…..সৌৰভ মহন্ত……
কুঁৱলীৰ বুকু ভেদি অহা পুহমহীয়া ৰ’দ খিনি অমৃতৰ সমান | মেজিৰ কাৰণে খেৰ,নৰা,বাঁহ গোটাবলৈ গাৱৰ ৰাইজৰ লগতে প্লাৱনো ওলাই গৈছে | কেইদিনমানৰ আগতে পকাধানেৰে গিজ গিজাই থকা পথাৰখনৰ সৌন্দয্য সম্পূণৰূপে ম্লান হোৱা নাই | দূৰ দূৰণিলৈ বিস্তীৰ্ণ নৰাবোৰে অন্য এক সৌন্দয্য কঢ়িয়াইছে |
কাইলৈ মাঘ বিহুৰ উৰুকা | প্লাৱনহঁতৰ গাৱৰ লগতে পৰিয়ালৰ সকলো সদস্য ব্যস্ত ভোজ ভাতেৰে এসাজ খোৱাত | প্লাৱনৰ ৰিণি ৰিণি বৃষ্টিলৈ মনত পৰিছে যদিও ফোন কৰা অকণো ইচ্ছা যোৱা নাই | সি নিজকে ব্যস্তু কৰি ৰাখিছে ন-খনা ডেকা সকলৰ লগত | কিন্তু তাৰ মনটোৱে ধৈৰ্য্য ধৰিব নোৱাৰিলে | প্লাৱনে এইবাৰ বিহু খাবলৈ যোৱা অযুহাতত বৃষ্টিহঁতৰ ঘৰ পালেগৈ | এইবাৰে হয়তো তাৰ প্ৰথম বৃষ্টি ঘৰত প্ৰৱেশ কৰা | মাঘ মহীয়া ঠাণ্ডাও নেওচি সি সোমাই আহিল বৃষ্টিক লগ পোৱা হেপাঁহত | প্লাৱন সোমাই আহোতে বৃষ্টিক আগফালে দেখি তাৰ মনটো ভাল লাগি গ’ল | বৃষ্টি হয়তো সেই সময়ত অপ্ৰস্তুত হৈ উঠিছিল প্লাৱনক দেখি | কাৰণ প্লাৱনে কোনো খবৰ নিদিয়াকৈয়ে বিহু খাবলৈ আহিছিল | বৃষ্টিয়ে প্লাৱনক অতিথি শালাত বহিবলৈ দি পৰিয়ালৰ সদস্য বিলাকৰ লগত চিনাকী কৰি দিলে | প্লাৱনৰ পৰিৱেশটো অলপ আচহুৱা লাগিছিল | ভালপোৱা ছোৱালীজনীৰ ঘৰত এনেদৰে তাৰ বহি থকাটো তাৰ সপোণ যেন লাগিছিল | বৃষ্টিৰ মাক-দেউতাক, ভনীয়েকৰ লগত চিনাকী হৈ ভালে লাগিছিল | কিন্তু তাৰ বৃষ্টিক হে অলপ অচিনাকী নিচিনা লাগিছিল | সেইসময়তে সুধিব মন গৈছিল প্লাৱনৰ “ভাল পোৱা নে মোক?” নাই নোৱাৰিলে সুধিব | কিন্তু বৃষ্টিয়ে প্লাৱনক পদূলি মুখত বিদায় দিবলৈ আহি কৈ উঠিল
: প্লাৱন মই তোমাক ভাল পাব নোৱাৰো | মোক মাফ কৰি দিবা |
“মৰহিছে জীৱনৰ দুৰ্লভ মাধূৰী
নোৱাৰিলো আকাংক্ষা পূৰাব ;
আহিছে প্ৰাণত আজি ক্লান্তি অৱসাদ
দিয়া মোক শান্তিৰে জুৰাব
যাতনাত নিপীড়িত ওৰে জীৱনত
কঢ়িয়ালো য’ত আৱৰ্জনা,
বেদনা বিধুৰ মোৰ এই জীৱন..,বহুতো আৱেলি আৰু মই লগতে তোমাৰ কাৰণে নিৰিবিলি কল্পনাৰ মজিয়া বিচিত্ৰ কৰা কথা আলপনা |
:::::::::::::::::::::;:::::::::::::::::::::::::::::::::::::::::::::::
দুইমাহৰ পিছৰ এটা বন্ধ দিন | ৰাতিপুৱা সোনকালে উঠি প্লাৱন আৰু তাৰ ৰুমেট বিবেক কোঠাটো চাফা কৰাত লাগিল | আজি দুসপ্তাহে হ’ল চাফা নকৰা ৰুমটো |
: প্লাৱন তই বিচনাখন কিমান দিন পৰা নাই?
: কথা কৈইছ মই সদায় পাৰো দেই |
: হাঃ হাঃ
: হাঁহিব নালাগে আজি ভালকে চাফা কৰিম |
: কৰ কৰ সোনকালে চাফা ক’ৰ |
: আজি পৰা ৰুমট চেণ্ডেল ,জোটা সোমোৱা বন্ধ কৰিব লাগিব |
:এৰা ঠিকে কৈছ |
সেইদিনা সোমবাৰ আছিল | হোষ্টেলত ধম ধমাকৈ শিৱৰাত্ৰী পাতিছে | সেইয়ে হে দুই বন্ধুৱে সোনকালে ৰূম চাফা কৰি গা-পা ধুই গুৰু সেৱা কৰিব গ’ল | তেতিয়ালৈকে সিহঁতৰ লগৰ কেইবাজনো লগ পালে | সিহঁতৰ ৱালমেট অনুৰূপে য়ে দূৰৈৰ পৰাই মাত লগালে
: আজি আমি হাঁহিম নেকি?
: কি হে অনুৰূপ তুমি নাহাঁহা নেকি?
: নাই হাঁহিবলৈ পাহৰিয়ে গৈছো |
: হাঁহিয়ে জীৱন বন্ধু |
: ব’লা ওচৰৰে মন্দিৰ এটা আছে |তালৈক যাঁও…
:অ’ দুৱাৰাচুকৰ মন্দিৰটো |
: বৰ সৰু ৰাষ্টা এটা আছে Botanical garden ৰ কাষেদি |
: অ’ হয়নেকি, বহুত ভাল কথা তেনতে |
সিহঁত আটাইকেইটা বন্ধু গৈ মন্দিৰ পালেগৈ | প্লাৱনে সেইদিনা অন্তৰৰ পৰা ভগৱানক ভাবিলে | সি ভগৱানক বৃষ্টিৰ স্মৃতিবোৰ মুচি পেলাবলৈ প্ৰাৰ্থনা কৰিলে | তাৰ পিছত গোটেই কেইজন বন্ধুৱে প্ৰসাদ খালে | এটি শুদ্ধ মন লৈ সিহঁত নিজৰ নিজৰ কোঠা পালেগৈ |
“সময়ৰ প্ৰতিশোধ, কোনে বাধা দিব
জগতত অকলশৰীয়া ,
যাওক উঠি যেনি তেনি সোতৰ লগত
মেলি দিয়া নাও নাৱৰীয়া ||
আগলৈ…….