……✍পল্লৱী বৰ্মন…..
খিৰিকীৰ লগতে একোজন ব্য়ক্তিৰ কিমান যে “স্মৃতি” জড়িত হৈ থাকিব পাৰে । খিৰিকীৰে সোমাই অহা এজাক দীপ্ত ৰ’দত নিহিত হৈ থকা সপোনৰ মাজতেই যেন বিচাৰি পোৱা যায় জীৱনৰ আচল মাদকতা । বাঁহ-বেতেৰে সজা খেৰিঘৰৰ সেই খিৰিকীখন আৰ্ু শিল, বালি, ইটা, লোহা, চিমেণ্টেৰে সজা খিৰিকীখনৰ মাজত যে কিমান “পাৰ্থক্য়”?এই বাহ্য়িক খিৰিকীখনৰ পৰিৱৰ্তন কোনো ডাঙৰ কথা নহয় । আটাইতকৈ ডাঙৰ কথা হ’ল “মানুহৰ মনৰ খিৰিকীৰ পৰিৱৰ্তন হোৱাটোহে ।
বৰ্তমান কাৰোৱেই সময় নোহোৱা হৈ গ’ল খিৰিকীৰ কাষত এবাৰ থিয় হৈ খিৰিকীৰ বাহিৰত থকা মানুহ চাবলৈ, মুকলি ঠাইলৈ চাই কল্পনা কৰিবলৈ, খিৰিকীৰে এজাক দোপালপিটা বৰষুণ চাবলৈ । তথাপি মনত সংগোপনে এটি ভাবে বাৰে বাৰে আমনি কৰে যেন বৰষুণৰ অলেখ টোপাল সৃষ্টি কৰা সমবেত শব্দবোৰ “মনৰ খিৰিকীত সদায় সজীৱ হৈ থাকিব ।
নিষ্ঠুৰ শব্দই বিষাক্ত কাড়ৰ দৰে শুনোতাজনৰ হৃদয় দগ্ধ কৰে । নিষ্ঠুৰ শব্দই অহনিৰ্শে তেওঁলোকক যন্ত্রণা দিয়ে । জ্ঞানী মানুহে সেইকাৰণে কেতিয়াও নিষ্ঠুৰ শব্দ মুখলৈ নানে । কাড়ে বিদ্ধ কৰা বা কুঠাৰেৰে কটা গছৰ পৰা আকৌ নতুনকৈ ডাল-পাত ওলায় । নিষ্ঠুৰ শব্দই সৃষ্টি কৰা ভয়ংকৰ আঘাত কেতিয়াও প্ৰশমিত নহয় ।
পল্লৱী বৰ্মন
সংস্কৃত বিভাগ
স্নাতকোত্তৰ ২য় ষাম্নসিক
নলিনীবালা দেৱী ১নং দুমহলীয়া ছাত্রীনিবাস