…..সৌৰভ মহন্ত……
“সঁচাকৈ প্ৰেমেহে জানে প্ৰেমৰ ঠিকনা”…প্লাৱনৰ ছেমিষ্টাৰ ব্ৰেক শেষ হ’বলৈ কেইটামান দিন বাকী | বিশেষ কামত সি দেউতাকৰ লগত তাৰ দেউতাকৰ ভনীয়েক সমন্ধীয় পেহীয়েক এগৰাকী ঘৰলৈ যাব লগা হ’ল | পেহীয়েক ঘৰত উপস্হিত হৈ সি গম পালে যে ,সেইদিনা ৰাতিলৈ সেই গাৱৰ ৰাজহুৱা নামঘৰত এভাগ ভাওনা প্ৰদশন হোৱা কথা | প্লাৱনে সিদ্ধান্ত কৰিলে যে সি সেইদিনা ৰাতি তাতে থাকিব আৰু দেউতাক ঘূৰি আহিব | গধূলিলৈ পেহীয়েক হতৰ পৰিয়ালৰ লগতে প্লাৱনো আহি নামঘৰত উপস্হিত হ’ল | তেনেতে প্লাৱনে এগৰাকী চুলি মেলা গাভৰু দেখা পালে পিছফালৰ পৰা | তেঁও তেতিয়া চাহ বনায় আছিল | সি তেঁওক নেদেখাকৈ বুজি পালে হয় সেয়া তাৰ ভাল লগা ছোৱালীজনী | যাৰ কথা ভাবি ভাবি সি গোটেই ছেমিষ্টাৰ ব্ৰেকটো পাৰ কৰিব হ’ল | তাই এবাৰ তাৰফালে ঘূৰি চাইছিল আৰু পুনৰ নিজৰ কামত ব্যস্ত হৈ পৰিল | অলপ সময়ৰ পিছত তাই তাৰ পৰা গুছি গৈছিল |
সময় সন্ধিয়া আঠমান বাজিছে | ইতিমধ্যে গাৱৰ ভালেমান খিনি ৰাইজ আহি ভাওনাঘৰ ভৰাই তুলিছে | অলপ সময়ৰ পিছতে গায়নৰ ধ্বনিয়ে ভাওনা আৰম্ভ হ’ব | প্লাৱনে অপেক্ষা কৰিছে আৰু মনতে ভবিছে তাই বাৰু ভাওনা চাব নে?ভাওনা আৰম্ভ হৈ গৈ থাকিল | তাইক পুনৰ তেতিয়ালৈকে দেখা নাই | এনেদৰে এঘণ্টা মান পাৰ হোৱা পিছত হঠাৎ প্লাৱনৰ চকু পৰিল তাইৰ ওপৰত | তাইটো তাৰ ওচৰতে থিয় হৈ ভাওনা উপভোগ কৰি আছে | তাৰ সবশৰীৰ কপি উঠিল | সি তাইক এইবাৰ নামটো সুধিম ভাবিলে | কিন্তু সি মাত লগাব লঁওতে তাইক কোনোবাই মাতিলে আৰু পুনৰ তাই তাৰ পৰা গুছি গ’ল | প্লাৱনে তাতে ঠিয় হৈ ভাওনা চাই থাকিল বহু সময়লৈকে | তেনেতে তাক এজন মানুহে তাক মাত লগালে,সেৰা ভাইটি আহা ইয়াতে বহিবা | প্লাৱনে গৈ চকি এখনত বহিল আৰু ভাওনা চোৱাত মগ্ন হ’ল | মাজে মাজে তাৰ চকুজুৰিয়ে সেই চিনাকী চকুদুটা বিচাৰি থাকিলে |মাজনিশা পাৰ হ’ল | ভাওনা শেষ হ’বলৈ আৰু এক প্ৰহৰ বাকী | হঠাৎ তাই আহি তাৰ ওচৰত খালী থকা চকী এখনতে আহি বহিলহি | প্লাৱনৰ মুখত মাত কথা নাইকীয়া হ’ল | সি ইমান নাৰ্ভাছ কৰিলে যে সি ভাওনা চাবয়ে পাহৰি গ’ল | হঠাৎ তাই তাক মাত লগালে “চাহ খাব নেকি আপুনি?”প্লাৱনৰ ইমান ৰাতি খোৱা ইচ্ছা নাছিল যদিও তাই কথা পেলাব মন নোযোৱাত খাম বুলিয়ে কৈ পেলালে |কিছুসময়ৰ পিছত ভাওনা শেষ হ’ল অাৰু সকলো ঘৰাঘৰি গুছি গ’ল | প্লাৱনৰ মনতো আকৌ বেয়া লাগিল তাইক নেদেখা হোৱা পাছত | সিতো তাইৰ নামটো নুশুধিলে | পুনৰ আকৌ একেটা প্ৰশ্নৱে তাক হতবাক কৰিলে, “কোন আছিল তাই”? কিয় মোক ইমান আকুল কৰিছে |
…..পৰৱৰ্তী তৃতীয় খণ্ডত…..