…….ৰাজলোচন বৰুৱা…….
২০১৮ চনৰ অক্টোবৰ মাহৰ কথা । ব্যস্ততাৰ বাবে হাতত কলম তুলিবলৈ সময়ে পোৱা নাছিলো , সেয়েহে কিছু পলমেই হৈছিল, কৰ্মসূত্রে মই তেতিয়া কলিকতাত, ব্যস্ততাৰ মাজেৰে দিনবোৰ পাৰ হৈছিল যদিও, নতুন ঠাই ফুৰাৰ হেঁপাহটোৱে মনটোত ইমূৰৰ পৰা সিমূৰলৈ ভূমুকি মাৰিছিল । সৰুৰে পৰা ৰামায়ণৰ বিভিন্ন কাহিনীয়ে মোক আপ্লুত কৰিছিল, সেয়ে তাহানি ৰাৱণৰ সোণৰ লংকাখন এবাৰ চাবলৈ সৰুৰে পৰা এটা হেঁপাহ মনতে পুহি ৰাখিছিলো ।
অৱশেষত সেই হেঁপাহ পূৰণৰ অৰ্থে উৰা মাৰিছিলো ৰাৱণৰ দেশ শ্ৰীলংকালৈ।
কৰ্ম ব্যস্ততাৰ বাবে সময়ৰ নাটনি হৈছিল, তাৰ মাজতেই কেইটামান দিন শ্ৰীলংকাত কটাবলৈ নিজকে প্ৰস্তুত কৰিছিলো । দুই এটা দিনৰ ভিতৰতে ইন্টাৰনেটৰ জৰিয়তে যিমান পাৰি প্ৰয়োজনীয় তথ্যসমূহ সংগ্ৰহ কৰিছিলো আৰু বিমানৰ টিকট, হোটেলৰ বুকিং আদি সম্পূৰ্ণ কৰিছিলো । ভাৰতীয় নাগৰিক হিচাপে শ্ৰীলংকালৈ যাবলৈ আমাক ভিজাৰ প্ৰয়োজন নাই, তাৰ সলনি অনলাইন মাধ্যমেৰে আমাক এক বেলেগ ধৰণৰ অনুজ্ঞাপত্র দিয়াৰ সুবিধা আছে, যাক কোৱা হয় – (ETA-Electronic Travel Authorization) । ইয়াৰ বাবে আমি দিব লাগে মাচুল US $20 আৰু বৈধতা ৩০ দিনৰ । সকলো প্ৰয়োজনীয় নথি-পত্র যুগুত কৰি মোৰ চতুৰ্থটো বিদেশ যাত্রা আৰম্ভ কৰিছিলো ০৪-১০-১৮ বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫মান বজাত নেতাজী সুবাস চন্দ্ৰ বসু আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা ।
নিশা প্ৰায় ৯ মান বজাত পাইছিলোগৈ চেন্নাই আন্তৰ্জাতিক বিমান বন্দৰ, মোৰ যিহেতু connecting flight আছিল সেয়েহে চেন্নাইত কিছু সময় ৰৱ লগা হৈছিল । বিমানৰ পৰা নামিয়েই Immigration (The place at an airport or country’s border where government officials check the documents of people entering that country.) সম্পূৰ্ণ কৰিছিলো, আন কেইবাৰৰ দৰে এইবাৰো । Immigration অফিচাৰ জনৰ ভালে কেইটা প্ৰশ্নৰ সন্মুখীন হৈছিলো, যিমান পাৰো ভালদৰে উত্তৰ দিবলৈ চেষ্টা কৰিছিলো, তাৰ পাছত গৈছিলো পইচা একচেঞ্জ কাউন্টাৰলৈ, কেইটামান ভাৰতীয় টকা একচেঞ্জ কৰিছিলো শ্ৰীলংকান ৰুপী লৈ (1INR=2.35 Sri Lankan Rupee), ভাগৰো লাগিছিল সেয়ে কিছু পাতলীয়া আহাৰ খাই কিছু সময় জিৰণি লৈছিলো । অৱশেষত নিশা প্ৰায় ১২ মান বজাত আন এখন বিমানেৰে উৰা মাৰিছিলো মোৰ গন্তব্যস্থান কলম্বো চহৰলৈ, শ্রীলংকা । মাজনিশা প্ৰায় ১.৩০ মান বজাত উপস্থিত হৈছিলোগৈ কলম্বোত,শ্রীলংকা । বিমানৰ পৰা নামিয়ে পোনে পোনে গৈছিলো Immigration ৰ বাবে, তাৰ পিছত বেগেজ আৰু অৱশেষত Airport customs ৰ সম্পূৰ্ণ প্ৰক্ৰিয়া শেষ কৰি জিৰণিকোঠালৈ আগবাঢ়িছিলো । Immigration ত পুনৰ ভালে কেইটামান প্ৰশ্নৰ সন্মুখীন হৈছিলো, যিমান পাৰো ভালদৰে উত্তৰ দিবলৈ চেষ্টা কৰিছিলো ।মোৰ এই যাত্রাত কেইবাজনো ভাৰতীয় জেষ্ঠ নাগৰিক লগ পাইছিলো, প্ৰয়োজনত দুই এটা সহায়ও আগবঢ়াইছিলো, সকলোবোৰ প্ৰক্ৰিয়া শেষ কৰি শ্রীলংকাত মোৰ প্ৰথম কাপ কফিৰ সোৱাদ লৈছিলো আৰু জিৰণিকোঠাত কিছু ঘণ্টাৰ বাবে নিদ্ৰা দেৱীৰ আশ্রয় লৈছিলো ।
শ্রীলংকাখন যিহেতু বিষুৱৰেখাৰ তলত অৱস্থিত, সেয়ে পুৱা হওঁতে আমাৰ দেশতকৈ যথেষ্ট পলম হৈছিল । পুৱা প্ৰায় ৬.৩০ মান বজাত বিমান বন্দৰৰ পৰা বাহিৰলৈ ওলাই আহিছিলো আৰু প্ৰথমবাৰৰ বাবে শ্রীলংকাৰ মাটিত ভৰি দিছিলো । তাৰ পাছত বিমান বন্দৰৰ পৰা বাছেৰে যাত্রা কৰিছিলো কলম্বো চহৰলৈ । বাছেৰে আহি থাকোতে অনুভৱ কৰিছিলো পুৱাৰ ভাগত দ্বীপ ৰাষ্ট্ৰখনৰ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্য, সঁচাই যথেষ্ট মনোমোহা আছিল । লাহে লাহে আমি চহৰৰ ফাললৈ আগবাঢ়িছিলো আৰু প্ৰায় ১.৩০ ঘন্টামানৰ যাত্রাৰ পাছত উপস্থিত হৈছিলোহি কলম্বো চহৰত ।
তাৰ পৰা এখন অটোৰে আগবাঢ়িছিলো মোৰ হোষ্টেলৰ ফালে, বহুত আকাৰে ইংগিতে অটো চালকজনক কথাবোৰ বুজাইছিলো । যিহেতু তেওঁ ইংৰাজী নাজানিছিল আৰু মই তেওঁলোকৰ স্থানীয় ভাষা । বিদেশৰ হোষ্টেলত থকাৰ এটা আমোদ ল’বলৈ হোটেলৰ সলনি এইবাৰ মই হোষ্টেল বুকিং কৰিছিলো । ভালেমান ঘূৰি-পকি অৱশেষত হোষ্টেল পাইছিলোগৈ, অটো চালকজনৰ পৰা বিদাই মাঙি হোষ্টেলত সোমাইছিলো । প্ৰয়োজনীয় দুটা-এটা তথ্য-পাতি কাউন্টাৰত দেখুৱাই নিজৰ কোঠালৈ ধাপলি মেলিছিলো । লগ পাইছিলো অষ্ট্ৰেলিয়া, ইণ্ডোনেছিয়া, ইংলেণ্ডৰ কেইবাজনো পৰ্যটক । যথেষ্ট ভাগৰি পৰিছিলো সেয়ে কিছু সময়ৰ বাবে জিৰণি লৈছিলো । ভাগৰ মাৰি শেষ হোৱাৰ পাছতে ধাপলি মেলিছিলো পইচা একছেঞ্জ কৰিবলৈ, যিহেতু চেন্নাইৰ বিমান বন্দৰত লৰালৰি হোৱাত ভালকৈ পইচা একছেঞ্জ কৰিবলৈ সুযোগেই পোৱা নাছিলো । কেইবাটাও বেংক,একছেঞ্জ কাউন্টাৰ ঘূৰি পকি অৱশেষত পইচা একছেঞ্জ কৰিছিলো আৰু পাতলীয়াকৈ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি পুনৰ হোষ্টেললৈ ধাপলি মেলিছিলো । পিছবেলা হোষ্টেলৰ এজন ইণ্ডনেছিয়াৰ বন্ধুৰ সৈতে ওলাই গৈছিলো ভাৰত মহাসাগৰৰ এখন দাঁতিকাষৰীয়া অঞ্চললৈ যাক কোৱা হয় Galle Face Green (Galle Face is a 5ha ocean-side urban park, which stretches for 500 m long the coast, in the heart of Colombo) । সন্ধিয়া ঠাইডোখৰ ফুৰিবলৈ যথেষ্ট ভাল লগা হয় , বহুতো সাগৰীয় খাদ্য সৰু সৰু দোকানেৰে ভৰি পৰে আৰু খাবলৈও যথেষ্ট জুতি লগা ।সাগৰৰ দাতিত কিছু সময় বহিছিলো আৰু বুতলিছিলো কিছুমান মিঠা-কেঁহা স্মৃতি ।কেইঘন্টামান তাত কটোৱাৰ পাছত, তাৰ পৰা ওভতিছিলো হোষ্টেললৈ, বাটত পাইছিলো এজাক পাতলিয়া বৰষুণ, উপভোগ কৰিছিলো শ্রীলংকাত মোৰ প্ৰথমজাক বৰষুণ ।নিশা পুনৰ ওলাই গৈছিলো হোষ্টেলৰ কেইজনমান বন্ধুৰ সৈতে ৰাতিৰ ভাত সাজ খাবলৈ, নিশা ওভতি আহোতে কিছু পলম হৈছিল আৰু ভাগৰিও পৰিছিলো সেয়ে সোনকালে টোপনিও গৈছিলো ।
পিছদিনা পুৱা অলপ দেৰিকৈ সাৰ পাইছিলো, সাৰ পাইয়ে দেখিছিলো এজাক ডাঙৰ বৰষুণ দি আছে , যিধৰণে দিনটো পৰিকল্পনা কৰিছিলো বৰষুণজাকে যথেষ্ট বিধি পথালি লগাইছিল । যি কি নহওক গা-পা ধুই আজৰি হৈ বাট চাইছিলো বৰষুণজাক কমালৈ, কিন্তু দিনৰ প্ৰায় ১ মান বজালৈকে বৰষুণ একেবাৰে কমাই নাছিল । উপায়হীন হৈ হোষ্টেলৰ ইমূৰৰ পৰা সিমূৰলৈ তাঁতবাতি কৰি আছিলো , অৱশেষত ১.৩০ মান বজাত বৰষুণ কমিছিল, কিন্তু দূৰৰ ঠাইবোৰলৈ যাবলৈ সময়ৰ অভাৱ হৈছিল, লগতে সময় হৈছিল দূপৰীয়া আহাৰ খোৱাৰ, সেয়ে লগৰ এজন বন্ধুৰ সৈতে ওলাই গৈছিলো শ্রীলংকাৰ এটা 5 Star Buffet Lunch ৰ জুতি ল’বলৈ, হোটেল (Cinnamon Grand Colombo) । উপভোগ কৰিছিলো নানা ৰকমৰ দেশী-বিদেশী আহাৰ, প্ৰায় ১.৩০ ঘন্টামান সময় কটাই তাৰ পৰা বিদায় মাগিছিলো । হোটেলৰ পৰা ওলাই খোজকাঢ়ি কিছু দূৰ ভাৰত মহাসাগৰৰ ফালে আগবাঢ়িছিলো বাটত দেখা পাইছিলো ভাৰতৰ ৰাষ্ট্ৰদূতৰ কাৰ্যালয়টো । বেলি প্ৰায় লহিয়াইছিল, সাগৰৰ পাৰত পুনৰ কিছু সময় কটাইছিলো আৰু খোজেৰে পুনৰ হোষ্টেললৈ ৰাওঁনা হৈছিলো । ঘূৰি আহোতে কিছু সময়ৰ বাবে Christ Church ত সোমাইছিলো । বহু পুৰণি এটা গীৰ্জাঘৰ, চাৰিওফালে এটা শান্ত পৰিৱেশে বিৰাজ কৰিছিল ।সেইসময়ত গীৰ্জাঘৰৰ ভিতৰত সংগীত শিক্ষকে কেইজনমান সৰু সৰু শিশুক কিছুমান স্থানীয় ভাষাৰ সংগীতৰ পাঠদান দিছিল, কিছুসময় ময়ো তাৰ আমেজ লৈছিলো, যদিও ভাষা বুজি পোৱা নাছিলো, তেনেস্থলত মই অনুভৱ কৰিছিলো যে সংগীতৰ কোনো ভাষা নাই । প্ৰায় লাহেকৈ সন্ধ্য়া হৈছিল সেয়ে তাৰ পৰা বিদায় মাগিছিলো । খোজেৰে পুনৰ ওভতনি যাত্রা আৰম্ভ কৰিলো পিছে বৰষুণজাকে মোৰ লগ এৰা নাছিল । কিছুদূৰ অহাৰ পিছত উপস্থিত হৈছিলো Gangaramaya Temple ত (Gangaramaya is one of the oldest Buddhist temples in Colombo, started by the famous scholar monk Hikkaduwe Sri Sumangala Nayaka Thera in the late 19th Century.) । টিকটৰ মূল্য আছিল ৩০০ শ্রীলংকান ৰুপী, টিকটৰ ম্যাদ আছিল দুদিন । এই মন্দিৰৰ দুটা শাখা আছিল একেইটা টিকটে দুয়োটালৈ যাব পাৰি । মোৰ মা যিহেতু বৌদ্ধ ধৰ্মাৱলম্বী লোক সেয়ে সৰুৰে পৰা বৌদ্ধ ধৰ্মৰ কিছু ৰীতি-নীতি মোৰ পৰিচিত আছিল । মন্দিৰৰ ভিতৰত সেৱা এভাগী জনাই কিছু সময় তাত কটাই পুনৰ হোষ্টেলমূৱা হৈছিলো । তেতিয়া প্ৰায় নিশা ৮ মানেই হৈছিল, সেয়ে বাটতেই শ্রীলংকাৰ দুই এটা থলুৱা আহাৰ খাইছিলো । দিনটো ঘূৰি পকি ভাগৰি পৰিছিলো সেয়ে সোনকালে টোপনিও গৈছিলো ।
আজি পুৱা সোনকালেই সাৰ পাইছিলো বতৰ ও ফৰকাল আছিল, গা-পা ধুই ব্ৰেকফাষ্ট কৰি ওলাই গৈছিলো জাতিয় যাদুঘৰ (National Museum of Colombo) চাবলৈ । হোষ্টেলৰ পৰা কেই কিঃমিঃ দূৰতেই আছিল সেয়ে খোজেৰে আগবাঢ়িছিলো । কিছু সময়ৰ পাছত উপস্থিত হৈছিলোগৈ জাতীয় যাদুঘৰত, টিকটৰ মূল্য় আছিল ১০০০ শ্রীলংকান ৰুপী । যাদুঘৰটো যথেষ্ট ডাঙৰ আছিল যিমান পাৰি ভালদৰে বস্তুবোৰ নিৰীক্ষণ কৰিছিলো, দেখা পাইছিলো শ্রীলংকাৰ ৰীতি-নীতি, সমাজ, সভ্যতা, স্বাধীনতা আদিৰ লগত জড়িত বহুতো পুৰণি সামগ্ৰী ও তথ্য় । প্ৰায় দুই ঘন্টামান কটোৱাৰ পাছত তাৰ পৰা বিদায় মাগিছিলো । এইবাৰ গৈছিলো Independence Memorial Hall লৈ, (Independence Memorial Hall is a national monument in Sri Lanka built for commemoration of the independence of Sri Lanka from the British rule with the restoration of full governing responsibility to a Ceylonese-elected legislature on February 4, 1948), যাদুঘৰৰ পৰা প্ৰায় ৩ কিঃমিঃ দূৰত ই অৱস্থিত । আমাৰ দেশত যিদৰে স্বাধীনতা ও শ্বহীদৰ লগত জড়িত India Gate, লালকিল্লাৰ দৰে বিভিন্ন মিনাৰ, স্তূপ আদি আছে Independence Memorial Hall ৰ বৈশিষ্টও ঠিক একেধৰণৰ । জানিব পাৰিছিলো শ্রীলংকাৰ স্বাধীনতাৰ হকে যুঁজ দিয়া শ্বহীদ সকলৰ প্ৰতি শ্রদ্ধাঞ্জলি দিবৰ বাবে ইয়াক তৈয়াৰ কৰা হৈছিল । ঠাইডোখৰ যথেষ্ট ডাঙৰ আৰু পৰিৱেশটো ও বেচ শান্ত আছিল । কিছু সময় তাত কটাইছিলো আৰু লগ পাইছিলো পৃথিৱীৰ বিভিন্ন দেশৰ ভ্ৰমণকাৰী লোক । দুই এজনৰ সতে কিছু বাৰ্তালাপ কৰিছিলো আৰু বহুতো নজনা কথা তেওঁলোকৰ মুখেৰে শুনিছিলো । কিছুসময়ৰ পাছত আগবাঢ়িছিলো তাৰ নিচেই কাষতে থকা Independence Square লৈ । তেৰেই এখন ৰেষ্টুৰেন্তত দুপৰীয়াৰ আহাৰ খাইছিলো আৰু তাৰ পৰা আগবাঢ়িছিলো Gangaramaya Temple ৰ মূল মন্দিৰটোলৈ । যিহেতু যোৱাকালি মোৰ টিকট কৰি থোৱাই আছিল সেয়ে পোনে পোনে ভিতৰলৈ সোমাই গৈছিলো । দেখা পাইছিলো ভগৱান বৌদ্ধৰ লগত জড়িত বহুতো তথ্য, নানা মূৰ্তিও বহু মূল্যৱান সামগ্ৰীৰে মন্দিৰটো ভৰি আছে, শ্রীলংকাৰ প্ৰশাসন বিভাগে ইয়াৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব বহন কৰি আহিছে । সেৱাৰস্থলীত ময়ো এভাগী সেৱা জনাইছিলো, এই বৌদ্ধ মন্দিৰটোৰ মূল আকৰ্ষণৰ কেন্দ্ৰ আছিল, ইয়াত ভগৱান বৌদ্ধৰ কেইডালমান চুলি ৰখা হৈছে, সেয়ে ইয়াক কোৱা হয় – The Temple of Hair । মূল মণিকোটৰ ভিতৰত থকা ভগৱান বৌদ্ধৰ চুলি কেইডাল ওচৰৰ পৰা চোৱাৰ এটা সুযোগ মই পাইছিলো, লগতে মন্দিৰৰ ভান্তে এজনৰ পৰা দুই এটা তথ্য লাভ কৰিছিলো । বিশ্বৰ বিভিন্ন প্ৰান্তৰ বৌদ্ধ ধৰ্মীলোক ইয়ালৈ আহে, ভালেখিনি সময় ইয়াত কটাইছিলো, কিছুমান জীৱনত কেতিয়াও পাহৰিব নোৱাৰা স্মৃতি বুকুত বান্ধি তাৰ পৰা বিদায় মাগিছিলো । সন্ধ্য়াৰ আগে আগে হোষ্টেলত সোমাইছিলোহি, আজি আমাৰ হোষ্টেলত দুজন নতুন আলহী আহিছিল পাকিস্তানৰ পৰা, ইয়াৰ আগতে কোনো দিনে পাকিস্তানৰ লোকৰ সৈতে মই মত বিনিময় কৰা নাছিলো, কিছু ক্ষেত্রত ভালও লাগিছিল ।
দুয়োজন পেচাত পশু চিকিৎসক আছিল কৰ্মসূত্রে বৰ্তমান তেওঁলোক ডুবাইৰ বাসিন্দা আছিল । আজি সন্ধিয়া আমাৰ হোষ্টেলৰ পৰা বিদায় লৈছিল ফ্ৰাঞ্চ, ইণ্ডোনেছিয়া, ইংলেণ্ডৰ কেইজনমান বন্ধুৱ, হয়তো জীৱনত কেতিয়াও পাহৰিব নোৱাৰা কিছুমান স্মৃতি তেওঁলোকৰ সৈতে কটাইছিলো । নিশা পুনৰ আহাৰ খাবলৈ বাহিৰলৈ ওলাই গৈছিলো, দিনটো ঘূৰি-পকি যথেষ্ট ভাগৰি পৰিছিলো সেয়ে সোনকালে টোপনিও গৈছিলো ।
পিছদিনা পুৱা সোনকালেই সাৰ পাইছিলো, গা পা ধুই ব্ৰেকফাষ্ট কৰি ওলাই গৈছিলো শ্রীলংকাৰ ৰেল যাত্রাৰ এটা সোৱাদ ল’বলৈ । পিছে আজিও বৰষুণে মোৰ লগ এৰা নাছিল, বাছেৰে গৈছিলো কলম্বো ফৰ্ট ৰেলৱে ষ্টেচনলৈ । মোৰ গন্তব্য স্থান আছিল জাতীয় চিৰিয়াখানা শ্রীলংকা (National Zoological Gardens of Sri Lanka, Dehiwala), কলম্বোৰ পৰা দূৰত্ব আছিল প্ৰায় ১৫ কিঃমিঃ, টিকট সংগ্ৰহ কৰিছিলো মূল্য় ১৫ শ্রীলংকান ৰুপী । কিছুসময়ৰ পাছত ২নং প্লেটফৰ্মৰ পৰা আৰম্ভ কৰিছিলো মোৰ শ্রীলংকাৰ প্ৰথমটো ৰেল যাত্রা । ভাৰত মহাসাগৰৰ দাতিৰে ৰেলখন আগবাঢ়িছিল, দুয়ো ফালে বিৰাজ কৰিছিল এক অপূৰ্ব প্ৰাকৃতিক দৃশ্য়ই । কিছুসময় যোৱাৰ পাছত উপস্থিত হৈছিলো দেহিৱালা ষ্টেচনত । কিছু পৰিমাণে বৰষুণ কমিছিল তেতিয়া, তাৰ পিছত বাছেৰে যাত্রা আৰাম্ভ কৰিছিলো চিৰিয়াখানাৰ ফালে । কিছুসময়ৰ পাছত পাইছিলোগৈ চিৰিয়াখানা, টিকট সংগ্ৰহ কৰিছিলো মূল্য় আছিল ৭০০ শ্রীলংকান ৰুপী । ভিতৰলৈ সোমাই গৈছিলো, দেখা পাইছিলো চিনাকি আৰু দুটা এটা অচিনাকি প্ৰাণী । তাৰ ভিতৰত এনাকোণ্ডা, চীল, বাবুন, ফ্লেমিংগু আদি মই প্ৰথমবাৰৰ বাবে দেখা পাইছিলো । চিৰিয়াখানাখন যথেষ্ট ডাঙৰ আছিল, যিহেতু শ্রীলংকাখন দ্বীপ ৰাষ্ট্ৰ হোৱাৰ হেঁতুকে চিৰিয়াখানাখন সাগৰীয় প্ৰাণী ও বিভিন্ন মাছ – কাছৰে ভৰি আছিল । ২ ঘন্টামান সময় তাত কটাই তাৰ পৰা ওলাই আহিছিলো, ষ্টেচন আহি পাই জানিব পাৰিছিলো ২ ঘন্টাৰ পাছতহে কলম্বোলৈ ৰেল আছে । তেনেস্থলত ওচৰৰ ঠাইবোৰ ফুৰিবলৈ মোৰ হাতত কিছু সময় আছিল, ষ্টেচনটোৰ নিচেই কাষতে আছিল সাগৰখন আৰু ওচৰত দেখা পাইছিলো কিছুমান মাছমৰীয়াই মাছ মাৰি থকা, মই তেওঁলোকৰ ওচৰলৈ আগবাঢ়ি গৈছিলো আৰু বুজিব পাৰিছিলো কাষতে এখন মাছমৰীয়া গাওঁ আছিল, বৰষুণ পুনৰ আৰম্ভ হৈছিল তিতি সাগৰৰ দাতিৰে খোজ কাঢ়ি কাঢ়ি মাছ ধৰা উপভোগ কৰিছিলো । বৰষুণৰ পৰিমাণ যথেষ্ট বাঢ়িছিল সেয়ে তাৰ পৰা ওভতি আহিছিলো আৰু এখন বাছেৰে কলম্বোলৈ যাত্রা আৰম্ভ কৰিছিলো । কিছু সময়ৰ পাছত কলম্বো চহৰ পাইছিলোহি, পোনে পোনে হোষ্টেললৈ ধাপলি মেলিছিলো । পিছবেলা ওলাই গৈছিলো দুই এটা প্ৰয়োজনীয় বস্তু কিনিবলৈ । তাৰ ভিতৰত আছিল শ্রীলংকাৰ এখন জাতীয় পতাকা । মাৰ মুখত শ্রীলংকাৰ চাহৰ কথা বৰকৈ শুনিছিলো সেয়ে মালৈ কিনিছিলো শ্রীলংকাৰ চাহপাতৰ এটা টোপোলা ইত্যাদি ইত্যাদি । কলম্বোৰ বিভিন্ন বজাৰলৈ যেতিয়া গৈছিলো তেতিয়া দেখা পাইছিলো বহুতো চিনাকি শাক-পাচলি ও ফল-মূল, তাৰে ভিতৰত আছিল তামোল-পাণ ও, আমাৰ দেশৰ দৰে শ্রীলংকাতো বিভিন্ন ক্ষেত্রত তামোল-পাণৰ প্ৰচলন দেখিবলৈ পোৱা যায় । ময়ো সোৱাদ লৈছিলো শ্রীলংকাৰ তামোল-পাণৰ । আজি যিহেতু শ্রীলংকাত মোৰ শেষৰটো নিশা আছিল, সেয়ে বিভিন্ন দেশৰ পৰা আহি একে পৰিয়ালৰ দৰে হোষ্টেলত সময় কটোৱা বন্ধু-বান্ধৱী সকলৰ সৈতে কিছু সময় পাৰ কৰিছিলো, প্ৰত্যেকে নিজৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিছিল, মোৰ বাবে এইয়া সঁচাই এক স্মৰণীয় মুহূৰ্ত আছিল । বহুতো কথা ইজনে সিজনৰ পৰা জানিব পাৰিছিলো । অৱশেষত সোনকালেই টোপনি গৈছিলো ।
পিছদিনা পুৱা ৪ মান বজাতেই উঠিছিলো, যিহেতু ৯ মান বজাত মোৰ ওভতনি বিমান আছিল । পুৱা ৫.৩০ মান বজাত হোষ্টেলৰ সকলোৰে পৰা বিদায় মাগি গাড়ীৰে বিমান বন্দৰ যাত্রা আৰম্ভ কৰিছিলো । তেতিয়া প্ৰায় পোহৰ হোৱাই নাছিল, ১.৩০ ঘন্টামানৰ পিছত বিমান বন্দৰ পাইছিলোহি । ভিতৰলৈ লাহেকৈ সোমাই গৈছিলো, Check In, Security Check In, Immigration আদি সম্পূৰ্ণ কৰি জিৰণি কোঠাত বহি আছিলো, হঠাৎ লগ পাইছিলো ভাৰতীয় ক্ৰিকেট দলৰ এজন দুৰ্দান্ত খেলুৱৈ যুৱৰাজ সিঙক, পত্নীৰ সৈতে তেওঁ শ্রীলংকালৈ গৈছিল । তেওঁৰ সৈতে চেলফি উঠাৰো এটা সুযোগ পাইছিলো, বেচ ভাল লাগিছিল । পিছে আজিও বৰষুণে মোৰ লগ এৰা নাছিল । লাহেকৈ বিমানৰ ভিতৰলৈ প্ৰৱেশ কৰিছিলো, বিমানৰ ভিতৰৰ পৰা বাহিৰলৈ চাইছিলো, দেখা পাইছিলো কিনকিনিয়া বৰষুণ দি আছিল, বৰষুণৰ মাজে মাজে বিমানখন আগবাঢ়িছিল, অৱশেষত ইং ৯-১০-১৮ তাৰিখে স্থানীয় সময় অনুসৰি পুৱা ৯.৩০ মান বজাত ঘৰমুৱা হৈ উৰা মাৰিছিলো । ২ ঘন্টামানৰ পিছত উপস্থিত হৈছিলোহি চেন্নাই বিমান বন্দৰত, আজি দিনটো চেন্নাইতেই কটাইছিলো আৰু পিছবেলা আন এখন বিমানেৰে পুনৰ উৰা মাৰিছিলো মোৰ গন্তব্যস্থান কলিকতালৈ ।কেইটামান দিন ঠাইখনত ফুৰিয়েই নিজৰ আপোন যেন লগা হৈছিল, বহুতো সৰু বৰ, মিঠা কেঁহা অভিজ্ঞতাৰে এটা ৰোমাঞ্চকৰ যাত্রাৰ অন্ত পৰিছিল, পিছে এইবাৰ বৰষুণে বহুতো বিধি পথালি লগাইছিল । কেন্দি, চিগিৰিয়া আদি ঠাইবোৰ ফুৰিবলৈ যথেষ্ট হেঁপাহ আছিল যদিও বতৰৰ বাবে এইবাৰ যাব পৰা নাছিলো । যি কি নহওক সৰুৰে পৰা ৰাৱণৰ দেশ ফুৰাৰ যি হেঁপাহ মনতে পুহি ৰাখিছিলো সম্পূৰ্ণ নহলেও কিছু অংশ পূৰণ কৰিবলৈ সক্ষম হৈছিলো যেন মই অনুভৱ কৰিছিলো । অৱশেষত জীৱনত কোনো দিনেই পাহৰিব নোৱাৰা কিছুমান স্বৰ্নীল স্মৃতিৰে পুনৰ আন এখন অজান দেশলৈ যোৱাৰ হেঁপাহেৰে মোৰ শ্রীলংকাৰ যাত্রা সামৰণি মাৰিছিলো ।