…..সৌৰভ মহন্ত……
ৰাতি তেতিয়া ১১:৫৫ হৈছে | প্লাৱন আৰু বিবেকে গীটাৰ খন লৈ বেলকনিত গান গুন গুনাই আছিল | হঠাৎ সিহঁত উচপ খাই উঠিল | অভিনৱ আৰু তাৰ বন্ধু দুজনমানে সিহঁতক বাল্টিৰে পানী ঢালি দিলে | ইফালৰ পৰা চিঞৰ বাখৰ শুনিবলৈ পোৱা গৈছে আৰু পানী ঢাল |
“ঔ ৰুমৰ পৰা ওলা হৃদয়” | নাই সি নোলায় | তলৰ মহলতো একে অৱস্থা | সেইদিনা হোষ্টেলত দুটা ল’ৰাৰ জন্মদিন আছিল | দ্বিতীয় মহলাত হৃদয়ৰ আৰু প্ৰথম মহলাত হিৰণ্যৰ | শেষত হৃদয়ে দুৱাৰ খুলি দিলে | তাক সকলোৱে টানি নি হোষ্টেলৰ তল পোৱালেগৈ | হৃদয় আৰু হিৰণ্য এতিয়া হোষ্টেলৰ তলত অসহায় ভাৱে বহি আছে | কোনোবাই পানী ঢালিছে, কোনোবাই কণী ভাঙিছে, কোনোবাই আকৌ জাৱৰৰ বাল্টিকে আনি birthday boy ৰ গাত ঢালি দিছে | তাৰ পিছত দুয়োটা মহলৰ ইটোৱে সিটোলৈ পানী ঢালিবলৈ লাগি গ’ল | যেন পানী ফাকুঁৱা হে পালন কৰিছে | সকলোৱে আপোন পাহৰা হৈ চিঞৰিছে | গোটেই হোষ্টেলটো কেৱল পানী আৰু পানী |
ৰাতি তেতিয়া ৩:৩০ হ’লগৈ | পৰিৱেশটো শান্ত হৈ পৰিছে | প্লাৱন আৰু তাৰ লগৰ কেইজন হোষ্টেলৰ বাহিৰতে বহি আছে | প্লাৱনে তাৰ বন্ধু বিবেকক ক’লে
: মনটো ভাল লাগি গ’ল |
: এৰা মোৰো ভাল লাগিল|
: মই ভৱাই নাছিলো birthday boy তকৈ আগতে আমাক পানী ঢালিব বুলি |
: অলগদ্ধ কেইটা …
: ভালেই লাগিল পিছে সময়কণ উপভোগ কৰি |
: বেচেৰা দুটাই যিকেইটা মাৰ খালে |
:হাঃ হাঃ
: এনেকুৱা সময়বোৰ কেতিয়াও নাপাহৰো আমি।
: সময়ৰ সোঁতত এদিন অচিনাকি হয় যাম আমি, কিন্তুু এই moments বোৰ সদায় আমাৰ লগত থাকিব।
সিহঁতৰ আদ্দা মাৰি থাকোতে পুঁৱা হ’বই হ’ল | প্লাৱন আৰু তাৰ লগৰ বন্ধু কেইজনে University খন এপাক মাৰো বুলি ওলাই গ’ল | আকাশত তেতিয়া সূৰ্য্য উদয়ৰ আগজাননী দিছে | চৰাইবোৰো বাঁহৰ পৰা ওলাই আপোন পাহৰা হৈ চিঞৰি ফুৰিছে | নাহৰৰ দেশ খন তেতিয়া হৈ পৰিছে এখনি সৌন্দৰ্য্য বাৰ্তিকা | লাহে লাহে B.Pharm ৰ সন্মুখে University ground ৰ কাষেদি সিহঁত আগবাঢ়িল | এটা সময়ত সিহঁত গৈ ৰংঘৰৰ ওচৰ পালেগৈ | তাৰ পিছত সিহঁতি Canteen no.3 হৈ PGH পালেগৈ | তাতে অভিনৱে তাৰ প্ৰেমিকা ক লগ ধৰিলে | সিহঁতক লগ কৰা দেখি প্লাৱনৰ হঠাৎ বৃষ্টিলৈ মনত পৰি গ’ল | সিহঁত লাহে লাহে আগবাঢ়ি জ্যোতি বাটচৰা পালেগৈ | তাতে সিহঁতি Night Duty ত থকা অমৰ দাক লগ পালে | দুটামানে তেঁওৰ ওচৰৰ পৰা ছাদাৰ সোঁৱাদ ল’লে | সময় তেতিয়া ঠিক পুৱা ৫:৪৫ মান হৈছে | সিহঁতে Duiet গেট হৈ হোষ্টেল পালেগৈ | ৰুমত সোমাই প্লাৱন আৰু বিবেকে নিজৰ নিজৰ বিচনাত জঁপিয়াই পৰিল | দেওবাৰ হোৱা বাবে সিঁহতি দুইটাই আপোন মনে শুই পৰিল | আৱেলি লগৰ কেইটায়ে খেলিবলৈ দুৱাৰত knock কৰাত হে দুয়ো বন্ধুেৱে সাৰ পালে | দুয়ো সাৰ পাই ভোকত বাইদেউৰ দোকান পালেগৈ | বাইদেউ কেনেবাকৈ কিবা কৰি দুয়োটাকে খাব দিলে | দুয়োটায়ে ভোকত তৃপ্তিৰে আহাৰ গ্ৰহন কৰি পিকু দাৰ দোকানত পাক এটা মাৰি হোষ্টেল পালেগৈ | এনেতে দেখিলে হোষ্টেলৰ ৱাডেনে এখন মিটিং দিছে | সকলো প্ৰৰ্থনা হ’লত থিয় হৈ আছে | যোৱানিশা চিঞৰ বাখৰৰ Complaint লৈ ওচৰৰ মানুহ আহিছে | ৰ্ৱাডেনে সিহঁতক সৰ্তকবাণী শুনালে | এয়া সিহঁতৰ বাবে কোনো নতুন কথা নহয় | হোষ্টেলৰ ৰ্ৱাডেন জন University কোৱাটাৰত থাকে | সেয়েহে হোষ্টেলটো এতিয়াএৰাল ছিগা গৰু নিচিনা হৈ পৰিছে | ৰ্ৱাডেন ছাৰ গৈ গেট পাৰ হ’ব পালে কি নাপালে এজনে চিঞৰিলেই কোনে কোনে Counter strike খেলিব Dining হ’ললৈ আহ… প্লাৱন মাত লগালে… Inferno খেলিম আজি…।।
আগলৈ…..