ভালপোৱাবোৰ আগৰ দৰে নিবিছাৰিবা

……কমল দত্ত………গুৱাহাটী বিশ্ববিদ্যালয়…….

(“ফৈজ আহমদ ফৈজ”ৰ কবিতা “মুজছে পহেলি চি মোহব্বত”ৰ আলম লৈ)

ভালপোৱাবোৰ আগৰ দৰে নিবিছাৰিবা ।

সময়বোৰ আগৰ দৰে হৈ থকা নাই ।

জানো

আগতেও দিনান্তবোৰ ভাগৰুৱা হৈছিল

তথাপি

তোমাৰ হাতত ধৰি

নৱগ্ৰহৰ পাহাৰৰ ওপৰৰ পৰা

জুমি চাইছিলো আকাশ ।

পোহৰ ভৰি পৰিছিল চকুত

আকাশীগংগাৰ নৱৰুণ ।

চান্দমাৰিত তোমাক এৰি অহা পৰত

চকুলোত ভিজিছিল বৰষুণ ।

তাৰ সমসাময়িক সমাজৰ প্ৰতিটো দুখ কষ্ট

হেলমেটৰ কাচেৰে পিছলি সৰিছিল ।

তোমাৰ চকুতেই মাথো সাঁচি থৈছিলো

গ্ৰহ,নক্ষত্র

সমস্ত ।

এতিয়া আৰু সেই দিন নাই

বন্ধ আকাশৰ কাৰাগাৰত

তেজ আৰু ঘাম মিহলি

দুৰ্গন্ধত কপি থাকে উশাহৰ মাত

মই দুৱাৰ বন্ধ কৰাৰ চেষ্টা কৰো

চেষ্টা কৰো

কোনো চিঞৰ আহি কাঢ়ি লৈ নাযাওঁক

আলমাৰিত সজাই থোৱা গালিবৰ কিতাপ

আজি তুমি শুই আছা কাষতে

তথাপি চকু বাৰে বাৰে কিয় গৈ আছে

খিৰিকীৰ সিটো পাৰৰ নগ্নতাত

মিছাৰ ৰং আছুতীয়া কৰাৰ হাবিয়াসত

ক’লা পৰা ওঠ

শুকান চুমাত আগৰদৰে নিয়ৰ নিবিছাৰিবা

সময়বোৰ আগৰ দৰে হৈ থকা নাই

ভালপোৱাবোৰ আগৰ দৰে নিবিছাৰিবা ।

 

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *