…..✍ অজিতা দাস….
২০২০ চনৰ বিভীষিকাময় পৰিৱেশ এয়া । সমগ্ৰ বিশ্ব আতংকিত। চৌদিশ যেন অন্ধকাৰে গ্ৰাস কৰিছে । এক জটিল ৰোগৰ সৈতে যুঁজিছে একাংশই । মৃত্যুই হাত বাউলি মাতি আছে সকলোকে । মৌনতাৰ কোলাহলে সকলোকে অৱশ কৰিছে । হঠাত কি বিপদ আহিল বাৰু এয়া ? কি ৰজা, কি প্ৰজা, কোনেও একো তলকিবই নোৱাৰিলে ।
এই বিপদৰ নাম হৈছে ক’ৰনা ভাইৰাছ । এক ভয়ানক মহামাৰী । এই মাৰাত্মক মহামাৰীয়ে সকলোকে শেষ কৰি গৈছে । কোনো এখন দেশ যেন সাৰি যোৱা নাই ইয়াৰ কবলৰ পৰা । চিকিৎসা বিজ্ঞান কিম্বা ডাক্তৰ, সকলো অসহায় এই সময়চোৱাত । কোনোৱে বিচাৰি উলিয়াব পৰা নাই ইয়াক ৰোধিব পৰাকৈ বিশেষ দৰৱ । অসহায় হৈ চৰকাৰেও তলাবন্ধ কাৰ্যসূচী হাতত ল’ব লগা হৈছে।
এই ৰোগকলৈ বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰিছে । কোনোৱে কৈছে এয়া যেন মানুহে প্ৰকৃতিক কৰা অন্যায়ৰ ফল । যাৰ উৎপত্তি চিন দেশৰ উহান (ৱুহান) চহৰত । এৰা, নোহোৱাওটো নহয় । যুগক দোষ দি আগুৱাই অহা মানুহে প্ৰকৃতিক কষ্ট দিছে, জীৱ-জন্তুক অন্যায় কৰিছে । কিছুমানে পোক-পৰুৱা, এন্দুৰ-নিগনিকে ধৰি বিষাক্ত সাপ পৰ্যন্ত মাৰি খাইছে । তেনে পক্ষত ভগৱানে জানো শাস্তি নিদিয়াকৈ থাকিব পাৰে ?
কিন্তু, সাময়িক পৰিঘটিত ঘটনাসমূহ লক্ষ কৰিলে মনত নানান প্ৰশ্নৰ উদয় হয় । যাক এৰাই চলিব নোৱাৰি ।
ক’ৰনা ভাইৰাছ (CoVid 19) সঁচাকৈ এক প্ৰাকৃতিক দুৰ্যোগ নে ? নে এয়া কোনো পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰ ? যাক বছৰ বছৰ নিয়োগ কৰি সৃষ্টি কৰা হৈছে । ইয়াৰ আঁৰত কোনো ৰহস্য লুকাই থকা নাইটো ? এয়া কোনো দুষ্কৃতিকাৰীৰ এই বিশ্ব ব্ৰহ্মাণ্ডত ৰাজ কৰাৰ সপোনৰ উদ্দেশ্যে সৃষ্টি কৰা ধ্বংস নহয়টো ? যি ধ্বংসই লাখ লাখ মানুহক মৃত্যুৰ গৰাহলৈ ঠেলি দিছে । যাৰ ফলত বিশ্বৰ প্ৰায় সংখ্যক দেশ নানান সমস্যাৰ সন্মুখীন হৈছে । আৰু হয়তো ভবিষ্যতে দুৰ্ভিক্ষৰো সন্মুখীন হ’ব পাৰে ।
এই ভয়ানক ক’ৰনা ভাইৰাছৰ লক্ষণসমূহ হৈছে — প্ৰচণ্ড মূৰৰ বিষ, উশাহ লোৱাত কষ্ট, কিডনী বিকল, নাকৰ পৰা অহৰহ পানী নিগৰা, অতিপাত জ্বৰ, চৰ্দি, কাঁহ আদি । যিহেতু, ইয়াৰ দৰৱ (antidose/vaccine) বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই । সেয়েহে এই ৰোগৰ পৰা নিজক ৰক্ষা কৰিবলৈ নিজে সাৱধানতা অৱলম্বন কৰাটো অতি জৰুৰি । ইয়াৰ পৰা বাচি থাকিবলৈ চাবোনেৰে ঘনাই হাত ধুব, বীজানুনাশক দ্ৰব্য ব্যৱহাৰ কৰি নিত্য ব্যৱহৃত সামগ্ৰী তথা ঠাই সমূহ পৰিষ্কাৰ কৰি ৰাখিব, সংক্ৰমিত ৰোগী আৰু লেতেৰা জীৱ-জন্তুৰ পৰা আঁতৰি থাকিব, অচিনাকি লোকৰ লগত আদান-প্ৰদান নাৰাখিব, গৰম পানী সেৱন কৰিব, আধা কেঁচা মাংস নাখাব আৰু প্ৰয়োজন সাপেক্ষে নাক-মুখ ঢাকি ৰখাকৈ মাস্ক ব্যৱহাৰ কৰিব ।
#Stay_safe ?
Thankyou.