……প্ৰিয়ংকা বেজবৰুৱা…….
বৰ্তমান সমগ্ৰ বিশ্বতে এক অভাৱনীয় পৰিস্থিতি। যি সময়ত আমি বাস কৰি আছো, সেই সময় কোনো কল্পবিজ্ঞান চলচ্চিত্ৰতকৈ কম নহয়। COVID-19 মহামাৰীয়ে গোটেই বিশ্বত যি ত্ৰাসৰ সৃষ্টি কৰিছে, তাৰ প্ৰভাৱৰ পৰা মুক্ত হৈ থকাটো আমাৰ আটাইৰে বাবে অসম্ভৱ, শাৰীৰিক তথা মানসিকভাৱেও। ইতিমধ্যে আমাৰ দেশতো মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে; বাতৰিকাকতখন মেলিলেই অথবা টিভিটো খুলিলেই মাথো মৃত্যুৰ খবৰ। এনে দু:সময়ে সকলোৰে ওপৰত ঋণাত্মকভাৱে ক্ৰিয়া কৰাটো নিতান্তই স্বভাৱিক। ল’কডাউনৰ বাবে ঘৰত সোমাই থাকিবলগীয়া হোৱাৰ ফলত আমি যেন বিচ্ছিন্ন হৈ পৰিছো বাহিৰৰ জগতখনৰ লগত। আৰু লগে লগে যেন স্তব্ধ হৈ পৰিছে জীৱনধাৰা। কিন্তু তাৰ মাজতো শিক্ষাব্যৱস্থা অব্যাহত ৰাখিবলৈ ইতিমধ্যেই প্ৰায়বোৰ শিক্ষানুষ্ঠানে আৰম্ভ কৰিছে ‘অনলাইন ক্লাছ’। চৌপাশৰ অনিশ্চয়তাৰ মাজতো শিক্ষাৰ্থীসকলক পাঠদানৰ বাবে কৰ্তৃপক্ষই গ্ৰহণ কৰা এই ব্যৱস্থা বাৰুকৈয়ে প্ৰশংসনীয়। বহুমূলীয়া সময় অপচয়(?) নকৰি পঢ়া-শুনাত নিজকে ব্যস্ত ৰখাটো নি:সন্দেহে দৰকাৰী। কিন্তু সাম্প্ৰতিক সময়ৰ পৰিপ্ৰেক্ষিতত এনে ক্লাছবোৰত নিয়মীয়া উপস্থিতি, নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এচাইনমেণ্ট জমা দিয়া আদিবোৰ বাধ্যতামূলক কৰাটো কিমান সমীচীন? আমি সকলোৱে এক কঠিন সময়ৰ মাজত জীয়াই আছো। আমাৰ মাজৰ এচামে নিজৰ জীৱন তুচ্ছ কৰি এই ভয়াৱহ পৰিস্থিতিৰ লগত যুদ্ধ কৰি আছে। কিন্তু ঘৰৰ ভিতৰত সোমাই সুৰক্ষিত হৈ থকাসকলৰ জীৱন যে স্বাভাৱিক হৈ আছে তেনে নহয়। হয়তো এজন ছাত্ৰৰ দেউতাক আৰক্ষী বিষয়া, মাক চিকিৎসক, হয়তো কোনো এজন সম্বন্ধীয় স্বাস্থ্যকৰ্মী, সংবাদসেৱী, অথবা জৰুৰীকালীন সেৱাৰ লগত জড়িত। আন এজন ছাত্ৰৰ হয়তো ককায়েক ল’কডাউনৰ সময়ত ঘৰৰ পৰা দূৰত আন এখন চহৰত আবদ্ধ হৈ থাকিব পাৰে। অথবা কাৰোবাৰ চুবুৰীয়া এজন আক্ৰান্ত হ’ব পাৰে এই মহামাৰীত। তেনে পৰিস্থিতিত শিক্ষাৰ্থীজনৰ এচাইনমেণ্ট এটা সম্পূৰ্ণ কৰাৰ মানসিক অৱস্থা নাথাকিবও পাৰে। গতিকে শিক্ষক এজনে এই অত্যাৱশ্যকীয় দিশটোলৈ মন কৰাটো অতি প্ৰয়োজনীয়। পৃথিৱীৰ এই অভূতপূৰ্ব দৃশ্যই ইতিমধ্যেই বহুতক শংকিত কৰি ৰাখিছে। ঘনে ঘনে ক’ৰ’ণা আক্ৰান্ত সংখ্যা, মৃত্যুৰ হাৰ বৃদ্ধি পোৱা আদি খবৰে জুৰুলা কৰি ৰখা অৱস্থাত ‘অনলাইন ক্লাছৰুম’ৰ বাধা-বাধকতাই ছাত্ৰ এজনক অত্যধিক চাপৰ মাজলৈ ঠেলি দিব পাৰে। পাঠ্যপুথিৰ অধ্যয়ন নিশ্চয় চলক, কিন্তু এচাইনমেণ্ট জমা দিয়াৰ সময়সীমা, নিয়মীয়া মূল্যাংকন আদি ব্যৱস্থাবোৰ কিছু পৰিমাণে শিথিল হ’লেও হয়তো ক্ষতি নহ’ব। তদুপৰি পাঠদানৰ লগতে শিক্ষকসকলে গুৰুত্ব দিয়ক শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য সৱলীকৰণত। আমাৰ ভৱিষ্যত এতিয়া অনিশ্চিত। তথাপি আমি আশাবাদী অতি সোনকালেই পৃথিৱীলৈ স্বাভাৱিক ছন্দ ঘূৰি আহিব। মহামাৰী আঁতৰি যোৱাৰ পিছতো আমি অইন কিছুমান সমস্যাৰ লগত মোকাবিলা কৰিব লাগিব। গতিকে এই জটিল সময়ছোৱাত আমি অইনক মানসিক চাপৰ মাজলৈ ঠেলি দিয়াতকৈ এজনে আনজনৰ সাহস হৈ থিয় দিয়াটোহে উচিত বুলি ভাবোঁ।
প্ৰিয়ংকা বেজবৰুৱা
ই-মেইল : [email protected]