ভালপোৱাৰ অনুৰণন……(খণ্ড-৬)

…..সৌৰভ মহন্ত……

কল্পনা আৰু বাস্তৱৰ আলমলৈয়ে সপোনৰ জন্ম হয় | মানুহে সপোন দেখে, সপোনত কথা কয়, সপোনত হাঁহে, সপোনত কান্দেও | সন্মুখৰ প্ৰতিটো মূহুৰ্ত, নতুন নতুন অভিজ্ঞতা, নতুন দৃশ্য আৰু আশাৰ ৰেঙনীয়ে প্লাৱনৰ জীৱনটো পাৰ হৈছে | প্লাৱন আৰু বিবেকে একেলগে পৰীক্ষা বাবে অনুশীলন চলাইছে | তেনেতে অসীমো সোমাই আহিল কেইটামান doubt লৈ | প্লাৱনে তাক ধুনীয়াকৈ বুজাই দিলে | তেতিয়া হয়তো ৰাতি ১ বাজি গৈছিল | প্লাৱনৰ এটা ভাল অভ্যাস আছিল | সি সদায় পঢ়া সময়ত তাৰ মোবাইল টো অাতৰাই থয় | আজি গধূলিৰে পৰা পঢ়ি থকা কাৰনে হয়তো মোবাইল চোৱা হোৱা নাছিল | পঢ়া সামৰি বিচনাত প্লাৱনে মোবাইলটো চাঁওতে দেখা পাইছে বৃষ্টিৰ দুটা মিছ ক’ল | তাই ফোনটো তালৈ সন্ধ্যাতে কৰিছিল | কিন্তু প্লাৱনে silent mode কৰি থোৱা বাবে গমেই নাপালে | সি তাইলৈ এটা মেছেজ লিখিলে, মোৰ ফোনটো silent হৈ আছিল..I m sorry , good night.

ফাইনল পৰীক্ষালৈ মাজত মাত্ৰ দুটা দিন বাকী | এইকেইদিন হোষ্টেলটো Study Hub হৈ উঠিছে | সদাই ৰঙা লাইট জ্বলা ৰুমটোও উজ্বল পোহৰ দেখিবলৈ পোৱা গৈছে | সকলোৱে এটা চিন্তা কেনেবাকৈ All clear হৈ পাছ হৈ গ’লে হ’ল | গোটেই দিনটো পঢ়াৰ পিছত প্লাৱন আৰু তাৰ লগৰ কেইজনমান বন্ধু অভিনন্দন হোটেলত roll খাবৰ বাবে ওলাই আহিল | সিহঁতৰ মনবোৰ অলপ fresh হৈ উঠিছে | সি Gate ৰ পৰাই বৃষ্টিলৈ এটা ক’ল কৰিলে |

: Hello , কি কৰিছা বৃষ্টি ?
: মই মাক অলপ কামত সহায় কৰি দিছো |
: ভালেই কৰিছা, মাক-দেউতাকক যিমান পাৰি সহায় কৰিব লাগে |
: কাইলৈ পৰা তোমাৰ পৰীক্ষাৰো আৰম্ভ হ’ব নহয় | ভালকৈ পঢ়া |
: এৰা পঢ়িব লাগিব | তুমি নামভৰ্তি ক’ত কৰিম ভাবিছা?
: দুখন মানত entrance দিছো …ৰিজাল্ট নাই দিয়া |
: ডিব্ৰুগড়তে পঢ়িব গুছি আহা নহ’লে |
: ঘৰত ইমান দূৰত পঢ়িবলৈ পঠোৱা ইচ্ছা নাই |
: একো নাই য’তে পঢ়া ভালদৰে পঢ়িলে হ’ল |
: ওম…এতিয়া বেছি কথা নাপাতো ভালদৰে revision কৰিবা | bye l
: Bye

বৃষ্টিৰ bye শব্দটোৱে যেন প্লাৱনৰ হৃদয়ৰ কোনোবা এটা কোণত দুখ লগাই যায় | তাৰ ভালো লাগিছে বৃষ্টিৰ আন্তৰিকতা দেখি | এখম দুখনকৈ প্লাৱনে পৰীক্ষা দি গৈ থাকিল | বৃষ্টিয়ে তাৰ প্ৰতিটো পৰীক্ষাৰে মেছেজতে খবৰ ল’লে আৰু তাক উৰ্চ্ছাস দি গ’ল পৰীক্ষা সমূহ ভালদৰে দিবলৈ | প্লাৱন এক মাহৰ নেৰানেপেৰা কষ্ট, Assignment, Engineering drawing, Machine Shop,Welding Shop আদিৰ পৰা আজি মুক্ত |আজি হোষ্টেলত পৰীক্ষা শেষ হোৱা আনন্দৰ লগতে লগৰ কেইবাটাৰো pending birthday ৰ পাৰ্টি আয়োজন কৰিছে | সকলোৱে আজি একেলগে আনন্দ কৰিব, মতলীয়া হ’ব নিচাৰ ৰাগিত |

প্লাৱনে পাৰ্টি আৰম্ভ হোৱাৰ আগতে বৃষ্টিলৈ ক’ল কৰি বহুত দেৰি কথা পাতিলে | সিহঁতে কি ভাল পায় ,কি বেয়া পায় ,কাৰ কি ৰং প্ৰিয় ইত্যাদি | বৃষ্টিয়ে কথাৰ মাজতে তাইৰ জয়সাগৰ মহাবিদ্যালয়ত অৰ্থনীতি বিভাগত admission লোৱা খবৰটো জনালে | জয়সাগৰ শব্দটো শুনি প্লাৱনৰ মনটো ভাল লাগি গ’ল | কিয়নো তাৰ ঘৰ কলেজ খনৰ ওচৰতে | প্লাৱনে বৃষ্টিক এদিন লগ কৰিব বুলি মনতে থিৰাং কৰিলে | কিন্তু বৃষ্টিক ইয়াৰ আগজাননী নজনালে | কথা পাতি থকাৰ মাজতে প্লাৱনৰ টেবুলত থকা Paulo Coelho ৰ “The Alchemist” কিতাপখনত চকু পৰিল | কিতাপখনৰ এটা quotes য়ে তাক সদায় আপ্লুত কৰিছিল | যিটো আছিল এনেধৰনৰ….

” When you want something , all the universe conspires in helping you to achieve it. Each thing has to transform itself into something better and to aquires a new personal legend untill, someday, the soul of the universe becomes one thing”.

আগলৈ……..

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *