….অভিলাষ দাস…..গুৱাহাটী বিশ্ববিদ্যালয়…….
হেৰাবৰ বাবেই যদি ভালপোৱা,
তেনেহ’লে মই তোমাৰ প্ৰথম প্ৰেমিক ।
তুমি হালধীয়া শ্ব’ল এখনেৰে যে বতাহক জোকাই ফুৰা,
কিয় ! ময়ে জানো তেতিয়া নদীৰ সীমনাত
তোমাৰ লয়লাসৰ কবিতা নিলিখো ?
ভালপোৱা মানেই যদি হালধীয়া এজাউৰি বিষাদ
তেনেহ’লে ময়েই সেই
সৰিয়াহ আবেলিৰ দাৰ্শণিক প্ৰেমিক ।