…..সৌৰভ মহন্ত……
“বিষাদ ডাৱৰে ধাকে জীৱন আকাশ,
পোহৰৰ লেশ মাথো নাই
এখোজি দুখোজি কৰি ধীৰে ধীৰে দেহি
বাটৰুৱা যায় আগুৱাই |
পোহৰৰ লেশ মাথো নাই||
সময়ৰ সোঁতত পুৰণি স্মৃতিবোৰ পাহৰি জীৱনটো নতুনকৈ গঢ়াত একমনে লাগি গৈছে প্লাৱন | যেতিয়া তাৰ মনটোত দুখৰ ছৱিখনে ধাকি ধৰে তেতিয়া সি তাৰ মাক-দেউতাকৰ ছৱিখন মনলৈ আনে | তেঁওলোকৰ তাক লৈ বহুত সপোন দেখে | সি নাজানে তেঁওলোকৰ সপোনবোৰ বাস্তৱ কৰিব পৰিব নে নাই | তথাপিও একাগ্ৰতা আৰু নিষ্ঠাৰে নিজৰ কৰ্ম কৰি গৈছে | প্লাৱনহঁতৰ ক্লাছত নতুনকৈ এটা গ্ৰপ গঢ়ি উঠিছে | তাত বিবেক আৰু তাৰ বন্ধু অনুপম, চন্দন, সিদ্ধাৰ্থ, অভিলেষ, ৰীতা,জিলমিল, সুভাষনা আৰু সুচিতা | ইহঁত দহটাক সকলোৱে ঘাপলাজ নাম দিছিল | নিদিবনো কিয় ? যি কৰে একেলগে কৰে সিহঁতি | ক্লাছৰ শেষৰ বেঞ্চ দুখনত তাহাতিয়ে বহে সদায়, ক’ৰবাত মন গ’লে একেলগে ফুৰিব যোৱা, কেন্টিনত বহি একেলগে আদ্দা মৰা, বাইদেউ হোটেলত একেলগে lunch কৰা লগতে birthday পাৰ্টীবোৰটো আছেই | দিনটো এনেকৈ পাৰ কৰা পিছত সদায় আৱেলিলৈ প্লাৱন University ground ত ক্ৰিকেট খেলিবলৈ যায় | এনেকৈ তাৰ বহু কেইজন ল’ৰা লগত ভাল সৰ্ম্পক গঢ়ি উঠিছে | তাৰ পিছত সি ৰুমলৈ আহি মুখ-হাত ধুই পঢ়াত লাগি যায় | ৰাতি ১০ বজাৰ লগে লগে দেউতাকলৈ ফোন কৰাতো এটা অভ্যাস | নিজৰ দিনটো ব্যস্ত্ততা সামৰি নিশা মেফিলত বহি যায় | নতুনকৈ প্লাৱনে বাঁহীটো বজাবলৈ চেষ্টা কৰি আছে | অলপ অলপকৈ সুৰ বোৰ ওলাব ধৰিছে |
এনেকৈ তাৰ দিনবোৰ পাৰ হৈ গৈ আছে | এনেতে Auxesis ৰ সময় পালেহি | এইটো সিহঁতৰ ডিপাৰ্টমেনেটে আয়োজন কৰা Technical cum cultural Festivals | তাত সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰীয়ে আহি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে |যিহেতু এইবাৰ organise তাহঁতৰ batch টোৱে কৰিছে সেয়েহে সিহঁতৰ দায়িত্ব বহুত বেছি হৈছে | Auxesis ৰ সময়খিনি University খন চাব লগা হৈ পৰে | এফালে Robo War, Robotics Workshop আনফালে Lacture Series, Dance Compition, Rock band Compition এইবোৰ হৈ থাকে | Auxesis শেষৰ নিশা সিহঁতে এটা DJ night ৰো আয়োজন কৰিছিল | প্লাৱনে প্ৰাণ খুলি লগৰ লগত dance কৰিলে | মাজে মাজে বৃষ্টিৰ স্মৃতিবোৰ কুৱঁলীৰ দৰে তাৰ মনলৈ আহি থাকিল | তাৰ যে আজিকালি ভালপোৱা প্ৰতি অকনো বিশ্বাস নাইকিয়া হ’ল | সি কাকো সেই দৃষ্টিৰে চাব নোৱাৰা হ’ল |
“তোমাক লৈ দেখা সপোনবোৰে
আজি পাখি মেলি দিঠকৰ
ঠিকনা বিচাৰি উৰি ফুৰিছে |”
আগলৈ………