ভালপোৱাৰ অনুৰণন…….(খণ্ড-১)

…..সৌৰভ মহন্ত……

এটি জোনাকি ৰাতি মুকলি আকাশৰ তলত বহি প্লাৱনে জোনবাই তোলৈ চাই আছে | হঠাৎ পপীয়া তৰা এটা তাৰ সন্মুখত আহি নাইকিয়া হৈ গ’ল | চকুদুটা মুদি লগত থকা তাৰ বাঁহীটোৰ সুৰত সি বিলীন হৈ গৈছে | এঁও প্লাৱন মহন্ত, বৰ্তমান ডিব্ৰুগড় Universityৰ ইঞ্জিনীয়াৰিঙৰ শেষৰ ছেমিষ্টাৰৰ ছাত্ৰ | ছেমিষ্টাৰৰ বিৰতি বাবে এইকেইদিন ঘৰতে আছেহি | আজি ঘটি যোৱা এটা ঘটনায়ে তাৰ মনত আলোৰণৰ সৃষ্টি কৰিছে | মনত তাৰ অতীতৰ কথাবোৰে আমনি কৰিছে | হঠাৎ তাৰ মনলৈ আহিল সেই প্ৰথম দিনটো,যিদিনা সি তাৰ ভালপোৱা ছোৱালীজনীক প্ৰথমবাৰৰ বাবে লগ পাইছিল |সেয়া আজিৰ পৰা তিনি বছৰৰ আগৰ কথা | সেইদিনা আছিল আঘোন মাহৰ এটা দেওবাৰ | প্লাৱনেও মাক-দেউতাকৰ লগত পৰিয়ালৰ খুড়াক এজনৰ বিয়া খাবলৈ গৈছিল | বিয়া ঘৰলৈ এজন দুজন মানুহ অহা আৰম্ভ হৈছিল | তেনেতে তাৰ চকু পৰিল এজনী মৰম লগা ছোৱালী | তাইক দেখোতে তাৰ এনেকুৱা ভাৱ হ’ল সি তাইক বহুত আগৰ পৰা চিনি পায় | কিন্তু সি তাইক আগতে কেতিয়াও দেখা নাই | কথাই কথাই বিয়া ঘৰত থকা বন্ধু এজনক কৈয়ে পেলালে “তাইক মোৰ ভাল লাগিছে” | গধূলিলৈ ছোৱালীজনী ঘৰৰ মানুহৰ লগত বিয়া খাই গুচি গৈছিল | কিন্তু প্লাৱনৰ মনত তাই ছৱি খন বহুত দেৰিলৈকে ভাঁহি আছিল | তেওঁ সেই সময়ত ভগৱানক মনৰ পৰা ভাবিলে ‘তাই কোন হয়,ক’ত থাকে,কি কৰে,মই একো নাজানো,তেঁওক মোৰ মনৰ পৰা ভাল পাই পেলাইছো,মোক তেঁওক লগ কৰাই দিয়া”|

 

…..পৰৱৰ্তী দ্বিতীয় খণ্ডত…..

 

(Quarentine সময়ত লিখি থকা উপন্যাস খনৰ ভূলবোৰ শুদ্ধৰাই ,আগবঢ়াই নিয়াত সহায় কৰে যেন)

লেখক
সৌৰভ মহন্ত
৮৬৩৮৪২৮৮৪৮

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *