Chusum, কিছু সময় তাত কটাই, গৈছিলো এখন বজাৰলৈ । ভূটানৰ চিন হিচাপে প্ৰয়োজনীয় দুই-এটা বস্তু ক্ৰয় কৰি থিম্ফু চহৰৰ পৰা বিদায় লৱলৈ ঠিৰাং কৰিছিলো, যিহেতু থিম্ফু চহৰৰ ভালেখিনি অংশই আমি ভ্ৰমণ কৰি পেলাইছিলো ।
এইবাৰ ওলাই গৈছিলো থিম্ফু চহৰৰ পৰা প্ৰায় ৩৫ কিঃমিঃ মান দূৰত অৱস্থিত ভূটানৰ আন এখন বিখ্যাত চহৰ পা’ৰ (Paro, Dzongkha) is a town and seat of Paro district, located in the Paro Valley of Bhutan. It is a historic town with many sacred sites and historical buildings scattered through the area. It is also home to Paro Airport, Bhutan’s sole international airport. তাতেই অৱস্থিত আছিল Paro Taktsang, (it is a prominent Himalayan Buddhist sacred site and the temple complex is located in the Cliffside of the upper Paro valley in Bhutan. Which lies 3,120 meters above sea level.), গাড়ীৰে পা’ৰ (Paro) চহৰলৈ গৈ থাকোতে সন্মুখেৰে গাড়ী এখনৰ পাহাৰত খুন্দা খাই দূৰ্ঘটনা হৈছিল, হঠাৎ এনে এটা দূৰ্ঘটনা চকুৰ আগতেই দেখি কিছু সময়ৰ বাবে অস্থিৰ হৈ পৰিছিলো । ক্ষন্তেক সময় ঘটনাস্থলীত ৰৈ পুনৰ যাত্রা কৰিছিলো । প্ৰায় ১ ঘণ্টা মান মূৰত উপস্থিত হৈছিলো গৈ পা’ৰ (Paro) চহৰত । নিশাটো কটাবৰ বাবে তাৰেই এখন হোটেলত আশ্রয় লৈছিলো । তাতিয়া দিনৰ প্ৰায় ২.৩০-৩ মান বাজিছিল, চহৰখনৰ প্ৰায় ২২ কিঃমিঃ দূৰত অৱস্থিত Paro Taktsang দৰ্শন কৰিবলৈ বুলি ওলাইছিলো । গাড়ী চালক জনে সোনকালে আমাক ওলাবলৈ কৈছিল, যিহেতু সন্ধিয়া ৪ মান বজাৰ লগে লগে Paro Taktsang, ৰ (বৌদ্ধ মন্দিৰ) দুৱাৰ বন্ধ কৰি দিয়া হয় । তাৰোপৰি তালৈকে যোৱাৰ পথবোৰো যথেষ্ট দূৰ্গম আছিল, মনটো উৎকণ্ঠাৰে ভৰি পৰিছিল । ঠাইডোখৰত গৈ পোৱালৈকে প্ৰায় বেলি লহিয়াইছিল, লাহেকৈ সন্ধিয়াও নামি আহিছিল । প্ৰায় বিলাক ঠাই পাতলীয়া ডাৱৰেৰে ভৰি পৰিছিল । তেনেস্থলত প্ৰকৃতিক নেউচি পাহাৰ বগাই ওপৰলৈ যাবলৈ মানা কৰিছিল যেন মনটোৱে । উপায়হীন হৈ যাত্রা তাতে স্থগিত ৰাখিছিলো, দূৰা পৰাই যিমান ভালদৰে পাৰি ৰিণিকি থকা Paro Taktsang টো চাবলৈ চেষ্টা কৰিছিলো । মনত হেঁপাহ আছিল Paro Taktsang ৰ ভিতৰলৈ যোৱাৰ, কিন্তু বিফল হৈছিলো মই । প্ৰতিটো ক্ষেত্রতেই যে সফল হ’বই লাগিব তাৰ কোনোয়ে কাৰণ নাছিল, যদিও দুখ লাগিছিল, হ’লেও তাৰ পৰা বিদায় মাগি, হোটেলৰ মুখে ৰাওনা হৈছিলো ।
লাহেকৈ বিদায় লোৱাৰ সময় আহি পৰিছিল । সদায় যেন পাহাৰৰ মাজৰ এই নিৰৱতাৰ মাজতেই থাকিম তেনে অনুভৱ হৈছিল, পিছে উপায়হীন আছিলো । শেষ বাৰৰ বাবে পুনৰ ওলাই গৈছিলো পা’ৰ (Paro) চহৰখনৰ কিছুমান সুকীয়া অস্তিত্ব বিচাৰি , চহৰখনৰ দোকান-পহাৰ, সৰু দুই-এখন বজাৰত অলপ সময় কটাইছিলো । লগ পাইছিলো পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটক । লাহেকৈ হোটেললৈ উভতি আহিছিলো, পাতলীয়া আহাৰ অলপ খাই ৰাওনা হৈছিলো পা’ৰ আন্তৰ্জাতিক বিমান বন্দৰলৈ । সকলো পৰ্ব সামৰণি মাৰি, ভূটানৰ স্থানীয় সময় অনুসৰি প্ৰায় ১.৩০ মান বজাত বহুতো সৰু ডাঙৰ স্মৃতিৰে তথা অভিজ্ঞতাৰে উৰা মাৰিছিলো নেতাজী সুভাস চন্দ্ৰ বসু আন্তৰ্জাতিক বিমান বন্দৰলৈ (কলিকতা)(Druk Air) । বিমানৰ খিৰিকিৰে, হিমালয়ৰ সেই অপূৰ্ব জৈৱ বৈচিত্রক আজিৰ দিনটো জীয়াই ৰখা, পাহাৰৰ দেশখনক ওপৰৰ পৰা শেষ বাৰৰ বাবে চাইছিলো । দিনৰ ২.৩০ মান বজাত উপস্থিত হৈছিলোহি নেতাজী সুবাস চন্দ্ৰ বসু আন্তৰ্জাতিক বিমান বন্দৰত (কলিকতা) । পিছদিনা পুৱাই পুনৰ ঘৰমুৱা হৈ উৰা মাৰিছিলো ডিব্ৰুগড় চহৰলৈ । ৪-৫ টা দিন ভূটানত কটাইয়ে আপোন যেন লগা হৈ পৰিছিল ঠাই বিলাক । মনত দুখো লাগিছিল ঠাইখন এৰি আহিবলৈ । যি কি নহওক সৰুৰে পৰা দেশখন চাবলৈ যোৱাৰ যি হেঁপাহ মনতে পুহি ৰাখিছিলো, চাগে ১০০% সম্পূৰ্ণ নহলেও যথেষ্টখিনি সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছিলো । কেইবাদিনো চাগে পাহাৰ বগাই ভাগৰি পৰিছিলো, জীৱনত কোনো দিনেই পাহৰিব নোৱাৰা বহুতো সৰু-ডাঙৰ স্মৃতিৰে এটা ৰোমাঞ্চকৰ যাত্রা সামৰণি মাৰিছিলো, পুনৰ আন এখন নতুন দেশলৈ যোৱাৰ এটি হেঁপাহেৰে ।
ৰাজলোচন বৰুৱা
(শিৱসাগৰ)